Written by sdblogs2011 7:47 am Poems

কি লিখি থৈ যায়

অৰ্চনা পূজাৰী

বিধাতা বোলাজন কোন

কপালত কি লিখে তেওঁ

নানা মুনিৰ নানা মত

পতিয়ন যায় কিদৰে

কপাল চপৰিওৱাজনক দেখি

এবাৰ ভাবোঁ  কপালখনকে খান্দি চাওঁ নেকি

আঁকুহি-বাকুহি ভিতৰখনকে মেলি চাওঁ

কি লিখে কেনেকৈ লিখে সেইজনে

কথাবোৰ লিপ্যন্তৰ কৰিব পাৰিনে

বেলি উঠা কপাল এখনত

যেতিয়া কুলাই-পাচিয়ে নধৰা দুখ দেখোঁ

মনৰ মাজত হাজাৰ প্ৰশ্নৰ  ভিৰ

বণিজ বেহোৱাজনে কপাল ফুলাৰ

ৰমৰমীয়া ব্যৱসায় কৰি কোৰোণাৰে চপাই আনে কপালবোৰ

ফুটা কপাল বোলাজনে

ফুটগধুলিৰ পৰাই দেও পাৰি মৰে

গধুলিৰ পৰা ৰাতিলৈ  আগবাঢ়ি  গৈ গৈ  আন্ধাৰৰ উচ্চতা বাঢ়ে

শিলৰ কপালেৰে যেতিয়া পানী বয়

শিলতে মূৰ আফালে সিহঁতবোৰে ৷৷

Visited 3 times, 1 visit(s) today
Website |  + posts
Close