Written by sdblogs2011 7:03 pm Poems

কইনা কন্দা শিলৰ পুৰাণ

অংকুৰণ আৰ্ফ

পুৰাণ পদ্য – ১ 

শিলে শিলে সুৰ

বুকুভৰা বেদনাৰ

ইমান কৰুণ সুৰ

প্রাচীন এই শিলৰ উপত্যকাত

ৰাতি ৰাতি

ৰাউচি জুৰি কোনে কান্দে

বুৰঞ্জীৰ বতাহত ভাহি অহা

কাৰ এয়া ইমান দুখৰ মাত

শুনো কি নুশুনো

ৰাতি ৰাতি

কাৰ ইমানবোৰ

বিৱাহৰ ঘন ঘন উৰুলি

আৰু মন্ত্ৰময় শ্লোক

নিয়ৰ পৰা নিশা

টোপাটোপে সৰে

কাৰ এয়া ইমান উষ্ণ অশ্রু

ইয়াত যেন বিলীন হৈ আছে

শিল হৈ যুগমীয়া শিল হৃদয়ৰ শোক

পুৰাণ পদ্য – ২

জোনাক সৰা ৰাতি

কিচকিচিয়া কলা চুলি মেলি শিলছটাৰ ওপৰত কোন তুমি

জলকুঁৱৰী নে

ৰাতিৰ পৰী !

সোণ-হীৰাৰ অলঙ্কাৰে

চিকিমিকি

পাটৰ সাজযুৰিৰ সৈতে ইমান লাৱণী দেহৰ অংগত জিলিকি আছে

স্নিগ্ধ চন্দন আৰু মাহ-হালধি !!

এয়া কি

সৰাপাতবোৰ সাবটি

তুমি যে আছা উচুপি

কি ক’লা

কি ক’লা তুমি?

তুমি ইয়াৰে

বৰঘন ৰজাৰ নন্দিনী

মায়ঙৰ মায়াৱী কোঁৱৰে

তোমাৰ হিয়াৰ প্ৰেম নিলে কাঢ়ি

তুমি সেইদিনা

কোঁৱৰৰে হৈছিলা ধর্মপত্নী

বিৱাহৰ দিনাই

বাটৰ ধুমুহাই

এই শিলৰ উপত্যকাতে

চিৰকালৰ বাবে

তোমালোকৰ জীৱন দিলে ঢাকি

নুমাই গ’ল তোমাৰ বুকুৰ আকুল-ব্যাকুল আধৰুৱা ইচ্ছাৰ প্রেম চাকি

অপূৰ্ণ-আধৰুৱা হৈ ৰ’ল তোমালোকৰ প্ৰেম কাহিনী

সেয়ে শিলে শিলে প্রতিধ্বনিত হয় আজিও তোমাৰ উচুপনি

উঃ আৰু নক’বা

পৰিত্যক্ত এই প্ৰেম পুৰাণৰ কাহিনী

শিলে দিলে যি সমাধি !

উপসংহাৰ :

শিল হৈ শিলে শিলে কোৱা এই শিল শোকৰ কথকতা

মায়ঙৰ মন্ত্ৰৰ দৰে

পুৰণি হৈও সদায়

নতুন পাত এখিলা ।

 বি.দ্র.- মৰিগাঁও জিলাৰ এক প্রাচীন শিলৰ পাহাৰৰ বুকুত লুকাই থকা জনশ্ৰুতিৰ আধাৰত এই কবিতাটো ৰচনা কৰা হৈছে।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close