আকাশ দীপ্ত ঠাকুৰ

কাচৰ দুৱাৰখনৰ এটা অংশ ঠেলা মাৰি সোমাই আহোঁতেই মনলৈ এটা অস্বস্তিকৰ অনুভৱ আহে; ইতিমধ্যে সোমাই থকা মানুহখিনিৰ দুই-একে চায়– নতুনকৈনো কোন সোমাল৷ এই যে অস্বস্তিৰ ধাৰণাটো… যেন বৃহৎ সুসজ্জিত ৰভাৰে সৈতে বিয়াঘৰ এখনৰ ওচৰ পোৱাৰ লগে লগে ভিতৰলৈ সোমাবৰ সময়ত উজ্জ্বল লাইটৰ পোহৰত মনলৈ যিটো অনুভৱ আহে, ঠিক তেনেকুৱা৷ এনেহে লাগে যেন ইতিমধ্যে বহি থকা সকলোৱে কেৱল মোলৈকে চাই আছে৷ বিশেষ গহীন ভংগিমা এটাৰে গৈ চকী এখনত বহি লোৱাৰ পাছত সেই অস্বস্তিৰ প্ৰায় ষাঠি শতাংশ নোহোৱা হয়৷ তাৰ পাছৰখিনি যেন ঠিক এনেকুৱা–ঘৰৰ গিৰিহঁতৰ ফালৰপৰা মাত এষাৰ বা কেতিয়াকৈ লগায়, দৰাই হওক বা কইনাই হওক, হাতৰ উপহাৰটো কেতিয়াকৈ বা দিব পৰা যায়…! এই দোকানখনলৈ সোমাই অহাৰ পাছত মোৰ ক্ষেত্ৰত কথাটো তেনেকুৱাই হ’ল৷ দুৱাৰখনৰ এটা অংশ ঠেলি সোমাই লোৱাৰ সময়ত এটা অস্বস্তি–বহুত মানুহ৷ আগৰেপৰা সোমাই থকাখিনি ইতিমধ্যে ভিতৰৰ পৰিৱেশটোৰ সৈতে সহজ হৈ পৰিছে৷ ওপৰত চুকে-কোণে লগাই থোৱা কেমেৰাকেইটা আছেই৷ সম্মুখত শাৰী শাৰীকৈ সজাই থোৱা বিভিন্ন ধৰণৰ মিঠাই, এফালে বেকাৰী-সামগ্ৰী, দৈ-পনীৰ…মিঠাই সজাই থোৱা কাচৰ সুবৃহৎ বাকচটোৰ সিটো পাৰে দোকানখনৰ কৰ্মচাৰীবোৰ, একে ধৰণৰ সাজ-সজ্জাৰে আধুনিকা ছোৱালীকেইজনী৷ সোমাই লোৱালৈকে অসহজ ভাবটো ভালকৈয়ে থাকে৷ কিবা এবিধ মিঠাই ল’ব লাগিব, কোনবিধবা লোৱা যায়! সকলোৱে দেখি আছে, সন্মানৰ কথাও আছে৷ প্ৰতিবিধ মিঠাইৰ প্ৰতিটোৰে দামবোৰ চাই লোৱালৈকে সেই অস্বস্তিৰ ভাবটো…৷
অলপ সময়ৰ পাছত, সেই অস্বস্তিৰ ভাবটো প্ৰায় ষাঠি শতাংশলৈকে কমি যোৱাৰ পাছত, মনৰ ভাবটো সলনি হয়– সিপাৰে থকা কৰ্মচাৰীকেইজনৰ মাজৰপৰা কোনোবা এজন আগ বাঢ়ি মাত এষাৰ লগাব নেকি…
“দাদা কি লাগিব বাৰু?”
মই অকণমান আচৰিত হ’লোঁ৷ কথাটো ভাবিছিলোঁহে, মাতষাৰচোন আহিলেই৷ সেইফালে চালোঁ৷ আগ্ৰহমিহলি দৃষ্টিৰে ল’ৰাজনে মোলৈ চাইছে৷ মই সামান্য বিমোৰতো পৰিছোঁ–কোনবিধ মিঠাইনো ল’ম এতিয়াও খাটাং কৰিব পৰাই নাই৷ সি যি নহওক, মিঠাই একোটাৰ দাম আৰু ল’বলগীয়া পৰিমাণটোৰ সৈতে খৰচৰ হিচাপটো মনতে মিলাই, এবিধ মিঠাইলৈ আঙুলি টোঁৱাই ল’ৰাজনলৈ চালোঁ–“এই ইয়াৰে…”
কথাষাৰ মুখৰ ভিতৰতে ৰৈ গ’ল৷ ল’ৰাজনৰ পিছফালে উৎসুক হৈ মোলৈকে চাই থকা এই চকুহাল…ইমান চিনাকি এই চেহেৰাটো…কি আছিল তাইৰ নামটো…?
