Written by sdblogs2011 11:27 am Poems

কথা পাতিম আহাঁ

পম্পি বৰা বৈশ্য

অ’ ককা অ’ ককা কিনো কৰি আছা,
আহাঁচোন কথা পাতো মোৰ কাষত বহাঁ,
আজি স্কুলত বাইদেৱে কি শিকালে শুনা।

বহাগত কুলিয়ে মাতে, খৰ আহে জেঠত,
কঠীয়া সিঁচাৰ সময় পৰে আহাৰ-শাওন মাহত ।
ভাদ মাহত নামঘৰত ভকত-বৈষ্ণৱ বহে,
মহাপুৰুষ দুয়োজনাৰ মৃত্যু তিথি পৰে।

আহিনত কঁহুৱা ফুলে, কাতিত কঙালী বিহু-
ঘৰ পথাৰ সকলোতে আকাশ বন্তি জ্বলে,
আঘোণত ধান পকে, পুহত ভঁৰাল ভৰে
মাঘত মেজি জ্বলাই উঠি কণী যুজঁ খেলে। 

ফাগুন মানেই ৰঙৰ উছৱ বৰ মজা লাগে,
পলাশ-মদাৰ ফুল ফুলে সৰাপাতো ভৰে।
চ’তত বছৰ শেষ হৈ নতুনক আদৰি আনে
এনেকৈয়ে বাৰ মাহ বছৰ বিয়পি থাকে। 

 অ’ ককা, অ’ ককা কিনো ভাবি আছা,
টোপনি ধৰিছে মোৰ শুই থাকোঁ ব’লা।


ঠিকনা :
হেঙেৰাবাৰী, গুৱাহাটী

Visited 3 times, 1 visit(s) today
Website |  + posts
Close