Written by sdblogs2011 12:14 pm Articles

“কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এক প্ৰস্তাৱনা” শিৰোনামৰ লেখাটো পঢ়ি সমৃদ্ধ হৈছোঁ

বাব্‌লু প্ৰসাদ বৰুৱা

ভালেকেইটা মননশীল লেখাই জুলাই মাহৰ ‘অন্যযুগ’ৰ সুৱগা চৰাইছে। এই সংখ্যাতে প্ৰকাশ পোৱা ডক্টৰ মৃদুল শৰ্মাৰ “কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এক প্ৰস্তাৱনা” শিৰোনামাৰ লেখাটো পঢ়ি সমৃদ্ধ হৈছোঁ। প্ৰাঞ্জল অথচ ভাবগম্ভীৰ বিশ্লেষণেৰে এটি গহীন বিষয় অসমীয়া পাঠকৰ মাজত তুলি ধৰাৰ প্ৰয়াস ভাল হৈছে।

এজন অকলশৰীয়া কবিয়ে কেনেকৈ নিজৰ শিল্প-নিপুণতা প্ৰতিষ্ঠা কৰিছে, কেনেকৈ তেওঁ সময় আৰু নান্দনিক চেতনাৰ নতুন অনুভূতিক তেওঁৰ সৃষ্টিৰ উৎস কৰি তুলিছে আৰু তেওঁ কেনেদৰে সামাজিক অভিজ্ঞানৰ সৈতে সম্পৃক্ত হৈ আছে – এয়াই তেওঁৰ উৎকৰ্ষণৰ মনোময় মণিকূট। আৰু একে সময়তে, সাংসাৰিক প্ৰপঞ্চৰ পৰা কবিতালৈ আৰু ব্যক্তিগত অভিজ্ঞতাৰ পৰা এক নৈৰ্ব্যক্তিক উপলব্ধিৰ স্তৰলৈ আনুভূতিক উত্তোলনৰ দায়িত্বও কবিৰ কান্ধতে আছে। তাত্ত্বিক দৃষ্টিভংগীবিলাক মুহূৰ্তে মুহূৰ্তে সলনি হৈ থাকে! অৱশ্যে, ইলিয়টৰ এটা পুৰণি আৰু পৰিচিত মন্তব্য আজিও সমানে প্ৰাসংগিক; “The progress of an artist is a continual self-sacrifice, a continual extinction of personality”। এজন শিল্পীৰ প্ৰগতি মানে হৈছে এক নিৰন্তৰ আত্মত্যাগ, ব্যক্তিত্বৰ নিৰন্তৰ বিলুপ্তি।

সম্প্ৰতি অসমীয়া কবিতাৰ আবহ জুৰি কত বিচিত্র অমসৃণ আৰু পৰস্পৰভিন্ন উচ্চাৰণ-ভঙ্গীৰ সমাৱেশ যে, পাঠকে কোনো একক কণ্ঠস্বৰৰ সন্ধান কৰিব নিবিচাৰে। চেতনাৰ বিপুল বিস্তাৰণ অথবা কʼবলৈ গʼলে, বিস্ফোৰণৰ এনে পর্যায়ত সম্ভৱতঃ তাৰ প্রয়োজনো নাথাকে।

তাৰ পৰিৱৰ্তে, পাঠকে আজি এন্ধাৰ-পোহৰৰ মাজেৰে উদ্ভাসিত দ্বৈততা, বিশ্বাস-অবিশ্বাস, প্ৰকৃতি-প্ৰসাধন, ইতি-নেতিৰ দ্বৈৰথ-দ্বন্দ্বৰ পৰা বহুমাত্ৰিক স্বৰূপ সাধনাৰ সূত্ৰহে সন্ধান কৰে। উচ্চাৰণৰ ভিন্নভঙ্গfমাৰ ঐশ্চৰ্য আৰু অসামঞ্জস্যৰ সহাৱস্থানৰ ফলত কেনেদৰে পাঠ (text)-ৰ সৃষ্টি হৈছে আৰু কেনেকৈ ব্যক্তিগত কণ্ঠস্বৰৰ স্বনে (tone) কেতিয়াবা অন্বয় সাধনৰ সম্ভাৱনা কঢ়িয়াই আনিছে আৰু কেতিয়াবা উপমান আৰু উপমেয় উভয়কে নিৰ্বহনৰ বেদনা আৰু বিৰোধাভাসেই পাঠৰ অনৈকান্তিক আস্তৰণ (layer) বা সুৰৰ সৈতে খাপ খাই পৰিছে – ইয়াক এক নিৰ্দিষ্ট ধৰণে অনুশীলন কৰাটো আজিৰ পাঠকৰ দায়িত্ব।

দৰাচলতে, যদি নিজে অতিক্ৰম কৰি অহা পথৰেখা নিজে মচি পেলাব নোৱাৰে তেন্তে বৰ্জনীয়খিনি শৃংখলিতহে হ’ব, ফলত গন্তব্যস্থান ধূসৰ, অস্পষ্ট হৈ পৰিব। গতিকে অভিজ্ঞতাৰ পোৰামাটিৰে নিজৰ এটা গহীন ভাস্কৰ্য নিৰ্মাণ কৰাৰ পূৰ্ব-অৱস্থা হৈছে নিৰন্তৰ নিজকে ভাঙি পেলোৱা।

কিমধিকম্-ইতি।

লেখকৰ ঠিকনা:

যোৰহাট

 ভ্ৰাম্যভাষ: ৯৮৫৯৫৬৬০১৭ ১৩।০৭।২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close