Written by sdblogs2011 7:34 pm Articles

কীট

 জয়ন্ত দত্ত

দাস এণ্ড কোম্পানিৰ চকটোৰ পৰা সৌৰভপ্ৰাণ বৰাৰ ঘৰটো ধুনীয়াকৈ জিলিকি থাকে৷ তেওঁৰ ঘৰৰ দ্বিতীয় মহলাত উঠিলেই চকুত চাট মাৰি ধৰে চহৰখনৰ ৰূপ-লাৱণ্যই৷ চহৰৰ এই জাক-জমকতাৰ মাজত থাকি সৌৰভপ্ৰাণে প্ৰাণ-পণে চেষ্টা কৰে এদিন যে তেওঁ গাঁৱৰ পৰা আহিছিল সেই কথা পাহৰি থাকিবলৈ৷ পিছে গাঁৱৰ আৱহাৱাই মানুহটোক পিছে পিছে খেদি ফুৰে আৰু সেই আৱহাৱাৰ পৰা বাচিবলৈ তেওঁ অৱলম্বন কৰে বিভিন্ন কৌশল৷ 

সেইদিনা সৌৰভপ্ৰাণ প্ৰথম মহলাৰ বেলকনিত ঠিয় হৈ আছিল, তেওঁৰ পত্নী আছিল তলৰ ফুলনিত মালিয়ে ফুল আপদাল কৰাৰ তদাৰক কৰি৷ তেনেকুৱাতে গে’টত থিত দিলেহি এচাইকেল শাক-পাচলি লৈ বেপাৰী এজন৷ বেপাৰীক দেখিয়েই পত্নীয়ে ৰ’বলৈ কৈ চিঞৰি চিঞৰি গিৰীয়েকক ক’লে “হেৰি, পইছা লৈ আহকচোন। মই পাচলি ৰখাইছোঁ৷” ঘৈণীয়েকৰ মাত শুনি নামি আহি গে’টৰ বেপাৰীক দেখি সৌৰভপ্ৰাণে ভাবে– সৰ্বনাশ! এইটো দেখোন নৰেন; আজি কুৰি বছৰৰ অধিক কাল হ’ল তাক নেদেখা কিন্তু মানুহটো দেখোন আজিও একেই আছে৷ না শকত হৈছে, না খীনাইছে, না চুলি সৰিছে, না দাঁত সৰিছে৷ পিছে মোক জানো সি চিনি পাব৷ তাহানি মোৰ মেটেকা শিপাৰ দৰে ঘন চুলিৰ মূৰটোত এতিয়া লিখিব পৰা চুলি৷ লিং পিং মানুহটোৰ এতিয়া গবাই নোপোৱা পেট৷ 

কিন্তু সৌৰভক দেখিয়েই নৰেনে আগতেই মাত দিলে৷ ‘এ  সৌৰভ! আহ, আহ৷ সদায় তোৰ ঘৰৰ মুখেৰে আহ যাহ কৰোঁতে তোক দেখোনে চাওঁ৷ কেতিয়াবা দেখোঁ, পিছে মাত দিব পৰাকৈ ওচৰত নাথাক৷ জানা বোৱাৰী, সৌৰভ আৰু মই একে লগৰ, গাঁৱত আমি একে বালিয়ে-বোকাই ডাঙৰ হৈছিলোঁ৷’ নৰেনৰ কথা শুনি সৌৰভপ্ৰাণৰ খঙে চুলিৰ আগ পালেগৈ৷ পিছে তেওঁ কথা নবঢ়াই ক’লে– ‘বাৰু সেইবোৰ থাকক৷ ওলকবি কেনেকৈ দিছ ক৷’  ‘ওলকবি সেৰে চাৰিকুৰি৷ তোক বাৰু কিবা এটা চাই দিম ল৷ হেৰা, ই আমাৰ গাঁৱৰ নৰেন৷ নৰেন, এটা কাম কৰ৷ এই এশটকা ল, ওল দুই কে. জি আৰু বেঙেনা এক কে. জি. দে৷’ সৌৰভৰ কথা শুনি নৰেনৰ তালু সৰে জীৱ গ’ল৷ নৰেনৰ মুখৰ ৰং দেখি সৌৰভে আকৌ ক’লে– ‘পাৰিবি পাৰিবি, দে দে৷ ইমান দিনৰ মূৰত দেখাদেখি হৈছোঁ৷’ 