“ছাৰ!” উৎফুল্লিত হৈ তাই ল’ৰাজনৰ কাষেদি অলপ আগুৱাই আহিল, যেন দুয়োৰে মাজত থকা কাঁচৰ মিঠাইৰ বাকচটোৰ প্ৰাচীৰখন পাৰ হৈ তাই ওলাই আহিব৷
“স্বপ্নালী?” ঘপহকৈ তাইৰ নামটো মোৰ মনত পৰি গ’ল৷
“মা৷ মাটোও আছে ছাৰ৷” তাই খিলখিলাই হাঁহি দিলে৷
মোৰো হাঁহি উঠিল যদিও মই তাইৰ দৰে প্ৰাণখুলি এই পৰিৱেশত হাঁহিব নোৱাৰোঁ৷ তাইৰ মুখৰ এই উত্তৰটো শুনি হাঁহিব পৰাৰ সেই পৰিৱেশটো কাহানিবাই পাৰ কৰি আহিলোঁ৷ বাধাহীন মনটো লগে লগে উৰি গৈ যেন সেই বাৰাণ্ডাখনত ৰ’লগৈ৷ হাতত খবৰ-কাগজখন লৈ চকু ফুৰাই থকাৰ সময়ত সম্মুখৰ গুমটিৰপৰা গাধোৱা চাবোন, চেম্পু…আদিৰ টোপোলাটো জোকাৰি জোকাৰি সোমাই অহা বেপৰোৱা ছোৱালীজনী, গধূলিৰ আন্ধাৰত চতিয়ানাজোপাৰ কাষৰপৰা আঁতৰি যোৱা মটৰচাইকেলখনলৈ চাই হাত জোকাৰি বিদায় দি কিছু গহীন ভাব এটাৰে সোমাই অহা ছোৱালীজনী, কলেজ-চৌহদৰ সেই প্ৰাণোচ্ছ্বল ছোৱালীজনী…! মন কৰিলোঁ মই– একেই আছেনে সকলো? কলেজ-চৌহদৰ সেই য়ুনিফৰ্মযোৰ অৱশ্যেই সলনি হ’ল; বগা কুৰ্তা, নেভি ব্লু পায়জামা, বগা চূৰ্ণীখনৰ ঠাই ল’লেহি পাতল ধোঁৱা বৰণৰ এযোৰ সাজে৷ আৰু বা কি কি সলনি হৈ গ’ল… এই প্ৰায় দহ বছৰীয়া সুদীৰ্ঘ সময়ছোৱাত!
“বহুত সলনি হ’ল আপুনি ছাৰ৷ আপুনি এদিন ইয়ালৈ আহিব বুলি মনতে এটা আশা আছিল৷ আৰু আজি সঁচাকৈ আপোনাক এনেকৈ ইয়াত লগ পাই বৰ ভাল লাগিছে৷ আপুনি বাৰু এতিয়া বৰ ব্যস্ত হৈ আছে নেকি?” স্বপ্নালীমাই কথাখিনি কওঁতে এবাৰো ভাবি চোৱা নাই তাইৰ কথাবোৰ আনেও শুনিব পাৰে৷ দোকানখনত লগাই থোৱা চি চি টি ভি কেমেৰাবোৰে ধৰি ৰাখিছে আমাৰ প্ৰতিটো চাল-চলন৷ কোনোবা এটা মনিট’ৰত হয়তো আমি কোনোবা এজনৰ লক্ষ্যৰ কেন্দ্ৰ হৈ আছোঁ৷ নিৰ্জীৱ কেমেৰা হয়তো চাৰিটা, জীৱ থকা কেমেৰাবোৰতো চৌপাশে কিলবিলাই আছেই৷ অথচ তাই সেইবোৰ একো গুৰুত্ব দিবলৈ বিচৰা নাই৷
কি উত্তৰ দিম মই ক্ষন্তেকলৈ ভাবিছোঁ৷ তাই সুধিছে মই বৰ ব্যস্ত হৈ আছোঁ নেকি? সেইটো এটা পোনপটীয়া প্ৰশ্ন, লগতে সামান্য অনুনয়ৰ সুৰ৷ সোধাৰ ধৰণটোত ধাৰণা কৰিব পাৰি–তাইৰ মোৰ সৈতে কেইটামান কথা আছে, আজিয়ে তাই পাতিব বিচাৰে৷ সেইটোতকৈয়ো মই অকণমান চিন্তা কৰিছোঁ তাইৰ কথাকেইটাত সোমাই থকা পৰোক্ষ প্ৰশ্ন দুটাক লৈ৷ মই এদিন ইয়ালৈ আহিম বুলি তাই আশা কৰি আছিল৷ সেই কথাটো বৰ এটা পছন্দ নহ’ল৷ এইখন দোকান মোৰ ঘৰৰপৰা বেছি দূৰৈত নহয়৷ কলেজলৈ আহোঁতে-যাওঁতে বাটতে পৰে৷ দৰাচলতে আমাৰখন চহৰত এনে বৃহৎ এখন মিঠাইৰ দোকান বৰ বেছি চাৰিখনমান আছে৷ দোকান নহয়, সৰু-সুৰা এটা প্ৰতিষ্ঠান৷ ওপৰ মহলাত ৰেষ্টুৰেণ্ট, তলত আকৌ চাৰিটামান ভাগ, এফালে ছটপত্তা চাট আইটেম, এফালে বেকাৰী-সামগ্ৰী, এটা কোণত চাহ বিক্ৰী কৰা ঠাই আৰু এইখিনিত মিঠাই৷ ইমান মানুহৰ সমাগম হৈ থাকে; অথচ ওচৰতে থাকিও মই বৰকৈ নহা কথাটো ধৰা পৰিয়ে গ’ল তাৰমানে! মই আগে-পিছে দুই-তিনিবাৰ ইয়ালৈ আহিছোঁ, শেষৰবাৰ হয়তো এবছৰমানৰ আগতেই আহিছিলোঁ৷ তেতিয়া স্বপ্নালীমা ইয়াত নাছিল৷ পাছৰ কথাটো হৈছে মই ইয়ালৈ আহিলে তাই মোক লগ পাব, কিয়? ইমানেই যদি প্ৰয়োজন আছিল, তাইতো মোলৈ ফোন কৰিব পাৰিলেহেঁতেন৷ সাধাৰণতে মই এইখন দোকানলৈ নাহোঁ৷ ঘৰলৈ বুলি মিঠাই কিনা নহয়, ক’ৰবালৈ গ’লে মিঠাই কিনিবলগীয়া হ’লে বাটে-ঘাটে পোৱা দোকানবোৰতেই লেঠা মাৰোঁ৷ বৃহৎ ইলাহী কাৰবাৰ বাবে আহিবলৈ মন নাযায়, সন্মুখত গাড়ী ৰাখিবলৈকো অসুবিধা হয়…মুঠতে বৰকৈ অহা নহয়৷ আজি দেওবাৰ, আলিৰ কাষত ভীৰটো কম৷ কালি এওঁলোক মাকৰ ঘৰলৈ গ’ল৷ আজি দুপৰীয়া এয়া মই ওলাইছোঁ–ভাতসাজো খোৱা হ’ব, গধূলি আটাইকেইটা ঘূৰি আহিম৷ থাওকতে মিঠাই অলপ ইয়াৰপৰাই লৈ লওঁ বুলি ভাবিলোঁ৷ আৰু সেই চুচুক-চামাকখন কৰি থাকোঁতেই…৷
“লৰালৰি সিমান হোৱা নাই বাৰু; কিন্তু তইতো ব্যস্ত হৈ আছ এতিয়া৷ বাকী কচোন, ইয়াত কিমান দিনৰপৰা আছ? বৰ্তমান ক’ত থাক?”
