Written by sdblogs2011 5:05 am Poems

কোলাহল

 যশোৱন্ত নিপুণ

যিদিনাই মই সচেতন হ’বলৈ শিকিছিলোঁ,

আৰু শব্দবোৰৰ অৰ্থ বুজিবলৈ আৰম্ভ কৰিছিলোঁ,

ঠিক তেতিয়াই ঘটনাটোৰ আৰম্ভণি হৈছিল,

এটা কোলাহলে মোক খেদি ফুৰিছিল অহৰ্নিশে ৷

অথচ মোৰ প্ৰয়োজন আছিল সামান্য,

বিচাৰিছিলোঁ মাত্ৰ অলপ নীৰৱতা, শান্তি, নিঃসঙ্গতা,

কোনো কোলাহলে চুব নোৱৰা এটুকুৰা সৰু ঠাই ৷

কিন্তু মই য’লৈকে গৈছিলোঁ

ঠিক মোৰ ছাঁটোৰ দৰেই

তাতেই গৈ উপস্থিত হৈছিল সেই কোলাহল ৷

বিৰক্ত হৈ উঠিছিলোঁ পৃথিৱীৰ ওপৰত –

ইমান বিশালতা ইমান সেউজীয়া ইমান নীলা

অথচ একোৱেই সেই কোলাহলৰ পৰা মুক্ত নাছিল ৷

শেহত ভাবিছিলোঁ পৃথিৱীখনে তেনেকৈয়ে থাকক,

কিন্তু মই আৰু নিচিঞৰোঁ,

আৰু মই নীৰৱ হোৱাৰ অনুশীলন আৰম্ভ কৰিছিলোঁ ৷

আৰু তাৰ পাছৰ পৰাই আশ্বৰ্যকৰভাৱে

যিমানেই মই নীৰৱ হৈ পৰিছিলোঁ

সিমানেই চাৰিওফালৰ নীৰৱতা ক্ৰমশঃ মুখৰ হৈ আহিছিল,

আৰু এতিয়া মোৰ চাৰিওফালে

নীৰৱতাৰ চাৰিখন দেৱাল গজি উঠিছে, যাক বগাই

সেই কোলাহল মোৰ ওচৰলৈ সহজে আৰু আহিব নোৱাৰে ৷

—————————

 ৮৭৬২২২৬৩৪৮

মোৰ ঠিকনা

বি-১১৫,

সানভি সংকল্পম,

নাগোণ্ডানাহালি,

বাংগালোৰ – ৫৬০০৬৬

Visited 2 times, 1 visit(s) today
Website |  + posts
Close