প্ৰথমবাৰৰ বাবে লগপোৱা বোৱাৰীজনীৰ আগত নৰেনৰ সন্মানৰ কথা আহি পৰিল আৰু অৱশেষত নিজৰ জেপৰ হানি কৰি বেগত পাচলি ভৰাই দিবলৈ বাধ্য হ’ল৷ নৰেনে ভাবিছিল ইমান দিনৰ মূৰত সমনীয়াক লগ পাইছোঁ যেতিয়া ঘৰলৈ মাতি চাহ-তামোল কিবা যাচিব৷ সৌৰভপ্ৰাণে পিছে তাক তাৰ ঘৰৰ মুখলৈ কোনো দিনেই আহিবকে নোৱাৰাহে কৰিলে৷ 

সৌৰভপ্ৰাণৰ দেউতাক পথৰুৱাকাই আছিল গাঁৱৰ গুৱাল৷ কুৰিজনীকৈ মেনীম’হৰ গৰাকী পথৰুৱাকাইৰ খুটিৰ থমা দৈৰ এদিন নাম আছিল৷ তাতোকৈও মানুহটো বিখ্যাত আছিল ভাৱৰীয়া হিচাপেহে৷ তাহানি পথৰুৱাকায়ে ভাওনাত ভীম হ’লে কাষৰীয়া সাতোখন গাঁও অফলা ভাগি আহিছিল কাইৰ ভাও চাবলৈ৷ সেই পথৰুৱাকাইৰ তিনিটা ল’ৰাৰ সৌৰভপ্ৰাণ আছিল কনিষ্ঠ৷ বাপেকৰ তেজ তেওঁৰ গাত পুৰাদ’মে আছিল, কিজানি তেওঁ আছিল বাপেকতকৈ এখোপ চৰাহে৷ কান্ধত ঢোল লৈ যেতিয়া তেওঁ বৰবিহুৰ ঢুলীয়া হয় ভূঁইকপ আহে বহাগৰ চোতালত৷ ভাওনাত ভাও লৈ উৰাওঁ উৰাওঁ কৰে নামঘৰৰ আটাল৷ গাঁৱৰ ফুটবল খেলত সৌৰভপ্ৰাণৰ ভৰিত বল পৰিলে সেই ভৰিৰ পৰা বল আঁতৰাই নিব পৰা আৰু এখন ভৰি সহজে নোলাইছিল৷ পানীৰ তলত কমোৱা মাছটো গৰৈ নে কাৱৈ পাৰৰ পৰাই কৈ দিব পৰা সৌৰভপ্ৰাণ আছিল গাঁৱৰ আটাইবোৰ ডেকাৰ ওজা৷ 

সেই ওজাগুণটো কান্ধত লৈয়েই কলেজতো হৈছিলগৈ ছাত্ৰ নেতা৷ একাশী-বিৰাশী চনৰ অসম আন্দোলনৰ ভৰপকৰ সময়৷ সেই সময়ত সৌৰভপ্ৰাণ আছিল কলেজৰ সাধাৰণ সম্পাদক৷ তেওঁৰ সবল নেতাগিৰি চকুত পৰিছিল আন্দোলনৰ নেতাবোৰৰ আৰু যি বাবে তেওঁক দিছিল আন্দোলনৰ বিভিন্ন দায়িত্ব৷ আৰু এদিন সৌৰভপ্ৰাণ নিজেও হৈ পৰিছিল আন্দোলনৰ বিয়াগোম নেতা৷ সৌৰভপ্ৰাণে আহ ঐ আহ, আহ বুলি চিঞৰিলে ঢল ভাগি আহিছিল গাঁৱৰ বুঢ়া, ডেকা, স্কুল, কলেজৰ ছাত্ৰ ছাত্ৰী৷ জিন্দাবাদ বুলি চিঞৰিলে তেওঁৰ মাতত জোৰ দিছিল সহস্ৰ মাতে, এই জুই জলিছে বুলি চিঞৰিলে সেই মাতত জুই জলাইছিল সহস্ৰ চিঞৰে৷ এদিন আন্দোলন শেষ হৈ আন্দোলনৰ নেতাবোৰ মন্ত্ৰী-বিধায়ক হ’ল পিছে সৌৰভপ্ৰাণ মন্ত্ৰী-বিধায়ক নহল। হল সেই মন্ত্ৰী-বিধায়কৰ সহায় লৈ নামজ্বলা ব্যৱসায়ী৷ বৰ্তমান চহৰত তেওঁৰ চাৰিখনকৈ সুৰাৰ দোকান, দুখনকৈ চাৰি তাৰকাযুক্ত হোটেল আৰু নামী অনামী অলেখ ব্যৱসায়৷ 

