মূল : হৰ্হে লুই বৰ্হেছৰ Emma Zunz
ইংৰাজী অনুবাদ : এণ্ড্ৰু হাৰ্লীৰ Emma Zunz
অসমীয়া অনুবাদ: নয়নজ্যোতি শৰ্মা
১৯২২ চনৰ ১৪ জানুৱাৰি তাৰিখে এমা ছুঞ্ছে টাৰবুখ আৰু লোইৱেণ্টালৰ কাপোৰৰ মিলটোৰ পৰা উভতি আহি পদূলিৰ এমূৰত এখন চিঠি পৰি থকা দেখা পাইছিল। ব্ৰাজিলৰ পৰা অহা এই চিঠিখনে তাইৰ দেউতাকৰ মৃত্যুৰ বাতৰি কঢ়িয়াই আনিছিল। চিঠিখনৰ খাম আৰু মোহৰটো দেখি পোন প্ৰথমে তাই অন্য কিবা বুলি ভাবিছিল যদিও চিঠিখনৰ অচিনাকি আখৰকেইটা দেখা পাই তাইৰ বুকুখন কঁপি উঠিল। কাউৰীঠেঙীয়া আখৰেৰে লিখা ন-দহটামান শাৰীয়ে গোটেই কাগজখিলা দখল কৰি আছিল য’ত থূলমূললৈ লিখা আছিল যে অসাৱধানতাবশতঃ অত্যাধিক পৰিমাণে টোপনি অহা বড়ি সেৱন কৰাৰ ফলত সেই মাহৰ তিনি তাৰিখে বাযে’ চহৰৰ এখন হস্পিতালত মায়েৰ মহাশয়ৰ মৃত্যু ঘটে। ৰিঅ’ গ্ৰাণ্ডে চহৰত তাইৰ দেউতাকৰ সৈতে একেটা চৌহদতে থকা ফেইন নে ফাইন নামৰ এজন মানুহে এজনে চিঠিখন লিখিছিল ; তেওঁ আনকি এয়াও নাজানিছিল যে চিঠিখন তেওঁ মৃতকৰ দুহিতালৈ লিখি আছে।
এমাৰ হাতৰ পৰা কাগজখিলা সৰি পৰিছিল। তাইৰ এনেকুৱা লাগিছিল যেন পেটটো কিহবাই পকাই নিছে, আঁঠুদুটা কঁপিবলৈ ধৰিছে, তাৰ পাছতেই তাইৰ মনটো এক অব্যাখেয় অপৰাধবোধেৰে ভৰি পৰিছিল, সকলোবোৰ এক ভ্ৰম যেন লাগিছিল, একে সময়তে এক শীতাৰ্ত অনুভূতি আৰু ভয়ৰ ভাবে তাইক আবৰি ধৰিছিল আৰু তাই প্ৰাৰ্থনা কৰিবলৈ ধৰিছিল যাতে দিনটো সোনকাল পাৰ হৈ যায়।
কিন্তু পিছ মুহূৰ্ততে তাই বুজি পাইছিল যে এনেকুৱা আশা কৰাটো বৃথা, কিয়নো গোটেই পৃথিৱীখনত মাথোঁ তাইৰ বাবেহে তাইৰ দেউতাকৰ মৃত্যু হৈছে আৰু সেয়া এক চিৰন্তন সত্য ঘটনা আছিল। কাগজখিলা হাতত তুলি লৈ তাই নিজৰ কোঠালৈ গৈছিল। সন্তৰ্পণে তাই চিঠিখন ড্ৰয়াৰত থৈ দিছিল আৰু এনে লাগিছিল যেন তাই কিবা প্ৰকাৰে ভৱিষ্যতৰ উমান পাই গৈছিল। সম্ভৱতঃ অনাগত সময়ত ঘটিবলগীয়া ঘটনাৰ এক পূৰ্বাভাস তাই পাইছিল আৰু তাৰ বাবে তাই ইতিমধ্যেই নিজকে অন্য মানুহ এজনীৰ সাঁচত গঢ় দি লৈছিল।
