Written by sdblogs2011 12:31 pm Poems

কণ-কবিতা

হৰেকৃষ্ণ ডেকা

    পানীৰ টোপাল

পানীৰ টোপালে সাগৰক ক’লে

তুমি মাথোন মোৰ বিশালতা

সাগৰে উত্তৰ বিচাৰি নাপালে

     মুহূৰ্ত

মুহূৰ্তই সময়ক ক’লে

তুমি মাথোন মোৰ অন্তহীন দৈৰ্ঘ্য

সময় নৰ’ল

মুহূৰ্ত তাত বিলীন হৈ গ’ল

     কথা

ধ্বনিয়ে কথাক ক’লে

মই নোহোৱাকৈ তুমি নোহোৱা

মৌনতাক ধ্বনিয়ে পাহৰিলে

    শূন্য

শূন্যত সকলো অন্তৰ্হিত

 কিন্তু শূন্য ভৰপূৰ

নিজৰ দ্বাৰাই

    সময়

সময়ৰ গতি এডাল কাড়

সেই কাড়ে যেন লক্ষ্য নাপায়

নহলে ই নিজকে ধ্বংস কৰিব

   বাস্তৱ

 বস্তু যি যেনেকুৱা

 তেনেকুৱাই

বাস্তৱ হ’ল যাক তুমি

বাস্তৱ কৰি লোৱা

   আধুনিকতা

গতি এনেকুৱা যে

তুমি বুজাৰ আগতে

ই তোমাক দিকভ্ৰান্ত ক’ৰে

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close