পিছে মানুহটোৰ মনত সুখ নহ’ল কাৰণ এদিন তেওঁৰ সোঁৱে-বাঁৱে থকা নেতাবোৰক প্ৰতি মুহূৰ্ততে খাটনি ধৰিব লগা কথাটোৱে তেওঁক বৰ অস্বস্তিত পেলাইছিল৷ সৌৰভপ্ৰাণে ভাবিছিল এই মন্ত্ৰী-বিধায়কবোৰক পৰিচালনা কৰে বিষয়াসকলে৷ সেইবাবে তেওঁৰ নিজৰো ইচ্ছা হৈছিল এজন বিষয়া হৈ সেইসকলক নাকত ধৰি চাকত ঘূৰাবলৈ৷ আৰু এতিয়া, এদিন তেওঁৰ মনৰ মাজত পাক-ঘূৰণি খাই থকা সেই প্ৰবল ইচ্ছাক ৰুই দিলে একমাত্ৰ জীয়েকৰ মন-মগজুত৷ জীয়েকৰ মগজুতো লহ্‌পহকৈ বাঢ়ে সেই ইচ্ছাৰ পুলিটো৷ 

গেৰেজত চাৰিখনকৈ বিলাসী বাহন৷ পিছে এজনো চালক নাই চলাবলৈ কাৰণ সৌৰভপ্ৰাণৰ ওচৰত কোনো কৰ্মচাৰীয়ে স্থায়ীকৈ থাকিব নোৱাৰে৷ ঘৰত কাম কৰাতে হওক কিম্বা গাড়ী চলাবলৈকে বা তেওঁৰ হোটেলতেই নহওক কিয়৷ তেওঁ এতিয়া নিজেই গাড়ী চলাই, আনকি তেওঁৰ পত্নীয়েও পিট্‌পিটকৈ ভেপু বজাই চহৰত বনাই ফুৰে চালকৰ আসনত বহি৷ কিন্তু এইবাৰ তেওঁক এজন চালকৰ দৰকাৰ হ’ল৷ কিয়নো জীয়েকক ৰাজ্যৰ বাহিৰলৈ পঠাব লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাকৈ উপযুক্ত কৰি তুলিবলৈ প্ৰশিক্ষণৰ বাবে৷ গুৱাহাটী বিমান ঘাটিৰ পৰা বিমান৷ তেওঁক চালক এজন লাগে নিৰ্দিষ্ট দিনটোৰ নিৰ্দিষ্ট সময়ত তাইক বিমান ঘাটিত থৈ আহিবলৈ৷ চালক বিচাৰি হায়ৰাণ মানুহটোৱে অৱশেষত খাটনি ধৰিলে নিজৰ হোটেলৰ সন্মুখত ৰখোৱা ভাড়া মৰা গাড়ীৰ চালক ৰণ্টুক৷ ৰণ্টুৱে সৌৰভপ্ৰাণক ভৰসা দিয়ে “আপুনি বিচৰাৰ নিচিনা চালক এজনেই আপোনাক দিম; আপোনাৰ ফোন নম্বৰ ল’ৰাজনক দি দিম। আপোনালৈ ফোন কৰিব আপুনি তাৰ সৈতে কথা পাতি ল’ব৷ 