মানুৱেল মায়েৰক ভাল দিনবোৰত মানুহে ইমানুৱেল ছুঞ্ছ বুলি জানিছিল আৰু ক্ৰমাৎ বাঢ়ি অহা অন্ধকাৰৰ ৰাজ্যখনত দিনটোৰ অন্তিম ক্ষণলৈকে এমাই মানুৱেল মায়েৰৰ আত্মহত্যাৰ শোকত উচুপি উচুপি কান্দি থাকিল। তাই গুৱালেগাইৰ ওচৰৰ এখনি সৰু পামত কটোৱা গৰমৰ বন্ধৰ দিনবোৰৰ কথা ভাবিবলৈ ধৰিছিল, তাই নিজৰ মাকৰ মুখখন মনত পেলাইছিল (অথবা মনত পেলাবলৈ চেষ্টা কৰিছিল), তাই মনত কৰিছিল লানুছৰ নিলাম হৈ যোৱা সিহঁতৰ অকণমানি ঘৰটোৰ কথা, তাই মনত পেলাইছিল খিৰিকীত অঁকা কাঁচৰ হালধীয়া বৰফিবোৰ, কাৰাবাসৰ আদেশটো, সেই অপবাদবোৰ, বেনামী চিঠিৰ লগত অহা “গাণনিকৰ ধন আত্মসাৎ” শিৰোনামৰ বাতৰিৰ টুকুৰাবোৰ, লগতে তাই মনত পেলাইছিল (কাহানিও পাহৰিব নোৱাৰা) সেই ৰাতিটোৰ কথা, যিদিনা দেউতাকে শপত খাই কৈছিল যে প্ৰকৃত অপৰাধীজন আছিল কাপোৰৰ মিলটোৰ প্ৰাক্তন সঞ্চালক আৰু বৰ্তমানৰ মালিক আৰ’ণ লোইৱেণ্টাল। ১৯১৬ চনৰ পৰাই এই ৰহস্যটো এমাই বুকুত গোপনে সাঁচি ৰাখিছিল। এই কথাটো তাই কাৰো আগতেই বেকত কৰা নাছিল, আনকি অন্তৰতম বান্ধৱী এলছা উৰষ্টেইনৰ পৰাও তাই এই কথাটো লুকুৱাইছিল। হয়তো এই সত্যই এক ঘৃণনীয় সন্দেহৰ ৰূপ ধৰি তাইক সংকুচিত কৰি ৰাখিছিল, এই গোপনীয় কথাটোকেই তাই নিজৰ আৰু নিখোজ হৈ থকা দেউতাকৰ মাজৰ এক সংযোগ-সূত্ৰ বুলি ভাবি লৈছিল। অৱশ্যে তাই যে সেই গোপন সত্যটো জানে সেই কথা লোইৱেণ্টালৰ সপোনৰো অগোচৰ আছিল আৰু এমা ছুঞ্চে এই কথাটিকে ভৰসা কৰি মনত সাহ বান্ধিছিল।
