Written by sdblogs2011 4:54 am Poems

কবিতাৰ দিন

হৰেকৃষ্ণ ডেকা
কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ

লঠঙা হৈ পৰা দেখিছিলোঁ৷

সৰাপাতে তল ভৰি আছিল৷

চকুত লাগিছিল হেলনীয়া বেলিৰ হালধীয়া পোহৰ৷

দোকমোকালিতে বতাহৰ সতেজ স্পর্শ পালোঁ৷

পথাৰলৈ ওলাই আহিলোঁ৷

দেখিলোঁ, সৰাপাতবোৰ এজাক ভাটৌ হৈ

ক’ৰবালৈ উৰি গ’ল!

কেৱল কল্পনাহে আছে৷

কাকতৰ ওপৰত থিৰ হৈ আছে কলম৷

উকা কাকতত চিয়াঁহীয়ে‍ চিন দিব পৰা নাই৷

যদি ভাটৌৰ জাক মোৰ মূৰৰ ভিতৰলৈ সোমালহেঁতেন!

খুঁটিয়াই আখৰবোৰ আঙুলিৰে সৰালেহেঁতেন!

আধুনিকৰ পৰা অতি-আধুনিক বাটেৰে ঘূৰোঁতে

পথাৰ, গছ, ভাটৌৰ কথা পাহৰিছিলোঁ৷

খেলিমেলি কোলাহলৰ জঁটৰ মাজেদি

পথ বিচাৰোঁতে

শব্দৰ ভগা-ছিগা আখৰুৱা টুকুৰাবোৰ

গুবৰুৱাৰ গুঞ্জনৰ দৰে হৈছিল

আৰু মূৰ-ঘূৰণিত হেৰাইছিল৷

তাৰ আগতে মৃত কবিসকলৰ লগত

সহবাস কৰিছিলোঁ৷

তেওঁলোকে উদ্যান একোখন পাতিছিল৷

তেওঁলোকৰ স’তে আলাপো কৰিছিলোঁ৷

কিন্তু পাছত দেখোন উদ্যানত

ফুলৰ ঠাইত বন গজাহে দেখিছিলোঁ!

ফুলবোৰক যেতিয়া জাকি মৰা পখিলা যেন লাগিছিল

তেতিয়াই চহৰীয়া বাটত দ্রুত যানৰ ভ্রমণ-সূচী পাইছিলোঁ৷

পুৰণি ঢঙৰ বাগিচা আওপুৰণি যেন লাগিছিল৷

বনগুটি নিবিচাৰোঁ বুলি ওলাই আহিছিলোঁ৷

বাট-পথ যে ভাগি-ছিগি আছে জনা হ’লে!

যান-জঁটৰ কথা কোনোবাই কোৱা হ’লে!

এই ভ্রমণসূচীত ক’তো নীৰৱতা নাই,

কেৱল উকা কাকতহে নীৰৱ৷

য’ত বিচাৰোঁ মুখৰতা,

তাত জঠৰ সকলো কথা৷

পৰিহাস!

মৃত কবিসকলে কাণে কাণে কিবা কৈছে৷

তেওঁলোক মৃত হৈও জীয়াই আছে৷

তেওঁলোকৰ বাগিচাত বনৰ মাজত

এতিয়াও ফুলগছ আছে৷ ঠন ধৰা গছত

পখিলাবোৰ দেখোন ফুল হৈ আছে!

আজি কবিতাৰ দিন৷

এতিয়া কলমৰ আগ কঁপিছে৷

মগজুত শুনিছোঁ,

য’ত যি পালোঁ মথি উলিয়াব জানিলে

চিয়াঁহীৰ আঁকত খেলিমেলি কথাও

কবিতা হ’ব৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close