কি সুধিছোঁ, কি বুজাব বিচাৰিছোঁ মই বাৰু ঠিকেই ধৰিব পাৰিছোঁ; তাইবা পাৰিছেনে নাই? এবাৰ মন কৰিলোঁ– তাই শিৰত সেন্দূৰ লৈছে নেকি! মই ভালদৰেই জানো– সেন্দূৰকণ কপালত থকা-নথকাটো বৰ্তমান বিশেষ কোনো বিষয়ৰ পৰিচায়ক-চিহ্ন হৈ থকা নাই৷ তথাপি, স্বপ্নালীমাৰ শিৰত অকণমান সেন্দূৰৰ চিন এটা দেখা যেন লাগিল৷ বাকী প্ৰশ্নকেইটা সোধাৰ উদ্দেশ্যটো তাই বুজিলেনে চাবলৈ চেষ্টা কৰিলোঁ৷ কিয় নুবুজিব! ইংগিতেৰে ক’লেও ভালদৰেই সকলো কথা বুজি পোৱা হোষ্টেলৰ বহুকেইজনী ছোৱালীৰ মাজৰে এজনী আছিল তাই, যি কাহানিও মোৰ অবাধ্য হোৱা নাছিল৷ তাৰ অৰ্থ এইটোও নাছিল যে তাই একেবাৰে ঠাণ্ডা-মুণ্ডা ছোৱালীকেইজনীৰ লগৰ আছিল৷
“মই কি ক’ব বিচাৰিছোঁ, তহঁতি ভালদৰে বুজি পাবি বুলি জানো৷ নে কি কৱ স্বপ্নালী?” প্ৰায় দহ-বাৰজনী ছোৱালীক বেলেগে আছুতীয়াকৈ মাতি আনি সেইদিনা মই ক’বলগীয়া কথাকেইটা বুজাইছিলোঁ৷
“ছাৰ মা৷ লগত মাটো আছে৷” স্বপ্নালীমাই ঘপহকৈ মাত লগাইছিল৷
তাই সেইদৰে ক’লে মোৰ হাঁহি উঠি যায় বুলি তাই জানিছিল; কিন্তু সকলো সময়তে হাঁহিটো সিহঁতক মই দেখুৱাব নোৱাৰোঁ৷ সেইদিনাৰ সেই পৰিৱেশটো আৰু বেলেগ আছিল৷ মই কেৱল আটাইকেইজনীলৈ এটা গহীন দৃষ্টি দিছিলোঁ, আৰু মোৰ সেই দৃষ্টি অনুসৰণ কৰি সিহঁতি সাজু হৈছিল এসপ্তাহ পাছতে কলেজৰ ইলেকশ্যনৰ লৱীকেন্দ্ৰিক পৰিৱেশবোৰৰ প্ৰভাৱৰপৰা হোষ্টেলটো কেনেকৈ নিকা কৰি ৰাখিব পাৰি, সেই দিশবোৰৰ প্ৰতি চকু দিবলৈ৷
নতুন গাৰ্লছ হোষ্টেলটোৰ ছুপাৰৰ দায়িত্ব লোৱা ইতিমধ্যে মোৰ দুবছৰ হৈছিল৷ বহু কাম মই মোৰ পৰিকল্পনামতে কৰিবলৈ সাজু হৈছিলোঁ, বহু কাম কৰিছিলোঁও৷ মই জানিছিলোঁ–এই ছোৱালীহঁতৰ অভ্যন্তৰত বহু কাম কৰিব পৰাৰ শক্তি-সামৰ্থ থাকে, কেৱল উচিত পথটো দেখুৱাই দিব পাৰিলেই হ’ল৷
সেই বৰ্ষতে সেই নতুন ছাত্ৰী নিৱাসটোৰপৰা মোৰ তত্ত্বাৱধানত এখন বাৰ্ষিক পত্ৰিকা প্ৰকাশ হৈছিল৷ প্ৰতি বছৰে অনুষ্টুপীয়াকৈ হ’লেও কেইটামান বিশেষ অনুষ্ঠান মই আগৰণুৱা ছোৱালীকেইজনীৰ সহযোগত ব্যতিক্ৰমী ৰূপত পাতিবলৈ চেষ্টা কৰিছিলোঁ৷ নৱাগত ছাত্ৰীসকলৰ বাবে কিছু আড়ম্বৰপূৰ্ণভাৱে আদৰণী অনুষ্ঠানটো পাতিছিলোঁ, মই তালৈ বিশিষ্ট অতিথি ৰূপত আমাৰ কলেজৰে বেলেগ বেলেগ বিভাগৰ একোগৰাকী মহিলা অধ্যাপকক মাতিবলৈ ছাত্ৰীসকলক নিৰ্দেশ দিছিলোঁ৷ সেই অধ্যাপকসকলক নিৰ্বাচন কৰোঁতে মই নামসমূহ ঠিক কৰিছিলোঁ–যিকেইগৰাকী অধ্যাপকক সাধাৰণতে কোনেও কোনো সভা-সমিতিলৈ নামাতে, তেওঁলোকক নিমন্ত্ৰণ দিয়াইছিলোঁ৷ বিদায়ী ছাত্ৰীসকলৰ বিদায় সভাত কনিষ্ঠ ছাত্ৰীসকলৰ সহযোগত এখন ফটো এলবাম প্ৰস্তুত কৰি সকলো বিদায়ী ছাত্ৰীৰ নাম-ঠিকনা-পৰিচয় সন্নিৱিষ্ট কৰি মুকলি সভাতে তেওঁলোকৰ হাতত দিয়াৰ ব্যৱস্থা