বিভাৰাণী তালুকদাৰ
হাউচৰ শিলগুটিত দোপ দি দি
উঠি আহে কলহৰ তলি
কাণ বাগৰা পানীত
পখালিব নোৱাৰোঁ
মোৰ মন-কাউৰীৰ ঠোঁট
ডেউকাত আঙঠা বান্ধি
বনাই ফুৰোঁ ভাব-সাগৰৰ ওপৰেদি
অথাই পকনীয়াই থিয়ৈ থিয়ৈ থুকুচে
বাহী ঠোঁটেৰে
মই যে খাব নোৱাৰোঁ প্ৰেমৰ চুমা৷
Visited 1 times, 1 visit(s) today
