Written by sdblogs2011 5:19 am Poems

খালি ঘৰ

নৃপেন গোস্বামী

তৰাৰ পোহৰক পোহৰ নোবোলা কবিতাৰ খালি ঘৰত

শব্দৰ ঢৌ ছিটিকা খবৰ

পাটিদৈয়ে ছাঁ দিয়া পানীময় পুখুৰী কিম্বা 

বিলৰ কাষত 

বুজি পোৱা দিনত চেঙা উজায়

চেঙাক আপুনি কবিতাৰ ঘৰত বিচাৰিলে

পাব বুলি ভবাটো সমূলি ভুল নহয়

চেঙা এতিয়া আধুনিক কবিতাৰ পুৰণি অলংকাৰ

ৰাতি কালিকা লগা পুখুৰীৰ পাৰত মাছ চৰে

নাম মিছা যদিও মিছা মাছ নে

আৰু খালি ঘৰত শূন্যতাৰ শব্দ শুনি কবি ব্যস্ত

পোহৰৰ খিৰিকীৰে বাগৰি অহা চিত্ৰকল্প পঢ়াত

কবিৰ খালি ঘৰত ম’ৰাই চালি ধৰে

পাৰই দিয়ে ৰুণ

জাগতিক প্ৰতিটো ঘটনা কবিৰ

দৃশ্য-শ্ৰাব্য নাটক

কবি হেৰোৱা বহু কথা এতিয়া কিতাপে কয়

কিন্তু নিখোজ কবিৰ খবৰ মাথোঁ হৃদয়ত

খালি ঘৰটোক নকন্দাকৈ ৰখাটো

মোৰ প্ৰথম কাম

খালি ঘৰটোলৈ আপুনি অকলশৰে আহিব

কলম-কাগজ আপোনাৰ সংগী নহ’লেই

ঘৰৰ মালিক সুখী

আৰু আপুনি খালি ঘৰৰ কবিতা পঢ়িব

ঠিকনা : দুলীয়াজান

ফোন :  ৯৪৩৫৪২৬১৬৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close