Written by sdblogs2011 7:51 am Poems

কবিয়ে পাহাৰৰ সপোন দেখে

মূল : মেৰি অলিভাৰ (আমেৰিকা, ১০ ছেপ্টেম্বৰ, ১৯৩৯- ১৭ জানুৱাৰি, ২০১৯)

অনুবাদ : অলকা মহন্ত

কেতিয়াবা মই সময়ৰ অনিয়মীয়া দুৰ্বাৰ গতিত ভাগৰি পৰোঁ।

ধূসৰ স্মৃতিৰ পাহাৰ মই লাহে-ধীৰেহে বগাব বিচাৰোঁ

বাকী থকা জীৱন মই কটাব বিচাৰোঁ- প্ৰায় অলসতাৰে,

পাইন গছৰ ছাঁত শুই,  নাইবা তাৰো ওপৰৰ,  উকা শিলৰ বুকুত।

শতিকা জুৰি আমিয়েই সৃষ্টি কৰা শ্বাসৰুদ্ধকৰ আকাশখনত ঢিমিক-ঢামাককৈ বাচি থকা তৰাকেইটা চাব বিচাৰোঁ

অতীতলৈ উভতি চাই, সকলোকে ক্ষমা কৰিব বিচাৰোঁ,

শান্তিত থাকিব বিচাৰোঁ, জানিবলগীয়া অন্তিম কথাটো জানিব বিচাৰো।

এই যে ব্যস্ততাবোৰ!

পৃথিৱীতো অকল এইবোৰৰ বাবেই নহয়!

গছবোৰ কিমান নীৰৱ, সিহঁতৰ সুৰবোৰ সদায় নিজৰ,

মই ধীৰে-সুস্থিৰে আগবাঢ়িব বিচাৰোঁ, আৰু সঠিকভাৱে চিন্তা কৰিব বিচাৰোঁ।

আগন্তুক দহ হাজাৰ বছৰত, অন্ততঃ,

অকণমান হ’লেও পাহাৰ খহিব।

***

যোগাযোগ  ৯১০১১৪৩৭৪৯ 

Visited 2 times, 1 visit(s) today
Website |  + posts
Close