কৰিছিলোঁ৷ সময়ে সময়ে বিভিন্ন দিশত প্ৰখ্যাত কিছু ব্যক্তিৰ সৈতে ছাত্ৰীসকলৰ মত-বিনিময় কৰিব পৰা অনুষ্ঠান একোটাও পাতিছিলোঁ৷…বহু কথাই মনলৈ আহিব খোজে৷ মনটো মনেই, তাৰ গতি ৰোধ কৰিব পৰাৰ শক্তি সকলোৰে নাথাকে৷ গঠনমূলক, ব্যতিক্ৰমী কামবোৰৰ বাবেই স্বপ্নালীমাৰ দৰে বহু ছাত্ৰী মোৰ বাবে আপোন হৈ পৰিছিল৷ হোষ্টেল এৰি যোৱাৰো বহু বছৰলৈকে সিহঁত বহুতৰ সৈতে যোগাযোগ আছে; কিন্তু স্বপ্নালীমাৰ সৈতে বিশেষ কাৰণত কোনো যোগাযোগ নাছিল৷
“ছাৰ অকণমান ৰ’বচোন৷” স্বপ্নালীমাই ততাতৈয়াকৈ কাউণ্টাৰৰ কাষলৈ গৈ মেনেজাৰজনৰ কাষ পালেগৈ৷ মই লক্ষ্য কৰিলোঁ– তাই মেনেজাৰজনক মোৰ বিষয়ে কিবা এটা বুজাইছে৷
“কি ক’লি তই সেই ল’ৰাটোক? কোন সি? মোক দেখি সি পলাব খুজিছে কিয়?”
ঠিক এইকেইটা প্ৰশ্নকে মই তাইক কৰিছিলোঁ সেইদিনা৷ আৰু সেইদিনাও তাই মোক এইদৰেই কৈছিল– “ছাৰ, অকণমান ৰ’বচোন৷” কথাষাৰ কৈ তাই দূৰৈত নেদেখা হৈছিল৷ ঠিক দহ-পোন্ধৰ মিনিটৰ পাছত আহিছিল তাই৷ ইতিমধ্যে হোষ্টেলৰ গেট বন্ধ কৰাৰ সময় হৈছিল৷ মোৰ খং উঠিছিল, ভীষণ খং; আৰু তাই বুজিছিল৷ মোৰ কাষলৈ আহি তাই তলমূৰকৈ থিয় হৈছিলহি– “ছাৰ, মই সকলো কথা আপোনাক মুকলিলৈ ক’ম৷ কেৱল আজি মোক যাবলৈ দিয়ক ছাৰ৷ আজি মই লোকেল গাৰ্জেনৰ ঘৰত থাকিম৷ আপুনি এতিয়াই তেওঁলোকলৈ ফোন কৰিব পাৰে৷”
গধূলি সময়ত মোৰ হোষ্টেলৰ ছোৱালী এজনী লোকেল গাৰ্জেনৰ ঘৰলৈ নিশাটোৰ বাবে যাব খোজাৰ বিশ্বাসযোগ্য সকলোখিনি কৰি মই তাইক যাবলৈ দিছিলোঁ; আৰু যোৱাৰ সময়ত গেটখন বন্ধ কৰি দিওঁতে তাইক এবাৰ কৈছিলোঁ– “তই কি কৰি আছ, নিজে এবাৰ ভাবি চাবি৷ দূৰৈত তোক নিবলৈ বুলি ৰৈ থকা ল’ৰাটো কোন মই এতিয়াই খবৰ কৰি আহিব পাৰোঁ; কিন্তু নাই কৰাঁ৷ কিয়নো মই তোক বিশ্বাস কৰিছোঁ৷ বাকী একো নকওঁ–জীৱনটো তোৰ; কিন্তু হোষ্টেলটোৰ অনুশাসনখিনি মোৰ৷ গতিকে…৷”
মুহূৰ্তৰ বাবে যেন চমকি উঠিব খোজা তাইৰ দুচকুত সেইদিনা মই যেন এক গভীৰ হতাশাৰ চাৱনিহে দেখিছিলোঁ৷ ঠিক খোকোজা লগা এটি ভগ্ন কণ্ঠৰে তাই কৈছিল…৷
মই উচপ খাই উঠিলোঁ৷ মেনেজাৰজনক স্বপ্নালীমাই মোৰ বিষয়ে কি বুজাই থৈ আহিল নাজানো; কিন্তু…মোৰ কাষলৈ অহাৰ পাছত মই লক্ষ্য কৰিছোঁ–তাইৰ দুচকুত পুনৰ সেই চাৱনি! সেই হতাশা…নে তাতোতকৈয়ো গভীৰ এক বিষাদবোধ৷
ক’ব নোৱৰাকৈয়ে মই দোকানখনৰপৰা ওলাই আহিলোঁ বাহিৰৰ পদপথটোলৈ৷ মোৰ পিছে পিছে অহা স্বপ্নালীমাই কি ক’ব পাৰে, উৎকৰ্ণ হৈ ৰ’লোঁ কেইটামান মুহূৰ্ত৷
“ছাৰ, হীৰাৰ পুনৰ জেইল হ’ল৷”
তাইৰ চকুলৈ মই নাচালোঁ৷ চাব নোৱাৰিলোঁ; নে নুখুজিলোঁ? ক্ষণিকৰ বাবে বৰণ সলনি হৈ যোৱা ছোৱালীজনীৰ পাৰ হৈ অহা জীৱনটোৰ দহ বছৰীয়া পৰিক্ৰমা…আৰু তাই যি ক’ব, মই সেয়া আগতেই অনুমান কৰিছিলোঁ নেকি!
সেইদিনা…পাছদিনা লোকেল গাৰ্জেনৰ ঘৰৰপৰা উভতি অহাৰ পাছত মোক কথা দিয়ামতেই তাই নিজে মোৰ ওচৰলৈ আহিছিল৷ সেইদিনা মোৰ পৰিবাৰো আছিল; তাই মোক কোৱা কথাখিনিৰ সাক্ষী হৈ আছিল৷ মই বুজিছিলোঁ–স্বপ্নালীমাই এওঁক মাতি আনি মোৰ কাষতে ৰাখিছিল৷ তাই মোক কথা দিছিল–সকলো কথা তাই মোৰ আগত ক’ব, একো নুলুকুৱাকৈ ক’ব৷ বহুকেইজনী ছোৱালীৰ বহু কথাই মই জানিছিলোঁ৷ মই জনাতকৈয়ো বহু কথা মোৰ পৰিবাৰে জানিছিল, সিহঁতৰ বান্ধৱীৰ দৰে হৈ পৰা বাবে৷ বহু ক্ষেত্ৰত সিহঁতৰ মুখেৰে মোক ক’ব নোৱৰা কিছু কথা মই এওঁৰ মুখেৰেও জানিছিলোঁ৷ সেইদিনা স্বপ্নালীমাই নিজৰ কথাবোৰ মোক ক’বৰ সময়ত কাষত মোৰ পৰিবাৰ থকাটোও বিচাৰিছিল৷
আজি তাই মোক কোৱা বাক্যটোৰ মাজৰপৰা ‘পুনৰ’ শব্দটো আঁতৰাই সেইদিনাও তাই কৈছিল–“হীৰাৰ জেইল হ’ল ছাৰ৷ মই সেইবাবে যাবলগীয়া হ’ল৷” সেইদিনা মই স্থিৰ চাৱনিৰে তাইলৈ চাইছিলোঁ–কোন হীৰা? সেই ল’ৰাটো? তাইক বাইকত লৈ যাবলৈ বুলি গছৰ তলত চোপ লৈ থকা ল’ৰাটো? মই পৰিবাৰৰ চকুলৈ চাইছিলোঁ৷ বহু কথাই এওঁৰ চকুহালৰপৰা পঢ়ি পেলাইছিলোঁ৷ বাকীখিনি তাই নিজ মুখেৰেই কৈ গৈছিল–“ছাৰ, আপুনি সন্দেহ কৰি থকা ল’ৰাটো হীৰা নহয়৷ সিহঁত তাৰ বন্ধু, পলিটিকেল গ্ৰুপটোৰ সদস্য সিহঁত৷ দুজনমান বিজনেছ পাৰ্টনাৰো আছে৷ সিহঁতেও তাক মাজে মাজে বুজাব নোৱাৰে৷ উগ্ৰ খংটো বাদ দিলে এনেই সি ভাল ল’ৰা…বহুত ভাল ল’ৰা ছাৰ৷ আৰু তাতকৈয়ো ডাঙৰ কথাটো হৈছে…সি মোক ভাল পায় ছাৰ৷”
কিয়…কিয় সেইদিনা মোৰ এনেকুৱা লাগিছিল যেন তাই ক’ব বিচৰা কথাখিনি সম্পূৰ্ণ সত্য নহয়৷ হীৰা নামৰ ল’ৰাটোক তাই ভাল পায়, তাৰ সৈতেই তাই বিয়া হ’ব৷ এনেবোৰ কথা সেই বয়সৰ ছোৱালীয়ে প্ৰায়ে মোৰ পৰিবাৰৰ আগত কয়, আৰু আমি দুয়ো হাঁহো– ইহঁতে জীৱনটো যেনেকুৱা বুলি ভাবে, তেনেকুৱাযে নহয়–সেইকণ বুজি পোৱাৰো ক্ষমতা ইহঁতৰ নাই৷ অমুকৰ সৈতেই মই বিয়া হ’ম বুলি দৃঢ় মন এটা লৈ থকা বিষয়টো কিমান ক্ষন্তেকীয়া হ’ব পাৰে, সেইটো উপলব্ধি কৰিব নোৱাৰে ইহঁতে৷ মোৰ পৰিবাৰে কয়– “পাৰে, সকলো পাৰে৷ ভালপোৱাতকৈ বেছি ইহঁতি টাইম পাছ কৰে, আৰু কাক, ক’ত কেতিয়া কেনেকৈ মেনেজ কৰি ৰাখিব লাগে, ইহঁতি সেই সকলো কথাই জানে৷” বহু ক্ষেত্ৰত বৰ ঠাণ্ডা, নিমাখিত, অতি ভাল বুলি ভাবি থকা একোজনী ছোৱালীৰ তলে তলে কৰি থকা কৰ্মকাণ্ডয়ো আমাক অবাক কৰি থৈছে৷ কেতিয়াবা আকৌ মই যিবোৰ ঘটনাত স্তম্ভিত হওঁ, মোৰ পৰিবাৰক তেনে ঘটনাত নিৰ্বিকাৰ হৈয়ো থকা দেখিছোঁ–‘‘আজিকালি যুগটো এনেকুৱাই৷ এইবোৰ সাধাৰণ কথা৷” কিন্তু স্বপ্নালীমাৰ কথাবোৰ মই সাধাৰণভাৱে ল’ব পৰা নাছিলোঁ, কিয়…? কিয় মোৰ এনেকুৱা লাগিছিল যেন…, তাই যেন আচলতে ক’ব খুজিছিল–‘হীৰাৰ সৈতেই এদিন বিয়া হ’বলৈ মই বাধ্য ছাৰ৷’
হোষ্টেল এৰি যোৱাৰ পাছতো বহু ছোৱালীয়ে আমাৰ সৈতে এটা ঘৰুৱা সম্পৰ্ক ৰাখিছিল৷ বহুতৰ বিয়ালৈ আমি দুয়ো গৈছিলোঁ৷ হোষ্টেল এৰি যোৱাৰ পাছৰ বছৰতে হ’বপায়, স্বপ্নালীমাই এওঁলৈ এদিন ফোন কৰিছিল৷ সেইদিনা এওঁক মই বিমৰ্ষ দেখিছিলোঁ৷ নিশা এওঁ মোক কৈছিল–“স্বপ্নালীমা পলাই গ’ল৷ হীৰা নামৰ ল’ৰাটোৱে তাইক ঘৰৰ চোতালৰপৰাই, হিন্দী চিনেমাৰ কায়দাৰে উঠাই লৈ গ’ল৷ তাইৰ দেউতাক সৰুতেই ঢুকাইছিল, এতিয়া মাক আৰু ককায়েকে তাইৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিলে৷ ল’ৰাটো বৰ জেদী৷ তাইৰো উপায় নাছিল৷”
