Written by sdblogs2011 3:23 am Poems

কবি ককাৰ কবিতা

জোনমণি দাসকাকতি গাঁৱৰ কমল ককাই
কবিতা-চবিতা লিখে,
দূৰবীণ লৈ ৰাতি দুপৰতো
দূৰণিৰ তৰা লেখে।
আঙুলিৰ মূৰত ঘনাই গণি
অলেখ-অযুত তৰা,
কাকতি গাঁৱৰ ককাৰ নামটো
কৃষ্ণ কমল বৰা।
কবিতা লিখিও কবি নহ’ল
নেখায় কবি ভজা,
বোৱাৰীপুৱা চাহৰ লগত
সদায় লাগে গজা।
গৰম গজা চোবাই ককাই
পৰম মজা পায়,
বাতৰি কাকত মেলি প্ৰথমেই
ৰাশিফলটোহে চায়।
ককাৰ কবিতা কোনেও নপঢ়ে
কাকতেও নছপায়,
যাকে পায় তাকে কবিতা শুনাই
হেঁপাহেই নপলায়।
কাগজ-কলম মোনাতে থাকেই
কুৰিটা কবিতা জেপত,
দিনে-নিশাই দুকুৰি কবিতা
সদায়েই লিখে মেজত।
কান্ধত মোনা ডিঙিত চেলেং
দেখাতেই ‘কবিবৰ’,
ককাক দেখিলেই পলায় মানুহ
ভিৰাই মাৰি লৰ।

 ঠিকনা:

পাঞ্চজন্য প্ৰিণ্টিং এণ্ড পাব্লিছিং

বামুণীমৈদাম, গুৱাহাটী— ২১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 2 times, 1 visit(s) today
Website |  + posts
Close