সেই ৰাতিটো তাইৰ চকুৰ টিপ নমৰাকৈয়ে পাৰ হ’ল আৰু যেতিয়ালৈ বেলিৰ পোহৰত আয়তাকাৰ খিৰিকীখন মনিব পৰা হ’ল, তাই মনতে এটা নিখুঁত পৰিকল্পনা তৈয়াৰ কৰি ল’লে। নাযায় নুপুৱাই যেন লগা সেই দিনটোও আন সকলো দিনৰ দৰেই সাধাৰণভাৱে পাৰ কৰিবলৈ তাই যৎপৰোনাস্তি চেষ্টা চলালে। মিলৰ ভিতৰভাগত এক ধৰ্মঘটৰ উৰা বাতৰি প্ৰচাৰ হৈ আছিল যদিও অইন দিনাৰ দৰেই কোনো ধৰণৰ হিংসাত্মক কাৰ্যকেই কাহানিও সমৰ্থন নকৰে বুলি তাই সকলোকে জনাই দিলে। ছয় বজাত অফিচ ছুটী হোৱাত তাই এলছাৰ সৈতে এটা মহিলাৰ বৈঠকখানালৈ গ’ল য’ত ব্যায়ামাগাৰ, স্নানাগাৰ আদিৰ সুন্দৰ সুবিধা আছিল। তাত সিহঁতে অন্য মহিলাসকলৰ সৈতে কথা-বতৰা পাতিলে, নিজৰ নামটো তাই এবাৰ দোহাৰিব লগা হ’ল, বানান জোঁটাই মাতিব লগা হ’ল ; অত্যন্ত দুৰ্বিসহ, দুবাৰ তিনিবাৰকৈ ক’বলগীয়া হোৱা কৌতুকবোৰতো তাই জোৰ কৰি হাঁহিবলগীয়াত পৰিল। পিছৰটো দেওবাৰে কোনখন চিনেমা চাবলৈ যাব তাকে তাই এলছা আৰু ক্ৰনফুছ পৰিয়ালৰ সৰু ছোৱালীজনীৰ লগত আলোচনা কৰিলে। পিছে যেতিয়া পুৰুষসংগীৰ কথা ওলাল সকলোৱে ভবাৰ দৰেই এমা নিৰৱে থাকিল। কিয়নো এপ্ৰিলৰ মাহত ঊনৈশ বছৰীয়া হ’বলৈ গৈ আছিল যদিও পুৰুষ বুলি ক’লেই এমাৰ মনত এক ভয়াৰ্ত, অসুখী অনুভৱে গা কৰি উঠিছিল। ঘৰলৈ আহি তাই কেইটুকুৰা মান মিঠা আলু আৰু অন্য পাচলিৰ সৈতে চুৰুহা এবাতি উতলাই খালে আৰু অতি সোনকালেই জোৰ কৰি বিছনাত পৰিল। কৰ্মব্যস্ততা, দৌৰা-ঢপৰা আৰু সৰু-সৰু কথাৰ মাজেৰেই শুক্ৰবাৰৰ দিনটো, অৰ্থাৎ পোন্ধৰ তাৰিখটো – সেই বিশেষ দিনটোৰ আগৰ দিনটো পাৰ হ’ল।
শনিবাৰৰ দিনটোত অত্যাধিক অস্থিৰতাই তাইক দুৰ্বল কৰি তুলিলে। অৱশ্যে তাইৰ মনত ব্যাকুলতা বা দ্বিধাই স্থান পোৱা নাছিল, বৰঞ্চ সেই প্ৰত্যাশিত দিনটো আহি পোৱাত তাইৰ মনত এজাক প্ৰশান্তিৰ বা বলিছিল। সেইদিনাখন তাইৰ একো পৰিকল্পনা কৰিবলৈ অথবা মনতে চিত্ৰায়ণ কৰিবলৈ বাকী নাছিল, মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই তাই অৱশ্যম্ভাৱী ঘটনাৱলীৰ সৈতে মুখামুখি হ’বলৈ গৈ আছিল। তাই লা প্ৰেনছা নামৰ কাকতখনত পঢ়িছিল যে ছুইডেনৰ মালম’ৰ পৰা অহা নৰ্ডখাৰনান নামৰ জাহাজখনে ৩ নং ঘাটত লংগৰ পেলাব। তাই লোইৱেণ্টালক ফোন কৰি জনালে যে মিলত চলি থকা ধৰ্মঘট সম্বন্ধীয় এক গোপন খবৰ তাইৰ হাতত আছে আৰু খবৰটো দিবলৈকে সন্ধিয়া সময়ত তাই তেওঁৰ কাৰ্যালয়ত উপস্থিত হ’ব। কথাখিনি কওঁতে তাইৰ মাতটো কঁপি উঠিছিল, অৱশ্যে এজন গুপ্তচৰৰ পক্ষে সেয়া স্বাভাৱিক আছিল।
সেইদিনাৰ ৰাতিপুৱাটো ঘটনাবিহীনভাবেই পাৰ হ’ল। দুপৰীয়ালৈকে তাই নিজৰ কামত ব্যস্ত থাকিল আৰু তাৰ পিছত পাৰ্লা ক্ৰনফুছ আৰু এলছাৰ সৈতে দেওবাৰে ফুৰিবলৈ যোৱাৰ পৰিকল্পনাটোৰ কথা আকৌ আলোচনা কৰিলে। দুপৰীয়াৰ আহাৰৰ পিছত তাই কিছু সময় বিছনাত পৰিল আৰু চকু বন্ধ কৰি গোটেই পৰিকল্পনাটি মনৰ ভিতৰতে যুকিয়াই ল’লে। তাই আশা কৰিলে যে হয়তো শেষৰ পৰ্যায়টো প্ৰথমটো পৰ্যায়তকৈ কম ভয়াবহ হ’ব তথা তাইক এক নিশ্চিত বিজয় আৰু ন্যায়ৰ সোৱাদ দিব। হঠাৎ তাই গিৰিসাই উঠি ড্ৰেছিং টেবুলখনৰ ওচৰলৈ গ’ল আৰু ড্ৰয়াৰটো খুলিলে। মিল্টন চিলছৰ প্ৰতিকৃতিখনৰ তলত আগৰাতি থৈ দিয়া ভাঁজেই থকা ফেইনৰ চিঠিখন উলিয়ালে। সেই চিঠিখন তেতিয়ালৈ কোনেও দেখা পোৱা নাছিল। তাই শেষবাৰৰ বাবে চিঠিখন পঢ়িলে আৰু টুকুৰা-টুকুৰকৈ ফালি পেলালে।
সেইদিনা সন্ধিয়া ঘটা প্ৰতিটো ঘটনাৰ পূৰ্ণবাস্তৱ ব্যাখ্যা দিয়াটো কিছু কঠিন আৰু হয়তো কিছু পৰিমাণে অযুগুত। নৰকৰ অস্তিত্ব কাল্পনিক বুলি জনাৰ পিছতো কিন্তু এই কল্পনাই মানুহৰ নৰক ভীতি কমাওক চাৰি অধিক গাঢ় হে কৰি তোলে। যিটো পৰিকল্পনাত তাইৰ নিজৰেই ধনিষ্ঠামানো বিশ্বাস নাছিল তাক বিশ্বাসযোগ্য কিদৰে কৰি তোলা যায়? যিছোৱা স্মৃতিক লৈ তাই নিজেই ভ্ৰমিত, যাক তাই নিজেই অস্বীকাৰ কৰি আহিছে, সেই চৰম বিশৃংখলিত স্মৃতিৰ টুকুৰাবোৰ নিয়াৰিকৈ পুনৰুদ্ধাৰ কেনেকৈ কৰা যায়?
