Written by sdblogs2011 3:37 pm Poems

কবিতা

মৃদুল শৰ্মা 

(ক)

আৰু মই তেতিয়া শুবলৈ লৈছিলোঁ

যেতিয়া

ভৱিষ্যত আছিল জৰাগ্ৰস্ত

এটা একাঙ্গী নিৰল জুপুৰী

তাতে মাটি লেপি সপোনৰ ৰং সানি

কোলাহলেৰে ভৰুণ কৰি তুলিবলৈ প্ৰস্তুতি

আৰু সাৰ পাই দেখিলোঁ

সময়ক আটায়ে হেৰুৱায়

অথচ হিচাপ কৰে ধনৰ নিচিনাকৈ

আৰু নিঃসম্বলতাক দেখুৱাওঁ আমি 

সমৃদ্ধি বুলি…

(খ)

মোৰ বাবে কোনো খালি ঠাই নাছিল

কাৰো ঠাই পূৰাবলৈ মোৰ প্ৰয়োজন গা কৰি উঠা নাছিল 

অথচ আই-পিতায়ে ৰুকি ৰুকি ঠাই উলিয়াইছিল নিজৰ মাজত

আৰু আটায়ে ক্ৰমে ক্ৰমে

আৰু মই এতিয়া কি কৰি আছোঁ

আটায়ে চাই আছে জানো

আটায়ে চাই আছেনে নাই মই চাই আছোঁ জানো

আৰু এদিন মই নোহোৱা হ’ম যেতিয়া

খালি হ’ব জানো কোনো ঠাই

ঠিকনা :

বাগেশ্ৰী

উপপথ বি, জোনাকী পথ

খনীয়া গাঁও, ডিব্ৰুগড়- ৭৮৬০০৩

অসম।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close