Written by sdblogs2011 8:11 am Poems

চম্পা

মনোজ নেওগ

চেঁচা। সাবটি শুবলৈ মানুহৰ গাৰ দৰে কাঠৰ তাপ নাই।

মানুহ। কাঠ। অৰণ্যত মৰাগছৰ ঠাণি কঁপাই কৰতীয়াল বতাহ।

অযথা হেজাৰ মাত হেৰোৱা দিনত হাজিৰাৰ খীণ মাত এটা

শিলিখা সোৱাদৰ এটা মাত

— চম্পা অ’, নিৰাপদ নহয় নগৰ। শলখা দিয়া দুৱাৰ। পোহৰতে ঘূৰিবি। জানই নহয় অথাই জীৱনৰ অ’লৈ-ত’লৈ ভৰি।

 …

আপুনি জানেনে  

কৈ মৰা মানুহ এনেকৈ কিয় মৰে নকৈ

 …

চকুলৈ চালোঁ ঘৰশূন্য পোহৰ

বুকুলৈ চালোঁ, ৰুকি খোৱা দুফাল বেল

চম্পা নুফুলা এদিন

নৰ্দমাৰ পানীত চম্পা ফুলি আছিল

একোটা মাখি যেন একোখন যুঁজাৰু বিমান

চেঁচা! কাছুটি হেৰুওৱা বুঢ়ী এজনীয়ে মাটিত বাগৰি চিঞৰি আছিল

‘‘সাবটি শুবলৈ চম্পাৰ লগতে মোকো জুই একুৰা দে!’’শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 4 times, 1 visit(s) today
Website |  + posts
Close