এমাই এলমাগ্ৰোৰ লিনিয়েৰ্ছ পথত বাস কৰিছিল আৰু সেইদিনা সন্ধিয়া তাই পাৰঘাটলৈ গৈছিল। পাছেও ডি হুলিও নামৰ সেই কুখ্যাত পথটিত হয়তো তাই আইনাত নিজৰ চেহেৰাৰ বহুকেইটা প্ৰতিচ্ছবি দেখিছিল, উৎকট পোহৰ গাত পৰাত হয়তো তাইৰ এনে লাগিছিল যেন গোটেই সংসাৰখনে কেৱল তাইক চাই আছে, তাই হয়তো অনুভৱ কৰিছিল যে ভোকাতুৰ চকুবোৰে তাইৰ কাপোৰ ফালি নেফানেফ কৰি পেলাইছে। কিন্তু বাস্তৱিকতে তাই প্ৰথমাৱস্থাত অলিয়ে গলিয়ে অন্যমনস্কভাৱে, অলক্ষিতেই ঘূৰা-ফুৰা কৰি আছিল। দুই-এখন পান্থশালাত ভুমুকি মাৰি তাই তাত থকা মহিলাসকলৰ ধৰণ-কৰণবোৰ লক্ষ্য কৰিছিল। অৱশেষত তাই নৰ্ডখাৰনান নামৰ জাহাজখনৰ মানুহ কেইজনমানক লগ পালে। সিহঁতৰ মাজত এজন কমবয়সীয়া ডেকা ল’ৰা আছিল। কিন্তু মনত সুকোমল আৱেশ জাগি উঠিব পাৰে বুলি তাই তাক পোনচাটেই নাকচ কৰিলে আৰু তাইতকৈ চাপৰ, মুখৰ লাগ-বান্ধ নথকা মানুহ এজনক বাছি ল’লে যাতে ভৱিষ্যতৰ ভয়ংকৰ অভিজ্ঞতাখিনি নমনীয় হোৱাৰ সামান্যতম সম্ভাৱনাও লোপ পায়। মানুহজনে তাইক দুৱাৰ এখনৰ সিপাৰে থকা এন্ধাৰমুৱা পদপথটোৰে আগুৱাই লৈ গ’ল, তাৰ পিছত অঁকোৱা-পকোঁৱা খটখটী এটাৰে নামি সিহঁতে এটা কক্ষ পালে (যাৰ দেৱালত আছিল লানুছৰ ঘৰটোৰ দৰে কাঁচৰ হালধীয়া বৰফি) য’ৰ পৰা সিহঁতে এটা হলঘৰত প্ৰৱেশ কৰিলে আৰু অৱশেষত এখন দুৱাৰ বন্ধ কৰি এটা কোঠালিত সোমাল।
জীৱনৰ গম্ভীৰ ঘটনাবোৰ সময়ৰ ধাৰাবাহিকতাৰ বাহিৰত ঘটা যেন লাগে। ইয়াৰ দুটা কাৰণ থাকিব পাৰে। হয়তো সেই সময়ছোৱাত অতীত আৰু ভৱিষ্যতৰ মাজৰ যোগসূত্ৰ ক্ষণিকৰ বাবে ব্যাহত হয় অথবা হয়তো সেই সময়ছোৱাত ঘটা ঘটনাবোৰ নিৰৱচ্ছিন্নভাবে ভাবে ঘটি থকা যেন নালাগে।
সময়ৰ হিচাপত নহা সেই সময়খিনিত, বিচ্ছিন্ন আৰু ভয়াবহ স্পৰ্শানুভূতিৰ সেই চাকনৈয়াৰ মাজত এমা ছুঞ্চে সেই মৃতকজনৰ কথা এবাৰ হ’লেও ভাবিছিলনে যাৰ বাবে তাই নিজৰ বলি আগবঢ়াইছিল? মোৰ মতে তাই সেই কথাটো এবাৰ ভাবিছিল আৰু সেয়াই তাইৰ দুৰ্দমনীয় লক্ষপ্ৰাপ্তিৰ পথত হেঙাৰ হ’বলৈ ধৰিছিল । তাই ভাবিছিল (অথবা তাই নভবাকৈ থাকিব পৰা নাছিল) যে হয়তো যি ভয়াবহ অত্যাচাৰ তাইৰ ওপৰত চলি