Written by sdblogs2011 8:02 am Poems

ওমলা পদ্য

অংকুৰিতা ফুকন

(১)
ধেই-তাওঁ মালি, বান্দৰ পোৱালি
খোৱানে মইনাহঁত সেউজীয়া পাচলি?

(২)
কণমানি গা-গছ লাহি লাহি পাত
শাকৰ লগত খোৱানে
গৰম গৰম ভাত ?

(৩)
ইকুট মিকুট চিকুট
কেনে লাগে কোৱাঁচোন
খাই ভজাবুট?

(৪)
এডিম চেদিম বাই
দেউতাৰ লগত কোন কোন
বজাৰলৈ যায়।

(৫)
জোনবাই এ মইনাহঁতক কোৱাঁ
ম’বাইল লৈ নেখেলিবা,
পঢ়া-শুনা কৰাঁ।
—-

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close