Written by sdblogs2011 7:14 am Poems

কথকী চৰাইবোৰ মৰাৰ পাছত

মনোজ নেওগ

কথাত কথা বাঢ়ে

কথাতে কথকী চৰাইবোৰ মৰি সৰাপাত হ’ল।

নিমাওমাও গধূলিৰ ফু এটা হৈ ফুৱাই গ’লহি ধূলিৰ শৰীৰ

আচলতে আমি আমাক খামুচি ৰাখিব নোৱাৰা শূন্যতাই সঁচা

জানানে, এদিনৰ নিস্ফল দিৱসত কতখন অৰণ্য জ্বলি গ’ল

সাগৰীয় ধুমুহাত বুৰ গ’ল কতখন জাহাজ

এতিয়া অস্বীকাৰ কৰিব নোৱৰা ভ্ৰমৰ দৰে আহে মই মৰি যোৱাৰ খবৰ

অথচ গম পাওঁ, বাওঁ জেপত ঢপঢপাই থাকে আধাপোৰা ঘৰচিৰিকা চৰাই

তোমালোকে কি পুহি আছা মনত

তাচপাতৰ ৰজা নে গোলাম

শূন্য দেশ নে বিদ্বেষ পুহিছা বুকুত

জনাৰ কোনো উপাই নাই

গাৰ মঙহ কামুৰি খাই যোৱা সকলো ভোকাতুৰ আছিল নে নৰখাদক

জনাৰ কোনো উপাই নাই

কোনে ক’ব এতিয়া

কথাত কথা বাঢ়েনে__

হুদু পৰা গছত ৰঙা ফুল ফুলেনে__

বাচোঁতে বাচোঁতে বাচনিৰ ৰাজনীতিত কপালত ফুটা আঁচনিৰ ধূলিৰে পুতি পেলাইছে  জুইবোৰ, তেজবোৰ, ঘৰৰ মূধচবোৰ, অফিচৰ ফাইলবোৰ, গছবোৰ

মৰণ কাতৰ চিঞৰবোৰ

কথকী চৰাইবোৰ মৰি সৰাপাত হোৱাৰ পিছত এই কথাবোৰ কোনে ক’ব 

জিভাখনেই এতিয়া বন্ধকত!

ঠিকনা :

মনোজ নেওগ

যোৰহাট

Visited 2 times, 1 visit(s) today
Website |  + posts
Close