Written by sdblogs2011 10:16 am Poems

ঘৰ

 কৌস্তুভমণি শইকীয়া দত্ত

দুৱাৰ খিৰিকী নথকা ধোবাংবাং ঘৰ

আকাশ এখন তাত সোমাই থাকে

তুমি এদিনলৈ চৰাই হ’ব পাৰিবা

মোৰ ঘৰলৈ আহিবা।

বানে বুৰাবলৈ একো নাই তাত

এখন নদী চাদৰ হৈ বৈ আছে শয্যাত

তাত শুই তুমি এদিনলৈ বৈ যাব পাৰিবা

মোৰ ঘৰলৈ আহিবা।

তাত সময় চাবলৈ ঘড়ী নাই কেলেণ্ডাৰ নাই

মাথোন আছে এখন আত্মমগ্ন পৃথিৱী

এদিনলৈ তুমি পাহৰি যাবা বয়স

মোৰ ঘৰলৈ আহিবা।

তাৰ আখলত আহাৰ আৰু পানী নাই

ভোকত ভালপোৱা পিয়াহত চকুলো খাই

এদিনলৈ ল’ব পাৰিবা জীৱনৰ স্বাদ

মোৰ ঘৰলৈ আহিবা।

মোৰ ঘৰৰ বেৰত সনা নাই কোনো ৰং

নিজেই লৈছে সুখ আৰু দুখৰ বৰণ

গাত এদিনলৈ সানিব পাৰিবা অনুভৱৰ ৰং

এপাক আহিবা মোৰ ঘৰলৈ ।

***

ফোন : ৯৯৫৭৫৬৯১৯৮

Visited 5 times, 1 visit(s) today
Website |  + posts
Close