‘তাইৰো উপায় নাছিল’– কিয়? হীৰাই তাইৰ পঢ়া-শুনাৰ খৰচ বহন কৰিছিল? মই সেইদিনাই এবাৰলৈ ভাবিছিলোঁ– মোৰ ধাৰণাটো তাৰ মানে ভুল নাছিল৷
আৰু আজি মই বাৰে বাৰে ভাবিছোঁ– মই তাইক সময় দিব নালাগিছিল৷ কিয় দিছোঁ মই এই সুবিধা? কোন হয় তাই মোৰ? যিজনী ছোৱালীয়ে নিজৰ জন্মদাতৃ মাকৰ কথা নাভাবিলে, দেউতাকৰ দৰে ককায়েকটোৰ কথা নাভাবিলে; মই কিয় ভাবিম তাইৰ কথা? হীৰা নামৰ ল’ৰাটো শাসকীয় দলৰ সদস্য বুলি পাছত এদিন মই জানিছিলোঁ; কাৰোবাৰ মুখেৰে শুনিছিলোঁ৷ সৰু চহৰ এইখন, ইয়াত বহু কথা জানিবলৈ বহু সুবিধা থাকে৷ বিশেষকৈ আমাৰ দৰে অধ্যাপক এজনৰ ক্ষেত্ৰত কথাবোৰ জানিবলৈ আৰু সহজ হয়৷ ব্যৱসায় কৰে সি৷ জেদত লাগি এজনী ছোৱালীক বিয়া কৰাই লৈ আনিবলৈ সহজ, কিন্তু জীৱনটোলৈ বুলি নিৰাপত্তা দিবলৈ ইমান সহজ নহয়৷ সলনি কৰিব পাৰিব লাগিব নিজকে৷ তাৰ সেই উদ্ধত স্বভাৱটো এৰিব নোৱৰাৰ দোষত সি পুনৰ জেইললৈ যাবলগীয়া হ’ল৷ স্বপ্নালীমাৰ কথাত সেয়া স্পষ্ট প্ৰকাশ পাইছে৷
কিন্তু তাই মোৰপৰা সময় কিয় বিচাৰিলে? মই কি কৰিব পাৰোঁ এতিয়া? সেই হোষ্টেলৰ ছুপাৰৰ দায়িত্ব এৰি দিয়া মোৰ প্ৰায় ছবছৰেই হ’ল৷ নিজৰ সাজি থকা ঘৰখনলৈ এদিন গুচি আহিলোঁ৷ স্বপ্নালীমাহঁতৰ মৰম-আব্দাৰৰ মাজেৰে ডাঙৰ হৈ অহা মোৰ ল’ৰাটো এইবাৰ ক্লাছ ছেভেন পালেগৈ৷ নিজৰ পৰিয়ালটোৰ মাজতে আটোমটোকাৰী সুখ অকণৰ মাজত আমি জীয়াই আছোঁ, জী থাকিবলৈ শিকিছোঁ৷ হীৰা নামৰ কোনো অপৰাধীৰ পত্নীৰ প্ৰতি মোৰ কোনো সহানুভূতি নাই৷ স্বপ্নালীমাৰ বাবে মই একো কৰিব নোৱাৰোঁ৷
“ছাৰ, আপুনি মোৰ বাবে একো কৰিব নালাগে৷ আপুনি চাগৈ ভাবিছে– এইজনীয়ে নিজৰ মূৰটো নিজে খালে, এতিয়া মোৰ তাইৰ বাবে কৰিবলগীয়া একো নাই৷ মই মানি লৈছোঁ ছাৰ৷ মই কেৱল এটা কথা ক’বলৈ আপোনাক এইদৰে অকণমান আছুতীয়াকৈ লগ পাব বিচাৰিলোঁ৷”
এটা কথা ক’বলৈ… তীক্ষ্ণ দৃষ্টিৰে মই স্বপ্নালীমাৰ চকুলৈ চালোঁ৷ আৰু কি কথা ক’বলৈ বাকী আছে তোৰ? হীৰাই ব্যৱসায় কৰি চহৰৰ উপকণ্ঠত ঘৰে-মাটিয়ে কিনিলে৷ তাৰ এটা পাৰ্ট ভাৰালৈ দিয়ে৷ তাৰ ব্যৱসায়ৰ পাৰ্টনাৰবোৰে স্বপ্নালীমাৰ খবৰ ৰাখে, সি শাসক দলৰ সদস্য, এদিন জেলৰপৰা ওলাব, পুনৰ ব্যৱসায় কৰিব… এইবোৰ কথাকে ইমান দেৰি তাই কৈ গ’ল, মই শুনিলোঁ৷ তেন্তে…? পুনৰ আৰু কি কথা থাকিব পাৰে– যাৰ বাবে তাই এদিন মই এই দোকানখনলৈ আহিব পাৰোঁ বুলি বাট চাইছিল, এতিয়া মেনেজাৰক কৈ মোৰ সৈতে আছুতীয়াকৈ এটা কথা পাতিম বুলি এনেদৰে বাহিৰলৈ ওলাই আহিবলগীয়া হ’ল? হঠাৎ মই ভাবিলোঁ–এইযে তাই এটা য়ুনিফৰ্ম পিন্ধি এইখন দোকানখনত এই সৰু চাকৰিটো কৰিছে… কি প্ৰয়োজনত কৰিছে? তাইতো এটা… এটা গুণ্ডাৰ পত্নী! লাগ বুলিলেই ভৰি চেলেকিবলৈ অহাবোৰ নোহোৱা হ’ল নেকি? নে আৰু অভিনয় বাকী আছেগৈ?
