Written by sdblogs2011 9:17 pm Poems

কবি হোৱাৰে পৰা

ধন দাস 

সেইদিনা নৱকান্তই তোমাৰ খোপাতে আবেলি এটা বান্ধি দিছিল 

আৰু আজি মই কছৰৎ কৰি আছোঁ 

লাহ দিয়া বেলিটোক লৈ

কোনখিনিত গুজিম গোন্ধ এটা হ’বলৈ 

( বাসনা )

কবি হোৱাৰে পৰা 

ফু মাৰি ভাত খাব পৰা চোতালখন অকলশৰীয়া হ’ল দূৱৰিয়ে সেওঁতা ফালি দিয়া ৰাষ্টাৰে ঘৰ সোমাওঁ

কবিতা লিখোঁ পৃথিৱীৰ চিন্তা কৰোঁ 

কৰ্কৰা ভাতকেইটা খাই চৰকাৰ চৰকাৰ গুমৰি থাকোঁ 

বহু কাৰণ নিমাতে হাৰি যোৱাৰ বাবেই হ’বলা

অকাৰণতে এটা কবিতা ফালি পেলালোঁ

তাৰ পাছত নোৱাৰিছোঁ লিখিব 

কবিতাটোৰ সলনি 

মাছ আঁকিছোঁ চাউল আঁকিছোঁ 

পিঁয়াজৰ বাকলিত  নিমখৰ ৰং ভাবিছোঁ 

মৃত্যুক মাতিছোঁ 

ওঁহো। শেষত ‘নাই’ এটাৰ সন্মুখত তলমূৰকৈ 

ৰৈ আছোঁ নে গৈ আছোঁ

Visited 3 times, 1 visit(s) today
Website |  + posts
Close