Written by sdblogs2011 4:28 am Poems

কুঁহিয়াৰ কথা

স্বপ্নালী কলিতা

কথাবোৰ তাই কুঁহিয়াৰ বন্ধাদি

কণা কণাকৈ বান্ধি গ’ল

কোনোটো কণাত কথাৰ লেচেৰি পাক

কোনোবাটোত আকৌ

কেৰ্কেটুৱাই খোৱা কুঁহিয়াৰৰ দৰে

পেটটো খোলা ওলোৱা

কোনোবাটোত

ধঁনুৰ দৰে বেঁকা

অভঁজা

কোনোবাটোৰ কথাবোৰে

নিঘুণী কুঁহিয়াৰডালৰ দৰে

সমগ্ৰ কণাটোক পৰিচালনা কৰি

অহংকাৰত হৈ আছে গদ্‌গদ্‌

তাই কথাবোৰ বাৰে বাৰে চালে

লুটি-বাগৰ কৰি

থিয়কৈ

আৰু শেষত

কান্ধত

তুলি

কিন্তু

নিয়মৰ বেৰা এখনক প্ৰতিনিধিত্ব কৰি

সময়ক ওফৰাই

এটা বিশেষ

শব্দত ওলমি গৈ থাকিল

কথাৰ সমাজখন

এইবাৰ তাই

সীতাৰ পৰা দ্ৰৌপদীলৈ এডাল

সময়ৰ আঁক টানিলে

ঈশ্বৰীয়ত্বৰ সিপিঠিত বিশ্বামিত্ৰৰ

আশ্ৰমখন

আৰু…

হস্তিনাৰ ৰাজসভাত

মুখ নথকা

মুখাবোৰত ট টকৈ

জ্বলি থকা তাপহীন

চকুবোৰ

খৰকৈ

অগাডেৱা কৰিলে

এটা কেঁকুৰিৰ কুঁজত

সমস্ত অৰ্জন

এটা এটাকৈ খুলি গ’ল তাই

লেজু এডাল হৈ

কুৰুকি কুৰুকি

তাইৰ মঙহত সোমাই গ’ল

আৰু আঁকডাল

কলঙ্কৰ টেমুনাবোৰ পিঠিত উঠাই

আগৰ গতিৰেই গৈ থাকিল

ৰং সলনি কৰি

এতিয়া তাই শাললৈ নিক্ষেপ

কৰিব কণা কণাকৈ বন্ধা

কথাবোৰ

তিনিটা ভীমৰ নিৰ্মম চেপাত

সমাজ নামৰ শব্দটো

বিকলাংগ হৈ তলত পৰিব

ক্ৰমে…

অনাহক

                    ***

ঠিকনা :

ডাক আৰু গাঁও  : বৰটিং নাওশলীয়া

জিলা  : গোলাঘাট

পিন : ৭৮৫৬২৬

ফোন  : ৯১০১৮৪০৭৫৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close