Written by sdblogs2011 4:20 am Poems

ঘোং কথা

প্ৰদীপ শইকীয়া

(ড° সুৰেশ চক্ৰৱৰ্তীৰ হাতত)মগজুৰ খোৰোঙত চোং লোৱা অহৰ্নিশে গোঁজৰা 
প্ৰাণীটো সৰীসৃপ নে  অসংখ্যপদী জনাৰ উপায় নাছিল

উপাৰ্জিত শোণিতবিন্দুৰ বহমান ধাৰাত তাৰ জিভা
মোৰ বয়সৰ সমান দীঘল

মুহুৰ্মুহুঃ উকলিয়ায়
জুই পোৰণি কাঁইট ভয় অস্থিৰতা কটা-ঘা চেঙা তেল

তাৰ এই লীলাবিলাস স্বাভিমান অনায়াস প্ৰবৃত্তিক
বাধা দিয়াৰ যুঁজখনত প্ৰায়ে পৰাজিত
অভিশপ্ত পদাতিক

ঘৰচীয়া কুকুৰে বাট দেখুৱাই স্বৰ্গলৈ লৈ যোৱা
ছবি হোৱা দেউতা জলাতঙ্কত ভুগিছিল

অসহনীয় দৃষ্টি খণ্ড-বিখণ্ড সেই দৃশ্য মাৰ নৌযাওঁতেই
কুমাৰণীৰ বাহ ভাগিল

আগছিগা গছ এজোপা ধুমুহাত থিয় হৈ থাকিল

এইবোৰ নাটক৷ বচন বিলাপ
আমনি লগা প্ৰমাদগ্ৰস্তক দেখিও নেদেখাৰ দৰে
এৰি যাব পাৰি

বেচেৰা ভূ-পৰ্যটক
চাবলৈ আহি ভূচিত্ৰাৱলী পৰিলহি ৰাতিৰ কূপত

বাৰ হাত তৰোৱাল তেৰ হাত ধাৰ
ধুৰ্

নিতৌ ভৰ্তিঅ’ক্সেটিন খাওঁ মেলাট’নিন গিলোঁ
মৃত্যুৰ ফেৰেঙনিত ওলমি থকা পুৰণি জৰীডাল আৰু নেদেখোঁ
সপোনতে বেলি উঠা দেখোঁ

চকু ঘোপা কৰি চাই থকা ঘোংটো যে মসৃণ কাপোৰৰ
জুইলগা বহুৱাই কাহানিবাই জনা হ’লে৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 6 times, 1 visit(s) today
Website |  + posts
Close