আছে সেই অত্যাচাৰ তাইৰ দেউতাকেও মাকৰ ওপৰত চলাইছিল। দুৰ্বল হৈ পৰা আঁঠু দুটাৰে এইবোৰ কথা ভাবি তাই হতবিহ্বল হৈ পৰিছিল লগে লগে মূৰ-ঘূৰণিটোৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। ছুইডেনৰ নে ফিনলেণ্ডৰ সেই মানুহজনে স্পেনীছ ভাষা কোৱা নাছিল আৰু যিদৰে এমা তাৰ বাবে এটা আহিলা আছিল, তেনেদৰে সিও এমাৰ বাবে এটা আহিলা মাত্ৰ অছিল। কিন্তু এমাক ব্যৱহাৰ কৰা হৈছিল উপভোগৰ বাবে আৰু তাক ব্যৱহাৰ কৰা হৈছিল ন্যায়ৰ স্বাৰ্থত।
মানুহজন গুচি যোৱাৰ পিছতো এমাই কিছুপৰ চকু মুদি বহি থাকিল। বিছনাৰ ওচৰৰ মেজখনত মানুহজনে কিছু টকা ৰাখি থৈ গৈছিল। এমা থিয় হ’ল। কিছু সময় আগতে চিঠিখন ফালি পেলোৱা দি তাই নোটকেইখনো ফালি পেলালে। কিন্তু ভাত এসাঁজ দলিয়াই পেলোৱাৰ দৰেই পইচা ফালি পেলোৱাটোও অতি অমংগলীয়া কাম। সেই বিশেষ দিনটোত এই উদ্ধত কামটো কৰি এমাৰ মনত তীব্ৰ অনুশোচনা হ’ল আৰু এক আশংকা শৰীৰৰ সেই দুঃখবোধৰ সৈতে মিহলি হৈ তাইৰ মনত এক বিতৃষ্ণাৰ সৃষ্টি কৰিলে। সেই বিতৃষ্ণা আৰু দুঃখবোধে এমাক লোহাৰ জিঞ্জিৰি এডালৰ দৰে বান্ধি পেলালে। কিন্তু তাই লাহে লাহে থিয় হ’ল, কাপোৰ কানি পিন্ধিলে। কোঠাটোত কোনো উজ্জ্বল ৰং নাছিল আৰু সন্ধিয়াৰ শেষৰ পোহৰখিনিয়ে কোঠাটোক অধিক গোমা কৰি তুলিছিল। কোনোৱে নেদেখাকৈ তাই বাহিৰলৈ ওলাই আহিল। আলিকেঁকুৰীটোত তাই পশ্চিমমুৱা ট্ৰামগাড়ী এখনত উঠিল আৰু আগতে ভাবি থোৱা মতে একেবাৰে সন্মুখৰ ছীটটোত গৈ বহিল যাতে তাইৰ মুখখনত কাৰো নজৰ নপৰে। ৰাজপথৰ নিৰৰ্থক হট্টগোল দেখি তাই অন্ততঃ এটা সান্ত্বনা লভিলে যে তাইৰ সৈতে যি ঘটিল সি পাৰিপাৰ্শ্বিকত একো সালসলনি ঘটোৱা নাই। তাই ঠেক, এন্ধাৰমুৱা গলিবোৰেৰে আগবাঢ়ি গ’ল। বাটে-ঘাটে দেখা সকলো ছবি তাই লগে লগেই মনৰ পৰা আঁতৰাই গৈ থাকিল আৰু ৱাৰ্ণছৰ আস্থান এটাত ট্ৰামৰ পৰা নামিল। আচৰিতভাৱে তাইৰ ক্লান্তিয়ে এক শক্তিৰ ৰূপ লৈ তাইক পৰিকল্পনাটোৰ খুঁটি-নাটিবোৰত গুৰুত্ব দিবলৈ বাধ্য কৰালে আৰু অভিযানটোৰ প্ৰকৃত সত্য আৰু তাৰ উদ্দেশ্যৰ পৰা তাইৰ মনোযোগ আঁতৰাই ৰাখিলে।
