Written by sdblogs2011 7:01 pm Poems

কবিতা

মূল (বাংলা): – ডাঃ চাব্ৰিনা রুবিন

অনুবাদ : উৎপল দত্ত

দেখা হ’বই লাগিব

এনেকুৱা কথাতো নাই

দেখা নহলেও সূৰ্য উদয় হ’ব

অস্ত যাব

মেঘৰ পৰা বৰষুণ সৰিব

বজ্ৰপাত হ’ব

অমাৱস্যাৰ পাছত পূৰ্ণিমা আহিব

দিন যাব, মাহ যাব

ডেউকা মেলা চৰাইৰ দৰে

সপোনবোৰ বতাহত উৰিব

কবিতাবোৰে কথা ক’ব

যদিও কিছু স্পৰ্শ আৰু অনুভূতিৰ

হ’ব দ্বন্দ্ব

আৰু বিশ্বাসে হেৰুৱাব পথ

তথাপি আশ্বাসৰ বাঁহী

পুনৰ বাজিব মস্তিষ্কত …

আমাৰ দেখাদেখি নহ’লেও

পৃথিৱীত যুদ্ধ হ’ব

মকৰাই গুঠিব জাল

পখিলাই পাখি মেলিব

ফেঁচাই চাই ৰ’ব ৰাতিবোৰ

ভীষণ স্বপ্নভংগৰ কথা জনাৰ পাছতো

দেখাদেখি নহ’ব আমাৰ

দেখাদেখি নহ’লেও

আমি ঠিক এনেদৰেই চলিম

নুচুম, চুই দিম বাৰে বাৰে

এনেদৰেই পাৰ হৈ যাব

কত সহস্ৰ প্ৰহৰ আৰু কত শত ৰজনী ৷ 

Visited 1 times, 1 visit(s) today
Website |  + posts
Close