Written by sdblogs2011 8:37 pm Articles

কিছুমান স্মৃতি বাৰে বাৰে ঘূৰি আহে

 মূল (বাংলা) : প্ৰমিতা ভৌমিক

সংকলন আৰু অনুবাদ : উৎপল দত্ত

(শ্ৰীভৌমিক বাংলা ভাষাৰ কবি আৰু চিত্ৰ পৰিচালক ৷ তেখেতে পৰিচালনা কৰা ‘পৰিচয়’ নামৰ ছবিখনে দেশ-বিদেশৰ পৰা সুনাম কঢ়িয়াইছে৷)

কিছুমান স্মৃতি বাৰে বাৰে ঘূৰি আহে। ঠিক তেনেদৰে ময়ো বাৰে বাৰে কিছুমান স্মৃতিৰ মাজলৈ ঘূৰি যাব বিচাৰো। আনকি বহু সময় পাৰ হৈ যোৱাৰ পাছতো ৷ তেওঁৰো চাগে কথাটি এতিয়াও মনত আছে। যোৱা বছৰৰ আজিৰ এই দিনটোত আছিলোঁ সাগৰ তীৰত। ঝাউবনৰ মাজত থিয় হৈ মই প্ৰাত্যহিক সৰু সৰু মৃত্যুবোৰৰ কথা পাহৰি গৈছিলোঁ ৷ চকু মুদি অকলে নিজকে চাইছিলোঁ৷ আৰু হঠাতে আমাৰ ওচৰলৈ এজন সৰু ল’ৰা আহিল আৰু সুধিলে – মই তেওঁৰ পৰা শংখৰ খোলা কিনিম নেকি, ‘এয়া অয়েষ্টাৰ, চাওঁক…’ এইবোৰ যে আমি নিকিনো সেই কথাটো বুজি পোৱাৰ পাছত সি ক’লে –

–     ‘বাইদেউ, মোক তোমাৰ মোবাইলটো দিয়াচোন, মই তোমাৰ ফটো তুলিম’।

প্ৰথমে মই অলপ আচৰিত হৈছিলোঁ। মই এক মুহূৰ্তৰ বাবে তেওঁৰ পিনে চালোঁ। তেওঁ ক’লে – “মই ফটো তুলিব পাৰোঁ। মই আগতে বহুত ফটো তুলিছোঁ !’ ‘মই ক’ব নোৱৰাকৈয়ে তেওঁৰ হাতত ফোনটো তুলি দিছিলোঁ। আৰু তেওঁ মোক তুলি দিছিল এই ফটোখন৷

এজন সৰু, মিঠা বৰণীয়া ‘সামুদ্ৰিক’ ল’ৰাৰ সৈতে আলাপ হৈছিল। মোৰ সেইবাৰৰ ভ্ৰমণ-সংগিনীয়ে ৰসিকতা কৰি কৈছিল, ‘তুমি চাগে ভাবিছা, তোমাক ল’ৰাটোৰ খুব ভাল লাগিছে। “হয়তো মোৰ ভাল লাগিছিল। বা  লগা নাছিল। মই নাজানো।’ ৩য় শ্ৰেণীত অধ্যয়ন কৰি থকা বাসুদেৱ কুচবাক হয়তো আকৌ কেতিয়াও দেখা নাপাম। বা হয়তো পাম। পাৰ হৈ যাব  সময় ৷  দুৰ্বল হৈ পৰিব স্মৃতি শক্তি ।

কিন্তু এই ফটোখন ৰৈ যাব। হয়তো বহু বহু বছৰৰ পিছত, শীতৰ কোনোবা এটি আবেলিত, বাসুদেৱৰ মুখখন সাগৰ তীৰত দেখা যাব ৷ কাণৰ কাষত বাজি উঠিব, ‘বাইদেউ, শংখৰ খোলাটো লওক, অয়েষ্টাৰটো লওক… মোৰ বৰ ভোক লাগিছে, মোৰ ভনীজনীৰো ৷ মোক টকা দুটামান দিয়কনা ৷’   আৰু তাৰ দুচকুৰ কোণ দুটি চিকমিকাই উঠিব।

বাসুদেৱৰ পৰা মই শংখৰ খোলা কেইটিমান লৈছিলো। মই দুটামান টকাও দিছিলোঁ। কিন্তু গোটেই জীৱনটো বাসুদেৱৰ এযোৰ নিষ্পাপ, পবিত্ৰ চকুৰ ওচৰত ঋণী হৈ আছিলোঁ। তেওঁ তেওঁৰ মোবাইল ফোনত মোৰ ফটো তুলিছিল। আৰু মই তেওঁৰ ছবিখন এক অসীম স্মৃতিৰ পৃষ্ঠাত ৰাখিছোঁ, ছবিখন মচি পেলালেও সি ৰৈ যাব বুকুৰ বাওঁফালে৷ 

Visited 2 times, 1 visit(s) today
Website |  + posts
Close