সকলোৰে চকুত আৰ্ণ লোইৱেণ্টাল এগৰাকী সন্মানীয় ব্যক্তি আছিল আৰু চিনাকি মানুহবোৰৰ বাবে তেওঁ আছিল এজন অতি ব্যয়কুণ্ঠ মানুহ। মিলটোৰ ওপৰ মহলাত তেওঁ অকলে বাস কৰিছিল। ওচৰতে বস্তি-এলেকাটো থকা বাবে চোৰ-ডকাইতৰ ভয়ত মিলটোৰ চোতালতে তেওঁ এটা কুকুৰ মেলি দি থৈছিল আৰু সকলোৱে জানিছিল যে নিজৰ ড্ৰয়াৰত তেওঁ এটা ৰিভলভাৰ ৰাখিছিল। ইয়াৰ আগৰ বছৰটোত তেওঁক মৃতা পত্নীৰ শোকত – যি আছিল বিখ্যাত গউছ পৰিয়ালৰ সদস্য আৰু যিয়ে লগত আনিছিল প্ৰচুৰ পৰিমাণৰ যৌতুক – অত্যন্ত ম্ৰিয়মান হোৱা দেখা গৈছিল। কিন্তু তেওঁৰ প্ৰকৃত নিচা আছিল টকা। পইচা সাঁচি ৰখাত তেওঁ যিমান পাকৈত, আৰ্জনত তেওঁ সিমান পাকৈত নাছিল আৰু এই গুপ্তসত্যৰ বিষয়ে তেওঁ নিজেও অৱগত আছিল। তেওঁ অত্যন্ত ধৰ্মপৰায়ণ আছিল আৰু তেওঁ নিজ মনতে ভগৱানৰ সৈতে এক গোপন চুক্তি কৰিছিল যে পূজা-অৰ্চনা কৰাৰ বিনিময়ত ভগৱানে তেওঁক সৎকৰ্ম কৰাৰ দায়িত্বৰ পৰা অব্যাহতি দিব। ক’লা আইনা লগোৱা নাকটিপা চশমাযোৰ আৰু ৰূপালী দাঢ়িৰে অল্পকেশী, গাঁঠলু মানুহজনে এযোৰ ক’লা শোকৰ সাজ পিন্ধি খিৰিকীমুখত অপাৰেটৰ ছুঞ্ছৰ পৰা সেই গুপ্ত প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছিল।
তেতিয়াই তেওঁ দেখিলে তাই গে’টখন ঠেলি ভিতৰলৈ সোমাই আহিছে (যিখন তেওঁ ইচ্ছা কৰিয়েই খুলি থৈ আহিছিল) আৰু অন্ধাকাৰাচ্ছন্ন চোতালখন পাৰ হ’বলৈ ধৰিছে। তেওঁ দেখিলে কুকুৰটোৱে ভুকিবলৈ আৰম্ভ কৰাত (যাক ইচ্ছা কৰিয়েই বান্ধি থোৱা হৈছিল) তাই এটা দীঘলীয়াকৈ পাক মাৰিছে।
ইফালে এমাৰ ওঁঠযুৰি কঁপিবলৈ ধৰিছিল আৰু তাই বিচলিত হৈ মুখেৰে এক প্ৰাৰ্থনাৰ দৰে বাৰম্বাৰ সেই কথাষাৰ বিৰবিৰাবলৈ ধৰিছিল যি কথা মৃত্যুৰ আগে আগে লোইৱেণ্টালে শেষ বাৰৰ বাবে শুনিব।
কথাবোৰ এমা ছুঞ্ছে ভবা মতে নহ’ল। আগদিনা ৰাতিপুৱাৰ পৰা তাই বহুবাৰ ভাবি আছিল কেনেকৈ তাই সুস্থিৰ হাতেৰে ৰিভলভাৰটো পোনাব, সেই নৰপিশাচটোক নিজৰ ভুল সৈ কাঢ়িবলৈ বাধ্য কৰাব আৰু তাক গোটেই পৰিকল্পনাটো বুজাই দিব যিয়ে মানুহৰ ন্যায়ৰ ওপৰত ভগবন্তৰ ৰায়ৰ বিজয় সুনিশ্চিত কৰিব। (অৱশ্যে তাই ভয়ত আতুৰ হৈ এনেদৰে ভবা নাছিল, বৰঞ্চ তাই নিজকে ন্যায়ৰ এক আহিলা বুলি ভাবিছিল আৰু নিজে শাস্তি খোৱাৰ পৰা হাত সাৰিব বিচাৰিছিল) তাৰ পিছত তাই ভাবিছিল যে তাৰ বুকুৰ সোঁ-মাজলৈ তাই এটা গুলী নিক্ষেপ কৰিব আৰু সেই এটা মাত্ৰ গুলীয়ে লোইৱেণ্টালৰ জীৱন বন্তি নুমুৱাই পেলাব। কিন্তু ঘটনাবোৰ ঠিক এনেদৰে নঘটিল।