“মোৰ ল’ৰাটো ছাৰ, কেৱল মোৰ ল’ৰাটোৰ বাবেই মই এই চাকৰিটো কৰিছোঁ৷” স্বপ্নালীমাই দূৰলৈ দৃষ্টি নিক্ষেপ কৰিছিল৷ ক্ষণিকৰ বাবে মই আহত হ’লোঁ–“তোৰ ল’ৰা? কিমান ডাঙৰ হ’ল সি?”
তাই মোলৈ চালে৷ চকুযোৰ সেমেকি আহিছিল, তাই প্ৰশ্ৰয় দিব নিবিচাৰিলে বুলি ধৰিব পাৰিলোঁ–“সি ক্লাছ ফ’ৰলৈ পাইছে ছাৰ৷ আপোনাৰ ল’ৰাটোৰ সৈতে সি একেখন স্কুলতে পঢ়ে৷”
মই হতবাক হৈ পৰিলোঁ৷ মোৰ ল’ৰাটোৰ সৈতে তাইৰ ল’ৰাটো একেখন স্কুলত পঢ়ে? আজি ইমান বছৰে মই গম নাপালোঁ! মইতো সেইখন স্কুলৰ পৰিচালনা সমিতিৰো এজন সদস্য হৈ আছোঁ, বহু বছৰৰপৰা৷ অভিভাৱকসকলৰ বহুতকেই মই জানো, চিনি পাওঁ৷ আজি-কালি অৱশ্যে বহুত ছাত্ৰ-ছাত্ৰী হ’ল বাবে সকলোকে চিনি পোৱাটো দূৰৈৰ কথা, আধাখিনিকো ভালদৰে নাজানো; কিন্তু স্বপ্নালীমাৰ ল’ৰা ক্লাছ ফ’ৰলৈ পালে যেতিয়া, ইমান বছৰে মই… জানিব লাগিছিল৷ তদুপৰি আনুষংগিক আৰু বহু কথা আছে… সেইখন স্কুলত নামভৰ্তি কৰাৰ ক্ষেত্ৰত মাক-দেউতাকৰ পৰিচয়টো প্ৰধানকৈ লক্ষ্য কৰা হয়৷ ব্যক্তিগত খণ্ডৰ স্কুল, ফিজৰ পৰিমাণো অলপ বেছি৷ সেই বহুত কাৰকৰ মাজত স্বপ্নালীমাৰ ল’ৰা, হীৰাৰ দৰে এজন…৷
“ছাৰ, মই বহু আগৰেপৰা জানো আপুনি সেইখন স্কুলৰ সৈতে জড়িত৷ সেইবাবেই মোৰ ল’ৰাটোক মই অন্য ক’তো এডমিশ্যন দিয়াৰ কথা নাভাবিলোঁৱে৷ আপুনি তাত আছে, সেয়ে বহুত৷ মই নিজে কাহানিও আপোনাৰ সন্মুখলৈ আহিবলৈ সাহস কৰা নাছিলোঁ৷ আৰু…আপুনি ঠিকেই ভাবিছে ছাৰ, হীৰাৰ দৰে এজন অপৰাধীৰ ল’ৰা সেইখন স্কুলত কেনেকৈ…৷ বিশ্বাস কৰক ছাৰ, হীৰা এইবাৰ জেইললৈ যোৱা ডেৰ বছৰ হৈছে, তাৰ আগতে…সেই প্ৰথমবাৰ জেইললৈ যোৱা ঘটনাটোৰ পাছৰপৰা সি বহুত সলনি হৈছিল৷ মই সলনি কৰিছিলোঁ তাক৷ ল’ৰাটো সংসাৰলৈ অহাৰ পাছৰপৰা সি আৰু সলনি হৈছিল৷ কিন্তু তাৰ সেই খংটো…৷ তাৰ পৰিণতিতে পুনৰ এনে হ’বলৈ পালে৷”
তাই কেইটামান মুহূৰ্ত ৰ’ল৷ মই লক্ষ্য কৰিলোঁ– কিবা এটা ক’বলৈ তাই উচপিচাই আছে৷
এইবাৰ তাই নিজকে যেন বহুখিনি চম্ভালি ল’লে৷ কথাত এটা নতুন সুৰ আহিল– “তাৰ স্কুলত এইবোৰ কথা গম নাপায় ছাৰ৷ পালে হয়তো তাক উলিয়ায়ো দিব পাৰে, মোৰ কোনো আপত্তি নাই৷ এবাৰলৈও আপোনাৰ যোগেদি এটা চেষ্টা কৰাম বুলিও নাভাবোঁ; আপোনাকো ভাবিবলৈ নিদিওঁ৷ হীৰাই অপৰাধ কৰিছে, জেইললৈ গৈছে, তাত ল’ৰাটোৰ কোনো দোষ নাই৷ তথাপি…যদি কোনোবাই ভাবি লয়–তাৰ গাত দেউতাকৰ তেজেই আছে, গতিকে সি আৰু সেইখন স্কুলত পঢ়ি নালাগে, তেন্তে সেয়ে হওক…৷” তাই পুনৰ একমুহূৰ্তলৈ ৰ’ল৷– “হওক, কোনো আপত্তি নাই মোৰ৷ নতুন স্কুললৈ লৈ যাম৷ প্ৰয়োজন হ’লে চৰকাৰী স্কুলত দিম৷ হীৰাক মই ভাল পাইছিলোঁ, স্বইচ্ছাৰে তাৰ সৈতে এদিন গুচি আহিছিলোঁ৷ যি হৈছিল মোৰ ইচ্ছাত হৈছিল৷ সকলো ভোগ কৰিবলৈ মই সাজু হৈছোঁ৷ কিন্তু…কিন্তু ছাৰ, আজি কিছুদিনৰপৰা এটা ভয়…শংকাই মোক বৰকৈ আমনি কৰিবলৈ লৈছে, সেইবাবে এদিন আপোনাক লগ পাবলৈ বিচাৰিছিলোঁ৷”
