Written by sdblogs2011 4:20 am Articles

গান্ধী পাৰ্কৰ

জয়ন্ত দত্ত

গান্ধী পাৰ্কৰ সোণাৰুজোপাত বাহ লোৱা
কপৌ এহালক হুৰাবলৈ আহি কাউৰী এজনীয়ে
পুৱাটোক খায়; তিনি কুৰি তেৰ বছৰে শিল হৈ থকা ৰখীয়াজনে তেতিয়াও কল খুৱাই থাকে তিনিটা বান্দৰক…

প্ৰথম হোৱাৰ পূৰ্ণ সম্ভাৱনা থকাৰ পাছতো মই
ৰৈ দিওঁ আৰু চেঁকুৰৰ পতি এৰি বাঁওফালে গুচি যাওঁ; য’ৰ পৰা এদিন শিল দি দি ওপৰলৈ নি শেষকণ পানীও শেষ কৰি উৰি গৈছিল কাউৰীজনী…

সো ফালে ৰমক-জমক
কুৰি মহলাৰ পৰা জাঁপ মাৰি দপ্‌দপাই লৰ মৰা ভৰিহালৰ চাতুৰীত মগন হৈ থাকোঁতে গমেই নাপায় পৰ্দাৰ সিপাৰে নায়কৰ দেহত যে আঁৱৰীয়া.

অতলত ছট্‌ফটাই থকা পুৱা এটাক উদ্ধাৰিবলৈ
সাগৰত নমা দদাই এদিন অন্ধ হৈছিল
সাগৰৰ ঐশ্বৰ্যত;  আৰু এদিন খাৰ পানীয়ে গাত অঁকা ওপৰচকুৱাৰ চকু কাঢ়িবলৈ ফুটছাই বিচাৰি খেৰ এপঁজালি জ্বলাবলৈ কওঁতে তেওঁৰ পাপৰ ভাৰ ল’ব খোজা নাছিল সেই ঐশ্বৰ্যত বিভোৰ আপোনবোৰে। তেতিয়াৰে পৰা দদাই গাঁৱৰ গান্ধী

মোৰ জীবনৰ লক্ষ্য এখন ৰচনা
মুখস্থ কৰি পৰীক্ষাত লিখি
দহৰ ভিতৰত দহ পোৱা…

ঠিকনা :

দ গাঁও নলনি খাতডাক

 : গৰখীয়া দ

‘লযোৰহাট

— ১৫

ভ্ৰাম্যভাষ: ৯৯৫৭৩০৯৪৬০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close