Written by sdblogs2011 3:21 am Poems

ককাদেউতা মৰিশালিৰ জেওৰাখন ভাগিল

মিণ্টু বুঢ়াগোহাঁই

পুৰণি হ’ল কথাবোৰ 

জেওৰা এখনে কিমান দিন বেঢ়ি ৰাখিব মৰিশালী

এখন ঘৰৰ বুৰঞ্জী মেলি সৰকি আহে ভৱিষ্যত৷ 

ককাদেউতা মৰিশালিৰ জেওৰাখন ভাগিল

কাচিজোনৰ পোহৰত 

এডাল এডালকৈ ছিঙি গ’ল কামিহাড়

অপৰাধ বুলিবলৈ একোৱেই নাছিল

আছিল মাথো এখন অৰণ্য হোৱাৰ দুৰ্বাৰ হেঁপাহ৷ 

আঁচলতে সকলোবোৰ মৰিশালি হ’ল

বুকুৰ ভিতৰত বাঁহ ল’লে মিছা সভ্যতা

পোহৰৰ বাট বুলি বাৰীৰ ভিতৰতে 

কিমান যে টনা আজোৰা 

আত্মীয়তাৰ কাপোৰবোৰো সলকি পৰিল৷ 

ককাদেউতা মৰিশালিৰ জেওৰা ভাগিল

জুমি জুমি চোৱাৰ অলেখ ভাৱৰীয়াই 

লৰাঢপৰাত লাগিল,

লুইতৰ দুয়োপাৰে মৰিশালিৰ আলোচনা চলিল,

কথাবোৰ দেখোন আকাশত পলাশৰ জুই ফুল হৈ

বাজনা বাজিল৷

ককাদেউতাৰ মৰিশালিত এখিলা সৰাপাত পৰিল

তামৰঙী সভ্যতাই মামৰ গুচালে 

সোণালী সপোন দেখা আশাই দেৱাল গুঠিব

মণি মুকুতাৰে উপচাই পেলাব ৷

যিমানেই ককাদেউতাৰ মৰিশালিৰ জেওৰা ভাগিব

সিমানেই ভোকৰ লালটিৰে কাৰোবাৰ পেট ভৰিব৷

ভাগিবলৈ দিয়া জেওৰা

এদিনটো সিও কেৱল বুৰঞ্জী হব৷

****

মিণ্টু বুঢ়াগোহাঁই

নিতাই পুখুৰী

ডাকঃ নিতাই পুখুৰী 

জিলাঃ শিৱসাগৰ, অসম

পিনঃ ৭৮৫৬৭১

ভ্ৰাম্যভাষ : ৮৬৩৮০৮৫৩৬৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close