Written by sdblogs2011 7:26 pm Articles

ওপৰঞ্চি শক্তিৰ সহায়

 অভিজিত শর্মা বৰুৱা

ঐচ্ছিক আৰু অনৈচ্ছিক :

আমি সক্রিয়ভাৱে বহু কামেই কৰোঁ। খোজ কাঢ়োঁ, ভাত খাওঁ, খেলা-ধূলা কৰোঁ। এই সকলোবিলাক কাম আমি সচেতনভাৱে কৰোঁ। নাইবা আমি ইচ্ছা কৰিলে এইবোৰ কৰিব পাৰোঁ বা নকৰিবও পাৰোঁ। কিন্তু আমি আন কিছুমান কামৰ ক্ষেত্রত তেনেকৈ নিজ খুচিত কৰা-নকৰাৰ সিদ্ধান্ত ল’ব নোৱাৰোঁ। উদাহৰণ – হাওঁফাওঁ বা হৃযযন্ত্রৰ কাম-কাজবোৰ। সেইবোৰ কাম আমি সচেতনভাৱে কৰিব নোৱাৰোঁ বা বন্ধ কৰিবও নোৱাৰোঁ। আমি জানো যে যিবোৰ পেশীৰ কাম আমাৰ ইচ্ছাৰ অবিহনেই চলে বা যিবোৰৰ কাম-কাজ আমি নিয়ন্ত্রণ কৰিব নোৱাৰোঁ, সেইবোৰ অনৈচ্ছিক পেশী আৰু যিবোৰ পেশীৰ কাম আমি ইচ্ছা কৰি নিয়ন্ত্রণ কৰিব পাৰোঁ, সেইবোৰ ঐচ্ছিক পেশী। আমি ইচ্ছা কৰিলেই হৃদযন্ত্রৰ পেশীক নির্দেশ দি হৃদযন্ত্রৰ ধপধপনি দ্রুত কৰাব নোৱাৰোঁ। তাৰ ধপধপনি দ্রুত কৰিবলৈ হ’লে আমি এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰিব লাগিব, যাতে হৃদযন্ত্রৰ বিভিন্ন পেশীবোৰে প্রকাৰান্তৰে আমাৰ ইচ্ছাকে পূৰণ কৰি হৃদযন্ত্রৰ ধপধপনি দ্রুত কৰি তুলিব। আমি যদি বেছ বেগেৰে কেইশ মিটাৰমান দৌৰোঁ, তেতিয়া আমাৰ উশাহ দ্রুত হ’ব আৰু হৃদস্পন্দন কিছু সময়ৰ বাবে হ’লেও বাঢ়ি যাব। কিন্তু আমি সেই একেটা কামকে কোঠাৰ ভিতৰতে আৰামেৰে বহি সাধাৰণ অৱস্থাত, হৃদযন্ত্রক কেৱল নির্দেশ দি কৰাব নোৱাৰোঁ। কাৰণ সেয়া অনৈচ্ছিক পেশী। পাছে আমি হাতখনক নির্দেশ দি ইখন হাত বা কপালত পৰি কামুৰি থকা মহটোক ঠিকেই মাৰিব বা খেদাব পাৰোঁ। কাৰণ সেয়া ঐচ্ছিক পেশী।

চেতন-অৱচেতন শক্তি :

