Written by sdblogs2011 4:09 am Articles

ঘোঁৰাবাঘ

অনুভৱ তুলসী
নান্দী
কটপ্‌ খটপ্‌ কটপ্‌ খটপ্‌গৰুৰ গাঁৱলৈ ঘোঁৰা অহা খবৰটোমৌন কৌতূহলত এক পূৰ্ণহতীয়া কোবথিয় চুলিয়ে কোনোমতে চম্ভালেঘোঁৰা আহেনিজৰে যন্ত্ৰ তাঙৰণ টানি টানিঘোঁৰা আহেএজ্ৰাৰ আজ্ঞা মানিআগমনৰ উদ্দেশ্য ঘোঁৰাই জানো জানেবিধেয় বোধগম্য হোৱালৈগাৰ ঘাম বাহিৰ হয়ঘোঁৰাই ঘাঁহ খায়খাওঁতে দাঁত নিকটায়মুখত উভং মাতএহাতে ববচাৰ আগচুলিত ধৰিএহাতে এজ্ৰাই খন্তি চলায়সেই ছেগতে ঘোঁৰাৰপেট আৰু দুই ঠেঙৰ মাজৰ অন্তেষপুৰতশ্যামবৰণীয়া চিকুণৰবিনা পইচাৰ প্ৰদৰ্শনীসেইপাট কি শৰকি ধনুত জুৰিবৰগোট গৰুৰ কল্পনাৰো অগোচৰদগা তৰ্জু আহুধানবহা মেলৰ অবসানধুতীৰ খোচনাৰপৰা ওলাইনতুন হাতৰ পৰশ পাইধনে চেঁকুৰ ধৰেধানেৰে গাভিনী বস্তা আৰু এজ্ৰাকনিজৰে যন্ত্ৰ তাঙৰণক উদ্দেশ্যিনীৰৱে গুঁজৰি-গুমৰিঘৰচীয়া ঘোঁৰাবাঘ
টমাচ
বেংকৰ গড়ালৰ জোখততোৰ মুখৰ বয়স আইনাতকৈ আগবঢ়াতোৰ চকু কোটৰত লুকুৱাহাতৰ ঠাৰি পয়ালগাআঙুলি পবালি পবালিদুই বৃদ্ধ ধেনুভিৰীয়াচুলি অসঞ্জাতীতই ভিতৰউদংজাবৰ পাঁচি যেন মূৰগোবৰত পিছলেআঘোণা কাগজত এজ্ৰাৰ কাঁচি চলেষ্টাৰ্নচ্‌
ছাইপ্ৰেছ গছ নামৰ মানুহজনৰ কথাচুলিৰ যতন লৈ ভালপোৱা গছৰ কথাএদিন এৰি এদিন মূৰ ধোৱা গছৰ কথাপোন্ধৰ কি কুৰি দিনৰ মূৰে মূৰেপাতত সতেজতা সনা গছৰ কথাথিয়ৈ থিয়ৈ সি ষোল্লৰ সাতঅনা শোৱেথিয়ৈ থিয়ৈ বৰলাৰ আবিয়ৈ টোপনিপোৰা মাছৰ পিটিকাৰ সমান সপোন দেখে,থিয়ৈ থিয়ৈ বাজনা থিয়ৈ থিয়ৈ বহুৱালিবহুৱাৰ বচনতকৈ সঁচা জেঠীয়েও নাজানেঅলপ পিছতে পাত মুজুৰা পৰেআকৌ তামৰঙী সতেজতা সানেএলিয়ট
বোপা এলিয়ট, তোক সদায় আগুৰি থাকেএজুম তিৰিয়ে যি মিকেলএঞ্জেলোৰ অঁকা ভালপায়আৰু তোৰ লেখাক কুৎসা ৰটনাৰে বুৰায়তোৰ ভ্ৰূক্ষেপ নাই সেইপিনেতই নাচ তই গাৱ সিহঁতৰ মৰদৰ বাবেওপুৰণি হাঁহিৰ সতে নতুনৰ তামাচাতই ফুচুৰি মেলত বহঅবান্তৰ দুখ-কষ্টক লৈ তোৰ গাজাখুৰিঅবান্তৰ ক্লেষ-কেলি,¸ শেষ যাৰ নাইবুদ্ধয়ো নেপালে যাৰ যতিপুৱাৰ প্ৰাৰ্থনা সভাতকৈজীৱন দীঘল নহওক –হুম মণিপদ্মে হুমঅনুতুল
ৰেজিষ্ট্ৰেচন ডেস্কত থকাজনে মবাইলতমুখৰ গোন্ধ আৰু কথা চোবাই আছিল, তেনেকৈয়ে,অগ্ৰগতিৰ ৰছিদ লিখি ক’লে, ‘আগে টকা,নহ’লে তই ডেণ্টিষ্টৰ তালৈ যাবই নালাগেএকে ঘোঁচাই সৰুৱাই দিব ময়ে পাৰোদাঁতৰ সমুদায় বিষ-বেদনা’ৰসাত্মক ৰবটৰ আগত এলিয়ট বেঙেমূতাএণ্ট্ৰি পইণ্টত থকাজনীয়ে জানেকোন আগ কোন পাছকোন কামৰ কিমান নিৰিখএজ্ৰাৰ লগত চুপতি তাইৰ সকাম নহয়তাইৰ কাম দাঁত-খৰিকা বেচাকল্যাণ
কাঁচিজোন দেখা পোৱা মনত আছেকাঁচিজোনেই যে পূৰ্ণচন্দ্ৰ হয়গৈ সি জনা নাছিলপূৰ্ণচন্দ্ৰই উন্মাদনা নিগৰায়কামকাতৰ লগনতহুচ নেথাকেকিন্তু ক’ততেওঁতো মৰি থাকিলপূৰ্ণচন্দ্ৰৰ ৰম্যবন বয়সততেজকনক জোনকফিনবেশত ক’ৰ দেশ ভ্ৰমিবলৈ গ’লএকোকে জনা নাছিল জনাৰ উপায়ো নাছিলনেচাও নেচাও বুলিও চাব লগা হ’লসৰুগাঁঠিৰপৰা ভৰি এখন সুলকি পৰাদুই আধৰা মণিৰাম-পিয়লিয়েআলফুলে তুলি ল’লেভূপতিত আঙুলি আধা পোৰা পূৰ্ণতলুৱাআৰু তেওঁ থিতাদহে দেশৰ দেহ ধাৰণ কৰিলেসেই দেহে ধূলি-বালিলৈ আৰু নাযাও বুলিআত্মাতীতত বাহ সাজিলেআকাশৰ দুটা চন্দ্ৰৰ এটাৰ চমকত মজিআনটোৰ ভমকলৈ পাহৰি থাকিলপাহৰা মেঘৰ চুবুৰিত আকৌ চন্দ্ৰোদয়একেই জেউতি অবিকল উদ্ভাসটুপ টুপ টিপলি পাণৰ পিপলিঅদ্ভুত ৰসৰ জুতিটমাচৰ চেঙালুটি 

অনুভৱ তুলসী
(টমাচ ষ্টাৰ্নচ এলিয়টৰ ‘দ্য ৱেষ্ট লেণ্ড’ নামৰ এশ বছৰীয়া ফটিকাৰ ৰাগীত)
১৪.১২.২০২১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close