নমাৰ আগতে জোনাকে মটৰ চাইকেলখন আকৌ এবাৰ ঘটালি চালে, সি কাণখন তেলৰ টেংকিৰ ওচৰলৈ নি শুনিবলৈ চেষ্টা কৰিলে তেলৰ ঢোলোকনিৰ শব্দ৷ “তেল নভৰোৱাকৈ ঘৰ গৈ যে পাবগৈ সেইটো নিশ্চিত হৈ লৈ সি গে’টখনৰ কাষলৈ যাবলৈ লৈ ৰৈ দিলে৷ সি দেখিলে অজস্ৰ শেৱালি ফুলেৰে ভৰি আছে গে’টৰ সন্মুখৰ তল৷ তাৰ সত নগ’ল গচকিবলৈ শেৱালিৰ পাহিৰ সেই শুভ্ৰ হাঁহিক৷ এপাহ এপাহকৈ বুটলি এঠাইত গোটালে আৰু গোটোৱা ফুলৰ সেই সৌন্দৰ্যক চেলফোনেৰে ফটো তুলি হোৱাটছ্ এপত ষ্টেটাছ লগালে সুপ্ৰভাত বুলি লিখি৷

গে’টৰ জলঙাৰে জোনাকে ভিতৰলৈ জুমি চালে কাৰোবাক দেখে নেকি৷ কাকো নেদেখি সি নিৰ্দিষ্ট নম্বৰটোত ফোন লগালে৷ ফোন বাজি বাজি নবজা হ’ল৷ আকৌ লগাবলৈ লৈ নলগালে সি৷ বাৰে বাৰে ফোন কৰি থাকিলে অভদ্ৰ বুলি ভাবিব পাৰে৷ এক, দুই কৈ পাঁচ মিনিট সময় ৰৈ আকৌ নম্বৰত ফোন লগালে সি৷ ফোনটো বাজি থাকিল, কিন্তু ঠিক সেই মুহূৰ্ততে তাৰ কাণত পৰিল বাৰাণ্ডাৰ গে’ট খোলাৰ শব্দ৷ সি দেখিলে মানুহ এজন গে’টৰ কাষলৈ আহিছে৷ গে’টৰ জলঙাত মুখ লগাই সি কয় “মোক ৰণ্টুদাই পঠাইছিল৷ পৰহি ফোন কৰিছিলোঁ যে৷ মানুহজনে তাক হাতৰে ৰ’বলৈ কৈ আকৌ ভিতৰলৈ গ’ল৷ জোনাকে ফোন কৰিছিল, ফোনত কথা পতাজন এইজন হয়নে বা নহয়৷

কথামতে ছয় বজাত তেখেতসকল ঘৰৰ পৰা ওলাব। সি চাৰে পাঁচ বজাত তেখেতসকলৰ ঘৰ পোৱাকৈ আহিব লাগিব৷ আবেলি তিনি বজাত পাবগৈ লাগিব গুৱাহাটী বিমান ঘাটি, যাওঁতে সোমাই যাব কামাখ্যাত৷ গাড়ীখন চলাই অহা-যোৱা কৰা বাবে দুহাজাৰ টকা বিচাৰিছিল যদিও মানুহজনে তাক পেৰি পেৰি মান্তি কৰিছিলগৈ পোন্ধৰশত৷ 

তেতিয়ালৈকে ভগাই নাছিল দোকমোকালিৰ ঢুলঢুলীয়া পোহৰ৷ হাফ চুৱেটাৰটো পিন্ধি মটৰ চাইকেল চলাই আহোঁতে জাৰে থেকেচি পেলোৱা দেহাটোৰ কঁপনি মৰাই নাছিল তেতিয়াও, পাতল কুঁৱলিজাকে নাকলৈ বোৱাই অনা পানীসোঁতা পেলাবলৈ লওঁতেই তাৰ চকুত পৰে ট’ ট’ কৈ তালৈকে চাই থকা চি চি কেমেৰাৰ তীব্ৰ চকু৷ 