আমি যদি আমাৰ ভিতৰৰ অন্তর্নিহিত শক্তিক সাধাৰণভাৱে চেতন আৰু অৱচেতন – এই দুই ভাগত ভাগ কৰি লওঁ, তেতিয়া হয়তো দেখিম চেতন শক্তিৰ তুলনাত অৱচেতন শক্তিৰ কাম আৰু সামর্থ্য বহুত বেছি। অৱচেতনৰ কোনো জিৰণি নাই। জন্ম হোৱাৰ পাছৰেপৰা হৃদযন্ত্রই কাম কৰি আছে, হাওঁফাৱেঁ বায়ু পাম্প কৰি আছে, কিডনীয়ে তাৰ নিজৰ কাম কৰি আছে। কোনো এক ছেকেণ্ডৰ বাবেও ৰোৱা নাই। কিন্তু আমি জানো যে কোনো যন্ত্রই সুন্দৰভাৱে কাম কৰি থাকিলেও তাক নির্দেশ দিবলৈ বা প্রয়োজনীয় ইন্ধনৰ যোগান ধৰি থাকিবলৈ কোনোবা লাগিবই। ধৰা হওক, এখন গাড়ী নিৰৱচ্ছিন্নভাৱে চলি আছে। কিন্তু সেইখনতো নিজে নিজে নচলে! এইখন চলাবলৈ এজন ভাল চালক লাগিব, যি নিপুণভাৱে কোনো জিৰণি নোলোৱাকৈ গাড়ীখন চলাই থাকিব, মাজে মাজে ইন্ধন ভৰাব। আমাৰ সাধাৰণ এজন চালকতকৈ সেইজন বহুত বেছি পৰিশ্রমী, শক্তিশালী আৰু যোগ্যতাসম্পন্ন হ’ব লাগিব। আমি শুই থাকিলেও আমাৰ দেহত কাম কৰি থকা শক্তিৰ সামর্থ্যৰ মান এই উদাহৰণৰ পৰাই মোটামুটিভাৱে  বুজিব পাৰি। আমাৰ দেহৰ হৃদযন্ত্র, হাওঁফাওঁ আদিয়ে অনৈচ্ছিকভাৱে কেনেকৈ কাম কৰে, তাৰ ব্যাখ্যা বিজ্ঞানত আছে। আমি যদি ধৰি লওঁ (আচলতে সেয়া সঁচাই) যে আমাৰ সচেতনতাৰ বিপৰীতে এক অৱচেতন শক্তিয়ে এই কামবোৰ পৰিচালনা কৰি আছে, তেন্তে সেই শক্তি কিমান বেছি শক্তিশালী, দক্ষ আৰু দায়িত্বপূর্ণ হ’ব লাগিব, ভাবিলেই ওলাই পৰে।

আৱেগৰ শক্তি :

আৰু এটা কথা। আমাৰ মনত বিভিন্ন কাৰণত এনে কিছুমান আৱেগৰ সৃষ্টি হয়, যিবোৰ আমি সহজে নিয়ন্ত্রণ কৰিব নোৱাৰোঁ। সেইবোৰ আৱেগৰো শক্তি কিন্তু বহুত বেছি আৰু সেইবোৰে আমাৰ শৰীৰৰ কিছুমান তন্ত্রত অস্বাভাৱিক আৰু শক্তিশালী প্রভাৱ বিস্তাৰ কৰিব পাৰে। আমি দূৰণিবটীয়া বাছত ক’ৰবালৈ গ’লে মন কৰোঁ যে কেতিয়াবা বাছত উঠি যোৱা দুই-এজন লোকৰ প্রস্রাৱ কৰাৰ ইচ্ছা-প্রৱণতা ইমান বৃদ্ধি পায় যে ৰ’ব নোৱাৰি ড্রাইভাৰ-কণ্ডাক্টৰক হাল্লা কৰি হ’লেও ওচৰত মানুহ-দুনুহৰ ঘৰ নথকা ঠাইত গাড়ী ৰখোৱাই দিয়ে আৰু খৰধৰকৈ নামি গৈ স্থান-কাল নাচাই সেই কামফেৰা কৰিহে স্বস্তি পায়। আমাৰ নিজৰো কেতিয়াবা তেনে অৱস্থা হ’ব পাৰে। হয়তো আৰু আধাঘণ্টা পাছতেই বাছখন স্বাভাৱিকভাৱে ৰোৱা বাছ-আস্থানটো পালেগৈহেঁতেন আৰু তাতে সেই কামটো সুবিধাজনকভাৱে কৰিব পৰা গ’লহেঁতেন, কিন্তু সেইকণ সময় ৰ’বলৈও উপায় নাই! আন এটা উদাহৰণ। বৃদ্ধ অৱস্থাত কোনো লোকৰ অৱশ্যম্ভাৱীভাৱে মৃত্যু হ’ব পাৰে। তেওঁক ভাল পোৱা পুত্রৰ মনত তেতিয়া বাৰু কেনে ধৰণৰ আৱেগ-অনুভূতিৰ সৃষ্টি হ’ব? দেউতাকে চিৰদিনৰ বাবে সকলোকে এৰি গুচি যোৱাৰ বেদনাত নিমগ্ন থকা সময়ত তেওঁক বাৰু প্ৰস্ৰাৱ-পায়খানাৰ চিন্তাই দিগদাৰ কৰিবনে? সেইবোৰ দৈহিক চিন্তা যেন তেওঁৰ মানসিকতাৰ পৰা সাময়িকভাৱে বহু দূৰলৈ গুচি যায়। দেউতাকৰ মৃতদেহ সমুখত থকা অৱস্থাত কাৰো গৰম চাহ একাপ খাবলৈ মন নাযায়। কিন্তু এনেয়ে হয়তো সেই সময়ত তেওঁক চাহ একাপ নহ’লেই নহ’লহেঁতেন।