আৰু বেছিকৈ ভাবি থাকিবলৈ মোৰো যেন শক্তি নোহোৱা হৈ পৰিছে৷ কি ক’ব বিচাৰিছে তাই…মই কি কৰিব পাৰোঁ তাইৰ বাবে?
“ছাৰ, মোক একো নালাগে, কেৱল আপোনাৰ ফোন নম্বৰটো লাগে৷ মোক মাজে মাজে আপোনাৰ সৈতে কথা পাতিবলৈ এটা সুবিধা লাগে, মোৰ ল’ৰাটোৰ বাবে৷” হঠাৎ তাইৰ মাতটো থোকাথুকি হৈ পৰিব খুজিলে৷
মই…মই একেথৰে তাইৰ মুখলৈ চালোঁ৷ কি বুজাব বিচাৰিছে তাই?
“মোৰ ল’ৰাটোৱে এতিয়া বহু কথাই বুজি পোৱা হৈ আহিছে৷ সৰুৰেপৰা সি মোমায়েকৰ ঘৰ কি বস্তু নেদেখিলে, নুবুজিলে৷ ককাক-আইতাক, কোনো আপোন মানুহৰ মৰম সি চিনি নাপালে৷ যেতিয়া আৰু অলপ বুজিব পৰা হ’ল, দেউতাকক জেইললৈ যোৱা দেখিলে৷ দেউতাকৰ লগৰবোৰক দেখিলে৷ সকলো মানুহ তাৰ দেউতাকৰ দৰে, তাৰ মাকৰ চিনাকি মানুহবোৰ দেউতাকৰ দৰে…সেই ধাৰণাটোকে মই অলপ হ’লেও নোহোৱা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ ছাৰ৷ মই তাক দেখুৱাব খোজোঁ– আপোনাৰ দৰে মানুহৰ সৈতেও মোৰ চিনাকি আছে, আপোনাৰ দৰে মানুহেও মোৰ সৈতে ফোনত কথা পাতে, মই তাক সেইটোৱে দেখুৱাব বিচাৰোঁ ছাৰ৷”
শেষৰ ফালে স্বপ্নালীমাই হাত যোৰ কৰিছিল৷
…মিঠাইৰ টোপোলাটো লৈ মই গাড়ী ষ্টাৰ্ট দিলোঁ৷ বাৰে বাৰে মোৰ নিজৰ ল’ৰাটোৰ মুখখন মনলৈ ভাহি আহিল৷ সি সৰু থাকোঁতে হোষ্টেলৰ ছোৱালীবোৰৰ লগতে ইকোলা-সিকোলা হৈ ঘূৰি ফুৰাৰ কথাবোৰ মনলৈ আহিল৷ মোক জোকাবলৈকে বুলি স্বপ্নালীমাহঁতে মোৰ ল’ৰাটোক মই শুনাকৈ কৈছিল–‘ডাঙৰ হ’লে তই দুষ্ট হ’বি দেই, দেউতাৰৰ দৰে ভাল মানুহ ভুলতো নহ’বি…৷’ আৰু মই মনে মনে হাঁহিছিলোঁ৷
পকেটত থকা মোৰ ম’বাইলটো বাজিছে৷ মই কাষৰ ছীটটোলৈ ম’বাইলটো উলিয়াই ল’লোঁ৷ এওঁ কৰিছে৷ ফোনটো ধৰিবলৈ মই গাড়ীখন কাষলৈ ৰখাইছোঁ৷ বাৰে বাৰে স্বপ্নালীমাৰ কথাকেইটা মনলৈ ভাহি আহিছে–‘তাক মানুহ কৰিবলৈকে মই এই চাকৰিটো কৰিছোঁ ছাৰ৷ অন্ততঃ সি বুজক–তাৰ মাকে কষ্ট কৰি তাক ডাঙৰ কৰিছে৷ সি বুজিব লাগিব ছাৰ…৷’
…
ঠিকনা :
সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ
জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট – ১
ভ্ৰাম্যভাষ – ৮৬৩৮১৬৭৬৩০
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
