Written by sdblogs2011 5:08 am Poems

খিট ধেই খিট টাও

লুইত কিৰণ দাস

ঢোলে গুমেগুমায় অ’ সোণপখিলী,
এই যৌৱনতে ক’লৈ পলালি?
(পলাল নে বান?)
টেটৌ মাহীয়ে নাতিনীয়েকৰ বিয়াত কঁপাই দিছিল চোতাল
বানে-গানে মিলাই জমি উঠিছিল এটকীয়া আইৰ ৰাতি৷

সাত জাঁপ মাৰি পীতাম্বৰ পেহাই মৃদংগ খেলিছে
ষাঠিজোপা তামোলৰ মালিক পেহাদেউ।
কঁপাই তোল বৰপুখুৰীৰ পাৰ
নিজানৰ চকুৱেদি ককাই চাই আছে বাৰহটীয়া নাচ।

‘টাওঁ খিটা খিটি টাওঁ টাট্টাও খিটি টাওঁ…
ফাটি ওলাই অহা মৰা তেজ পি খাওঁ।
কঁকলীয়া পথাৰত নৰাপিন্ধা জ্বৰ। পেট বান্ধ পেট বান্ধ
ধান কাটি সিপাৰৰ মেঘনা দাই। আকাশৰ অসুখ চাবলৈ যায়।

‘সভাত প্রৱেশী কলিয়া কৃষ্ণকাই
ভোকত কলেমলায় কটহুৱা ৰাধেমাই
ঢলি পৰিল তজবজীয়া সেইহাল চকু লুটিয়াই দে নাট
চিকাৰি‍য়ে‍ শেলক গোলাপী তলুৱা

চাইটিয়া খাটিয়াখনৰ এহাল ভৰি হেৰাল
‘হুৰাও ৰাও হুৰ হুৰ…
কটানি মাটিত কাঁহিবন সুৰ।

চেৰা বিহুৰ বাকৰিত চকুপানী সৰিছে। কোন মনায়ে ভুকুৱাই কান্দিছে?

সিঁচি সিঁচি সোঁৱৰণিৰ পুখুৰী
অহা বাটেদিয়েই সকলো গৈছেগৈ। বৰঘৰৰ ঘড়ীটোত মাজনিশাৰ
ঘণ্টা বাজিছে…৷

ঠিকনা:অসমীয়া বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰভ্ৰাম্যভাষ- ৯১০১৮১৩১৭৯ শ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 2 times, 1 visit(s) today
Website |  + posts
Close