যি শক্তি কাঢ়ি নিব পাৰে, সি দিবও পাৰে !

আমি আচলতে বুজিব খোজা কথাটো হ’ল যে সাধাৰণ অৱস্থাত আমি যি কাম নকৰিলেই নহয়, বা যি ইচ্ছা-প্রৱণতাক আমি নিজে অতি চেষ্টা কৰিও বন্ধ কৰিব নোৱাৰোঁ (সেই প্রস্রাৱ কৰাৰ কথাটো এটা উদাহৰণ), আমাৰ কিছু বিৰল আৱেগ-অনুভূতিয়ে সেয়া কিন্তু অনায়াসে বন্ধ কৰিব পাৰে। অর্থাৎ সেইবোৰ যথেষ্ট শক্তিশালী। দৃপ্ত খোজেৰে গৈ থকা সুস্থ-সবল মানুহ এজনে যদি সেই অৱস্থাতে এটা অতি মর্মান্তিক পাৰিবাৰিক দুঃসংবাদ শুনে, তেন্তে সেই মুহূর্ততে হয়তো তেওঁৰ সমস্ত শক্তি নিমিষতে শেষ হৈ যায়, খোজ কাঢ়িবলৈ বা থিয় হৈ থাকিবলৈ তেওঁৰ শক্তি নাইকিয়া হৈ যায় আৰু তেওঁ ঠাইতে বহি পৰে। মানুহজনৰ ভিতৰৰ সেই শক্তি এপলকৰ ভিতৰতে কিহে কাঢ়ি নিলে? মনেই নহয়নে? মানুহজন মানসিকভাৱে ভাঙি পৰাৰ লগে লগে তেওঁৰ শাৰীৰিক শক্তিও নাইকিয়া হৈ পৰিল। মনে যদি এনেকৈ শাৰীৰিক শক্তি নিঃশেষ কৰিব পাৰে, বা তেনে শক্তিৰ ওপৰত মনৰ ইমান নিয়ন্ত্রণ থাকে, তেন্তে সেই একেটা মনেই ইতিবাচক পৰিৱেশত দেহত প্রভূত শক্তি যোগান ধৰিব নোৱাৰিব কিয়?

দেহৰ ভিতৰত প্রকৃততে কি হয়?

কিছুমান তেনে অস্বাভাৱিক পৰিৱেশত আমাৰ দেহৰ ভিতৰত এনে কিছুমান প্রটিন, বা হৰম’নৰ নিঃসৰণ হয়, বা এনে কিছুমান প্র’টিনৰ স্বাভাৱিক নিঃসৰণ বন্ধ হৈ যায় যে আমাৰ দেহৰ অৱস্থা স্বাভাৱিক হৈ নাথাকে। তেতিয়া আমি শক্তি হঠাতে হেৰুৱাব পাৰোঁ বা পাবও পাৰোঁ। আমি সাধাৰণ অৱস্থাত এখন ওখ জেওৰা বা বহল খাল এটা জাঁপ মাৰি পাৰ হৈ যাব নোৱাৰিলেও কেনেবাকৈ যদি সাংঘাটিক বিপদত পৰোঁ (যেনে – গোজৰণি মাৰি বাঘ এটাই খেদি আহিছে!), তেতিয়া তেনে অস্বাভাৱিক অৱস্থাত অনায়াসে সেয়া কৰিব পাৰোঁ। আচলতে প্র’টিন-হৰম’নৰ বিৰল নিঃসৰণৰ ফলতে সেয়া সম্ভৱ হৈ উঠে। কিন্তু যিয়েই নহওক, এটা কথা ঠিক যে সেই অস্বাভাৱিক শক্তি আমাৰ দেহৰ ভিতৰৰ পৰাই আহিছে! তেন্তে আমাৰ ‘সচেতন শক্তিৰ’ তুলনাত সেয়া কিমান বেছি!

