Written by sdblogs2011 10:50 am Poems

ঘোঁৰা

অলকা মহন্ত বৰুৱা 

পিঠিত ডাৱৰৰ বোজা লৈ 
ঘোঁৰাবোৰ আহে 
শ্বেতকায় সময়ক বান্ধি থৈ 
নাচে…
দুফালে গৰ্জনহীন কাগজৰ বাঘ
সুযোগসন্ধানী

কেতিয়াবা ঘোঁৰাও হয় হিংস্ৰ
বেলি নপৰা দিনবোৰ গৰকি 
গুচি‍ যায় কদমত

 ঘোঁৰা ডাৱৰে পোহ নামানে 
সময়ৰ পিঠিত উঠি 
শূন্যত আঁকি যায় জীৱন নক্সা

লেকাম টনা ঘোঁৰা জুৱাত হাৰে 
মামৰ লগা ঘোঁৰা জীৱনত জিকে 

আচল ঘোঁৰাক লেকাম নালাগে….

ঠিকনা: বামুণীমৈদান, গুৱাহাটী—২১

Visited 2 times, 1 visit(s) today
Website |  + posts
Close