Written by sdblogs2011 10:38 am Poems

খবৰ

 উজ্জ্বল স্মৰণ দত্ত 

চিলনীয়ে  থপিওৱাদি

খবৰদাতাক খবৰে টানে ।

খবৰৰ বাবেই খবৰ বাঢ়ে

খবৰবোৰ  খবৰ থকালৈহে খবৰ ৷

চানাচুৰ খবৰত

বেমাৰ বাঢ়ে পুৰণি চহৰখনৰ ৷

সাত ইঞ্চি দৰত বিক্ৰী হয় খবৰদাতাৰ খবৰ

ৰাখে কোনে তাৰ খবৰ

পেটৰ পোৱে নাৰাখে খবৰ ৷

মাটিত ভৰি নথকা সময়ৰ খবৰ

আদা বেপাৰীয়ে নাৰাখে জাহাজৰ খবৰ ৷

ধলত পথাৰ হেৰুওৱা জকাইচুক গাঁৱৰ

হেৰম্ব কাইটিৰ লয় কোনে খবৰ ?

আকাশ হেৰুওৱা মানুহগৰাকীৰ

লওঁ বুলি খবৰ এটা লোৱা নহয় ৷

খবৰ ৰখাসকলেও নলয়

খাটি খোৱা দহৰ খবৰ ৷

ঠিকনা :

সাপেখাতী

 ভ্ৰাম্যভাষ : ৮৭৬১৮১৪৪৯৬

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close