অনুভৱ তুলসী
ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামতকৈ
জোনলৈ যোৱা বাছৰ ভাড়া কম
তথাপি সকলো বাছ খালী
জোনত ভোটকেন্দ্ৰ হেনো নাইকীয়া
ৰাজআলি আছে গাঁত-টালিও আছে
টোলগেটৰ সাধু শুনিবলৈ
গাড়ীবোৰে ঢাপলি মেলিছে
তুমি যাদুকৰ দৃশ্যমানকো কৰাঁ অদৃশ্য
মৌনতা ফেৰী কৰি ফুৰাঁ
দাঁতে-ওঁঠে অণ্ঠে-কণ্ঠে
সুৰা কিনোতাই বেচোঁতাক কৰসেৱা কৰে
খাওঁতাৰ মুখৰ গন্ধ তুমিয়েই জোখাঁ
আৰু জোখাঁ জৰিমনাৰ পৰিমাণ
হাটে-বজাৰে বেচা-কিনা বিনিময়
প্ৰাপ্তবয়স্ক নিজকে পাৰি নেকি বেচিব
পানীকেঁচুৱা কিনোতাৰহে হেতা-ওপৰা
এইফালে কিবা এটা আহি থকা যেন লাগিছে
এক সমদল হ’ব পাৰে শ্ল’গান মুখৰ
বাটৰ বেণ্ডপাৰ্টিত ভঙা-পতাৰ বাজনা
চহৰৰ এইটো বাটত শাওনৰ মেঘৰ ঘৰ
এইটো বাটত পাইপৰ পানীহিলৈ প্ৰসৱ
এইটো বাটত ওজা আৰু পালিৰ কনভয়
চন্তৰীৰ গুলীত সিকি-আধলি ঢলি পৰে
পুৱাৰ কাগজত গৰম-চেঁচা আখৈ উভৈনদী
আখৰ বাখৰ নীৰৱ বাঙ্ময় বতাহৰ অতপালি
নেজ নথকা এই পদ্যই পাৰ পায় যদি …
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
