Written by sdblogs2011 7:25 am Poems

গৈৰিক ভৈৰৱ

 উদয় কুমাৰ বৰুৱা

ৰাতিৰ নীৰৱতা ভেদি

কোমল বতাহত ভাহি আহিছিল

সুৰৰ গৈৰিক ভৈৰৱ

সপ্তস্বৰত  মেৰখাই পৰিছিলো

অনুভৱৰ স্তৰে স্তৰে বিয়পি পৰিছিল

কি এক সোণালী জ্বালা

ৰাগৰ ছন্দে-ছন্দে এই আৰোহন এই অৱৰোহন

যেন গৈ আছো ল’ৰালিৰ ধুলিময়

প্ৰাচীন গো-বাটটোৰে

হিম হোৱা হাড়ৰ মজ্জাত

পমি গৈছিল সময়ৰ সমস্ত অস্থিৰতা

দূৰত

তোমাৰ মৌনতাৰ সিপাৰে

ৰূপালী নদীত সুৰবোৰ জোনাক হৈ সৰিছিল

জিৰ্‌ জিৰ্‌

জিৰ্‌ জিৰ্‌

(এদিন দীপক শৰ্মাৰ বাঁহীবাদন শুনি)

Visited 2 times, 1 visit(s) today
Website |  + posts
Close