সিহঁতৰ অহা-যোৱা বাটত পোৱা নৈখনৰ দলংখন কংক্ৰিটৰ কৰিবলৈ গৈ ওখতকৈও ওখ কৰি পেলালে দলঙৰ গঁৰা৷ চাইকেলত শাক-পাচলি বান্ধি চহৰত বেচিবলৈ যোৱা অজস্ৰ বেপাৰীৰ বাবে এতিয়া দুঃসাধ্য হৈ পৰে সেই উচ্চতা চেৰাই যোৱাটো৷ জোনাকৰ দেউতাকেও চহৰত পাচলি বিক্ৰী কৰিয়েই পালি আছিল ঘৰখন৷ এতিয়া দলঙৰ গঁৰাৰ উচ্চতাই ক্ৰমশঃ অচল কৰি আনিছে ঘৰখনক৷ ৰণ্টুদাই দেখি আহিছে সিহঁতৰ অৱস্থা৷ এদিন তাক কৈছিল “তই গাড়ী চলাবলৈ শিক৷ আজিকালি ঘৰেপতি গাড়ী৷ দৈনিক ভিত্তিত চালক বিচৰা মানুহ অসংখ্য৷ তই কলেজ বন্ধই বন্ধই চলালেও তোৰ লগতে ঘৰখনেও সকাহ পাব৷” দাদাকৰ কথা তাৰ মন খালে৷ আৰু এদিন ৰণ্টুদাৰ সহায়তে গাড়ী চলাবলৈ শিকি লৈ, উলিয়াই ল’লে গাড়ী চলোৱাৰ অনুজ্ঞা পত্ৰ৷

বাৰাণ্ডাৰ গে’ট খোলাৰ শব্দ আকৌ পোহৰৰ কাণত পৰিল৷ সি দেখিলে মানুহজনে হাতত চাবি একোঁচা লৈ আগ বাঢ়ি আহিছে৷ গে’ট খুলি তাৰ হাতত চাবিকোঁচা দি গেৰেজলৈ আঙুলিয়াই– “গাড়ীখন উলিয়াই সৌ তাতে পানীৰ পাইপ আছে চাফা কৰি লোৱাঁ, আমি আহি আছোঁ৷”

 গেৰেজ খুলি জোনাকে দেখে বালি-বোকাই পুতি থোৱা এখন ইন’ভা৷ সি নিৰ্দিষ্ট ঠাইত গাড়ীখন লগাই পানী মাৰিবলৈ ধৰিলে৷ “এইছোৱাতে মোৰ লগৰ কেইবাটাও থাকে সিহঁতে গাড়ী ধুই থকা দেখি কাইলৈ কলেজত উলিয়াবগৈ নে কি বাৰু?” তাৰ মনতো কঁপি উঠিল৷ পিছে খন্তেকলৈ৷ সি আকৌ মন ডাঠ কৰিলে– “কৰি খাইছোঁ, চুৰি কৰা নাই”৷ সি ক্ৰমশঃ পানী মাৰি গ’ল আৰু হাঁহিবলৈ ধৰিলে গাড়ীৰ ধকধকীয়া বগাই৷ 

গাড়ীত পানী মাৰি থাকোঁতে মানুহ এগৰাকী ওলাই আহি তাৰ নামতো সুধিলেহি৷ সি জোনাক বুলি কওঁতে মানুহজনীৰ ওঁঠেৰে বাগৰি গ’ল হাঁহি এটা৷ সি ভাবিলে, হাঁহিৰ পাহিবোৰে তাক ভেঙুচালি কৰিলে নেকি ? প্ৰতি খোজতে আন্ধাৰে ছবি অঁকা ল’ৰাটোৰ নাম আকৌ জোনাক৷ কোনে বাৰু দিছিল তাৰ নাম ? 

অৱশেষত সময়তকৈ ঘণ্টাচেৰেক দেৰিকৈ সৌৰভপ্ৰাণ ওলাই আহিল৷ লগত তেওঁৰ অত্যাধুনিকা কন্যা৷ জোনাকে ভাবিলে, গে’ট খুলি দিয়াজনেই সেইজন, সি নিশ্চয় সেইজনৰ সৈতেই সেইদিনা ফোনত কথা পাতিছিল৷ সি কেঁকো-জোকোকৈ তাতকৈও গধুৰ বেগ দুটা গাড়ীৰ ডিকিত ভৰালে৷ কন্যাক বিদায় দিবলৈ  অহা মাকৰ চকুৰ লোতকৰ মুকুতাই গধুৰ কৰি তুলিলে সময়৷ জোনাকে গাড়ীৰ দৰ্জা খুলি দিলে, কন্যাই শৰীৰত লৈ অহা এজাক উগ্ৰ সুগন্ধিত ভৰি উঠিল গাড়ীৰ ভিতৰখন৷ যাত্ৰা আৰম্ভ হ’ল৷ গাড়ীত সঙ্গীত যন্ত্ৰৰ পৰা হিল-দল ভাঙি আহিল এজাক পশ্চিমীয়া সঙ্গীতৰ ধুমুহা৷ জোনাক অতিষ্ঠ হৈ পৰিল৷ কোটিপতি দেউতাকৰ একমাত্ৰ গাভৰু৷ ৰাস্তাৰ গাত এটাত চকা পৰিলেই উজাৰি গালি পাৰে সমস্ত জাতিক, শীত-তাপ নিয়ন্ত্ৰিত বন্ধ গাড়ীৰ ভিতৰত থাকোঁতেও ৰাস্তাৰ কাষৰ জাবৰৰ দ’ম দেখিলেই গা লৈ বগাই আহে বিকচিনা লতা এডৰা৷ 

