Written by sdblogs2011 7:47 am Poems

কোনোবাই কৈছিল

 ধ্ৰুৱকুমাৰ তালুকদাৰ

কোনোবাই কৈছিল-

সঠিক সময়ত বৰষুণ নহ’ল

সেইবাবেই অসময়তে ধানবোৰ পকিল

পতান ওলাল…

আমি সদায় সঠিক সময়ৰ অপেক্ষাত থাকোঁ

লগ্ন চাই ঘৰৰ খুঁটা পোতোঁ

তথাপি জুই লাগে

বৰষুণ পৰে

পকি মজিয়াত পিছলি পৰোঁ বাৰে বাৰে-

কোনোবাই কৈছিল

তুমিয়ে কৈছিলা নেকি

নে কোনেও কোৱাই নাছিল-

দিনত আমি মৰোঁ

ৰাতি জী উঠোঁ

ট্ৰাকবোৰ চোতাললৈ আহে

ভঁৰালৰ খুঁটাবোৰ মজবুত কৰাৰ কথা ভাবোঁ…

কিন্তু আমাৰ আলু-পিঁয়াজত পচন ধৰে

ল’ৰা যায় স্কুললৈ

ছোৱালী তাঁতৰ শালত

কাপোৰ-বাচন লৈ মাকজনী ঘাটলৈ যাওঁতেই

গঁৰা খহনীয়াবোৰ আৰম্ভ হয়…

কোনোবাই কৈছিল

নে ময়েই মোক কৈছিলোঁ

ভুলকৈ জন্মিলোঁ নেকি আমি ইয়াত

বিজ্ঞান নৰয়

প্ৰকৃতি ওলোটা সোঁতত বয়

ভাল ভাল বুলি ভাবি থকা দিনবোৰৰ বেহুত

আমাৰ ৰাতিবোৰ মৰে লাহে লাহে..

Visited 1 times, 1 visit(s) today
Website |  + posts
Close