Written by sdblogs2011 4:20 am Poems

ঘাণ্টা!

বিনোদ চন্দ্ৰ বড়া

ঘাণ্টা বাজলেই সাবধান, ঘাণ্টা বাজলেই বিশ্ৰাম
পাতাই ঘাণ্টা, ছাতাই ঘাণ্টা
বাবু-ছৰ্দাৰেৰ ডাকে ঘাণ্টা
ঘাণ্টা মানেই চা-পানী
ঘাণ্টাৰ ঘেঁচাই হামি, হামদেৰ ঘেঁচাই ঘাণ্টা

নানা মৰলেই ঘাণ্টাৰ পিছে হামনি এখন কুদি
ভাত-কাপড়া, ফজিৰ-চানঝে ঘাণ্টাৰ আৱাজকেই শুনি
ঘাণ্টাই লাগে মাটিৰ পাট্টা, ফজিৰ-চানঝেৰ আটা
ঘাণ্টাই হামদেৰ বাপ-দাদা

একদিন নাকি বাপ-নানা পাগলা হৈ ৰহে ঘাণ্টাৰ ডাকে
শুখনা পাহাড় চইৰকে কুইদ ৰহে জাহাজেৰ দিগে
চাহাব বৰ’ মৰম কইৰকে একটা ঘাণ্টাৰ গানা দিল’
নানা মৰেক সময় ঐ জিনিচটা বাবা গলাই গেল’

বাজে ঘাণ্টা বাবা নাচে, বাবা কান্দে হাড়িয়া নিচা ফাটে
ঘাণ্টাৰ ডৰে বাবা মৰে, ঘাণ্টাই গাড়া কুঁড়ে

এখন বাবু কৌন লাগে নে ৰে!
চমাৰুকেৰ ছট’ বেটা অহে ঘাণ্টা চৰ্দাৰ
এই কাহানি নুতন লাগে হাততালি একবাৰ<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close