অৱচেতন শক্তিৰ সার্থক ব্যৱহাৰ :

আমাৰ ভিতৰত যথেষ্ট পৰিমাণে অৱচেতন শক্তি আছে। তদুপৰি আমাৰ নিজা আৱেগ-অনুভূতিৰো প্রচণ্ড শক্তি আছে, যি শক্তি আমাৰ ‘সচেতন শক্তিৰ’ তুলনাত বহুত বেছি। আমাৰ লক্ষ্য সাধনৰ দিশত সেই শক্তি ব্যৱহাৰ নকৰাৰ অর্থ হ’ল, অত্যাধুনিক অস্ত্র-শস্ত্রৰে সজ্জিত সামৰিক শক্তি বা অর্ধসামৰিক শক্তি থকা সত্ত্বেও তাক ব্যৱহাৰ নকৰি লাঠীৰে সজ্জিত গৃহৰক্ষী কর্মীৰে প্রৱল-প্রতাপী সশস্ত্ৰ বিদেশী বাহিনীৰ সমুখীন হোৱা! আমি আচলতে সেই শক্তিৰ ব্যৱহাৰ শিকিব লাগিব। আমি মনৰ মাজতে এক দৃঢ় সংকল্প লৈ সেই শক্তিক আহ্বান কৰিব লাগিব। আমি নিজে যেতিয়া শয়নে-সপোনে সুনির্দিষ্ট লক্ষ্যৰ কথাকে চিন্তা কৰি থাকোঁ, তেন্তে আমাৰ অৱচেতন শক্তিয়ে, আৰু লগতে আমাৰ আৱেগ-অনুভূতিয়েও সেয়া অনুভৱ কৰিব আৰু আমাক সহায় কৰিব। সেয়া আমাৰ নিজৰে অন্তর্নিহিত শক্তি। গতিকে সি আমাক সহায় নকৰাৰ কি কাৰণ থাকিব পাৰে? আমি যেতিয়া ধ্যান কৰোঁ, যোগাভ্যাস কৰোঁ, তেতিয়া প্রকৃততে আমাৰ সচেতন শক্তিৰ দ্বাৰা আমাৰ ভিতৰৰ সেই অৱচেতন শক্তিকে জাগ্রত কৰিবলৈ যত্ন কৰোঁ। জ্ঞানীলোকে এনেয়ে প্রৱল ইচ্ছাশক্তিৰ কথা নকয়। প্রৱল ইচ্ছাশক্তিৰে অৱচেতন শক্তিক কামত লগাব পাৰি। যোগ-ধ্যানৰ ফলত মানুহে যিবোৰ অবিশ্বাস্য কাম কৰিব পাৰে, সেয়া হয়তো আমাৰ সেই প্রচণ্ড অৱচেতন শক্তিৰ সহায়তে কৰে।

ওপৰঞ্চি শক্তিৰ প্রয়োগ :

আমি যদি আমাৰ লক্ষ্যত উপনীত হ’বৰ বাবে আমাৰ মাজত থকা শক্তিৰ এই বিৰাট ভাণ্ডাৰক ওপৰঞ্চিভাৱে ব্যৱহাৰ কৰিব পাৰোঁ, তেন্তে কি যে ভাল হ’ব! সেয়া কিন্তু অসম্ভৱ বা বেছি টান কাম নহয়। আমি যদি আমাৰ লক্ষ্য আৰু উদ্দেশ্যত মন কেন্দ্রীভূত কৰোঁ, আৰু অনবৰতে সেই কথাকে চিন্তা কৰি থাকোঁ, তেন্তে আমাৰ অৱচেতন শক্তিয়ে আমাক সহায় কৰিব, আৰু আমাৰ আৱেগ-অনুভূতিয়েও সেই দিশত আমাক অধিক শক্তিৰ যোগান ধৰিব। কিছুমান লোকে যে কম সময় শুই বা জিৰণি লৈও প্রাণৱন্তভাৱে কাম কৰি যাব পাৰে তেওঁলোকে নিশ্চয়  এনে আৱেগ-অনুভূতি, অৱচেতন শক্তি আদিৰ পৰাই প্রয়োজনীয় শক্তি লাভ কৰে।

*****

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close