Written by sdblogs2011 3:46 am Poems

কবিতা থাকে যুগপৎ…

উদয় কুমাৰ বৰুৱা

যিবোৰ ভাবনাই পৃথক কৰি ৰাখিছিল

অত কাল সিয়েইচোন ক্ৰমাৎ ওচৰ চপাই আনিছে

প্ৰশ্ন হয়:

অনুভৱ কৰিবলে শিপাৰ অস্তিত্ব,

হ’ব লাগে নেকি মাজে মাজে

নিজৰ পৰা বিচ্ছিন্ন

একাকি‍ত্বয়ো কেতিয়াবা  দিয়ে নেকি

বন্ধ কৰি ৰাজপথলে খোলা দুৱাৰ

চকুত এখন ৰামধেনু আঁকি

কোনে কৈ যায়, কৈ যায় কোনে

‘‘অ মোৰ মাটিৰ মানুহ

সকলো নক্ষত্ৰ নুমাই যোৱাৰ পিচতো

সমস্ত মেঘৰ ছাঁ শেষ হোৱাৰ পিচতো

কবিতা থাকে যুগপৎ’’

মৃত্যুৰ দামামাই যেতিয়া কঁপাই থাকে চৌদিশ, কবিতাই তেতিয়াও কয়:

ট্ৰেজেডিও জীৱনৰে এটা

‘ষ্ট্ৰেটেজিক পইণ্ট’

তাৰ পৰাই নেদেখিও দেখি এন্ধাৰে-পোহৰে

নদীত নমা দ্বিতীয়াৰ জোন…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close