অজস্ৰ তিতিকি তিতিকি অভিজ্ঞতা লৈ জোনাকে গাড়ী চলাই থাকিল৷ যোৰহাট, বোকাখাত, কাজিৰঙা, নগাঁও, জাগীৰোড চেৰাই তেওঁলোক গৈ থাকিল৷ আৰু গুৱাহাটীৰ যান-জঁট ভাঙি গৈ থকা গাড়ীখন উৰণী সেঁতুখনত উঠিব খোজোঁতেই চকুত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা লিখা আখৰশাৰী দেখি তাই ফাটি পৰে৷ “পাপা পাপা কলাগুৰু থকাৰ দৰে কণাগুৰুও আছে নেকি?” হাঁহি হাঁহি দেউতাকেও কয়- “গুগলত চোৱাঁচোন”৷ জাতিৰ কৃষ্টি-সংস্কৃতিৰ গুৰুজনাৰ প্ৰতি ইতিকিঙত জোনাকৰ মূৰত একুৰা জুই জ্বলি উঠিল৷ তাৰ এনে লাগিল যেন তাতে গাড়ী এৰি ক’ৰবালৈ লৰ মাৰিব৷ কিন্তু যেতিয়া সি গম পালে সঁচাকৈয়ে তাই নাজানে কলাগুৰু মানে কি, তেতিয়া তাৰ তাইলৈ পুতৌৱেইনে ঘিণেই কিবা এটা উজাৰ খাই আহিল৷

*  *  *

এদিন জোনাক স্নাতক হ’ল৷ তাৰ খুব ইচ্ছা আছিল স্নাতকোত্তৰ হৈ কলেজ শিক্ষক হ’বলৈ৷ শিক্ষক হ’বলৈ বি. এড পঢ়াৰো ইচ্ছা হৈছিল৷ কিন্তু সি জানিছিল উচ্চ শিক্ষা ল’বলৈ তাৰ ধনৰ অভাৱ৷ এতিয়া তাক কেবল এটা সংস্থাপন লাগে৷ সি হায়ৰাণ হ’ল সংস্থাপন বিচাৰি৷ অৱশেষত স্নাতকৰ প্ৰমাণ পত্ৰ সামৰি থৈ জোনাকে উচ্চ মাধ্যমিকৰ প্ৰমাণ পত্ৰ দি গাড়ী চালকৰ চাকৰিৰ বাবে আবেদন কৰিলে৷ 

সম্প্ৰতি জোনাক নতুনকৈ হোৱা মহকুমাটোৰ মহকুমাধিপতিৰ গাড়ী চালক৷ লয়লাস খোজেৰে মহকুমাধিপতি বাইদেউ কোঠাৰ পৰা ওলাই আহে। কাষত থাকে দেহৰক্ষী জোৱান৷ সি গাড়ীৰ ৰঙা লাইটৰ চুইচ্ছ টিপে৷ দৰ্জা খুলি দিয়ে৷ চালকৰ আসনত বঢ়োতেই তাৰ মূৰত কীটটোৱে কামুৰিবলৈ ধৰে৷ প্ৰতিটো কামোৰতে তাৰ জানিবলৈ মন যায় মহকুমাধিপতি বাইদেউৱে এতিয়া বাৰু জানে নে কলাগুৰু মানে কি?

ঠিকনা :

দগাঁও নলনি খাত

ডাক – গৰখীয়া দ’ল 

যোৰহাট – ৭৮৫০১৫

ভ্ৰাম্যভাষ – ৯৩৬৫৪৫৭৭৫১

Visited 1 times, 1 visit(s) today
Website |  + posts
Close