Written by sdblogs2011 7:02 pm Poems

চহৰখন গাঁৱলৈ লৈ নাহিবা

ৰণ্‌জিত গগৈ

কোনোটোৱে ক’তো একেদৰে একে হৈ থকা নাই

খতিখনহীনভাৱে বলিয়েই আছে চিনাকী বতাহজাক অচিনাকি হৈ

পুৰণিকলীয়া মানুহবোৰ এজন এজনকৈ ধূলি আৰু ধোঁৱাৰ স’তে

হঠাৎ নোহোৱা হোৱাৰ পৰাই বুকুখনৰ ক’ৰবাত কেনেকৈ

শূন্যতাই বহলাই বহি ল’লে বুজাব নোৱাৰোঁ৷

গাঁওখনৰ বুকুৰ পৰা গাঁওখন গুচি গৈছে ক’ৰবালে

কেতিয়াবাৰে পৰা৷ চহৰখন চহৰৰ পৰা ক্ৰমে ক্ৰমে গাঁওমুখী হোৱালে চাই

এনে লাগে যেন মানুহমখাকে হেৰুৱাই পেলাম কাহানিবা

মৰিবলেও জীৱলেও সঁচ নাভাবি আৰুনো কি ভাবিব পাৰি?

জীপাল আৰু উমাল মানুহবোৰে এদিন ঠাহ খাই থকা গাঁওবোৰৰ

কোনোবা কোণত বহিও সজীৱ আৰু দুৰন্ত ডেকাৰ দৰেই

মেৰাই-মহতীয়াই আছিল প্ৰতিজন আবাল বৃদ্ধ-বণিতা৷

চহৰৰ বুকুত নিতে ওখ ওখ হৈ অহা কংক্ৰিটৰ ঘৰবোৰত

মুকলিমুৰীয়া মানুহবোৰৰ উশাহবোৰ পোহনীয়া বিদেশী কুকুৰবোৰৰ দৰেই

ক’ৰবাত বন্দী হৈ ৰয় চেগা-চোৰোকাকৈ৷ চকু চাট মাৰি অহা 

চৌখিন ছিখ্‌লাজনীৰ দৰেই সাজিছে আৰু সজাইছে নিজকে নিজে

ফালি ছিৰি এটা সপোন৷ উঃ যি আছিল কিমান আপোন

যান্ত্ৰিকতাই কেউফালেৰে চেপি-খুন্দি আনোতে আনোতে

আমি মখাচোন ক’ত এদিন ছেদেলি-ভেদেলি হৈ

নিশ্চিহ্ন হৈ পৰিম বুজাব লাগে নে বুজিব লাগে?

বাৰুকৈয়ে বতাহ এজাক বুকুলৈকে বলা নাই বুলি

কেনেকৈ নভবাকৈ নিবোকা হৈ থাকিব পাৰোঁ

থৰ্‌থৰণি এটাই যেতিয়া বুকুত অহ্‌ৰহ কঁপনি এটা তুলিয়েই থাকে

জীয়া কেঁচা যন্ত্ৰণাৰ শৃংখলা এটাৰে লুতুৰি-পুতুৰি হৈ

এই পাৰ হৈ আহিলোঁ কি নাই, জীৱনৰ নতুন আদিপাঠ এটা লৈ

আমি জানো পোহৰ হ’ব পাৰিম নে পোহৰাই ৰাখিব পাৰিম

কাৰোবাৰ জীৱনৰ এফাল৷

কোনো আঁচনি নাই আমাৰ জীৱনৰ তুলাচনীত

গাঁৱৰ পদুলিবোৰত সেমেকা ধূলিৰ গোন্ধ এটাই

বুকুত সৰিয়হ ফুলা পথাৰৰ ছবি এখন হৈ

চিক্‌চিকিয়া কৰি তোলে আবেলি আবেলি

এটা সময়ত, এনেকুৱা দিনবোৰেই আমাক সজাই-পৰাই

চৌখিন কৰি তুলিছিল, যিবোৰ আছিল আমাৰ সাতামপুৰুষীয়া

চহৰখন চহৰতে থাকক৷ ঘৰখন উদং কৰি

কি উকি মাৰিবা? চোতাললৈকে চহৰময় এতিয়া

চপলা পথাৰখন

সকলো গাঁৱেই পোহৰ হওক

বাট-পথ, ধূলি-বালি জিলিকি উঠক পোহৰৰ বদান্যতাৰে

আৰু চহৰৰ চিক্‌মিকনিবোৰ চহৰতে থাকক

গাঁৱৰ পৰাই ঠন ধৰি উঠক গাঁওবোৰ৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close