আৰ্ণ লোইৱেণ্টালৰ সন্মুখত বহি (পিতৃৰ মৃত্যুৰ প্ৰতিশোধতকৈ বেছি) এমাই নিজৰ ওপৰত হৈ যোৱা অত্যাচাৰৰ প্ৰতিশোধ লোৱাৰ তাড়না অনুভৱ কৰিবলৈ ধৰিলে। ইমানখিনি আতিশৰ্যৰ সন্মুখীন হোৱাৰ পিছত মানুহজনক হত্যা নকৰাৰ কোনো প্ৰশ্নই নাছিল। কোনো ধৰণৰ নাটকীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ো তেতিয়া নাছিল। লোইৱেণ্টালৰ অফিচত ভয়ে ভয়ে বহি তাই তেওঁৰ ওচৰত ক্ষমা ভিক্ষা মাগিলে, (গুপ্তচৰৰ ভেশত থাকিলেও) বিশ্বাসপৰায়ণতাই তাইৰ মনত সৃষ্টি কৰা দায়িত্ববোধৰ কথা ব্যক্ত কৰিলে, তাই দুজনমান মানুহৰ নাম ক’লে, আৰু দুজনমানৰ ইংগিত দিলে আৰু হঠাৎ এনেভাবে নিশ্চুপ হৈ গ’ল যেন এক ভয়ে তাইক আৱৰি ধৰিছে। তাইৰ বুদ্ধিয়ে কাম দিলে, লোইৱেণ্টালে তাইলৈ এগিলাচ পানী আনিবলৈ ভিতৰত সোমাল। বিচলিত হৈ ধৰফৰাই থকা তাইৰ তাইৰ অৱস্থাটো দেখি কিছু অবিশ্বাস উপজিলেও তাইৰ অনুনয়ৰ সুৰত ভোল গৈ যেতিয়ালৈকে তেওঁ পানী গিলাচ লৈ উভতি আহিছিল তেতিয়ালৈ তাই ড্ৰয়াৰত থকা গধুৰ ৰিভলভাৰটো বিচাৰি পাইছিল। তাই দুবাৰকৈ ট্ৰিগাৰ টিপিলে। গুলীৰ বিস্ফোৰণ আৰু ধোঁৱাই আঘাত কৰি তেওঁৰ শকত-আৱত দেহটো বগৰাই পেলালে, পানীৰ গিলাচটো চূৰ্ণ-বিচূৰ্ণ হ’ল, তেওঁৰ মুখত এক আশ্চৰ্য আৰু ক্ৰোধৰ ভাব ফুটি উঠিল আৰু ওঁঠেৰে স্পেনীছ আৰু য়িদিশ ভাষাত কেইটামান অষ্ফুট গালি ওলাল। অবাইচ শব্দবোৰ এটা এটাকৈ ওলায়েই থকা দেখি এমাই আকৌ এবাৰ গুলী চলাবলগীয়া হ’ল। ইফালে চোতালৰ একোণত খুটাত বান্ধি থোৱা কুকুৰটোৱে উচ্চস্বৰত ভুকিবলৈ ধৰিছিল আৰু আনফালে সেই অভদ্ৰ ওঠযোৰৰ ফাকেৰে এসোতা তেজ নিগৰি আহি তেওঁৰ দাঢ়ি আৰু কাপোৰবোৰ ৰাঙলী কৰি পেলাইছিল। এমাই মনতে যুকিয়াই অহা কথাখিনি ক’বলৈ আৰম্ভ কৰিলে (“মই মোৰ দেউতাৰ মৃত্যুৰ প্ৰতিশোধ ল’লো আৰু মই কোনো শাস্তিৰ ভাগী নহওঁ…”) কিন্তু সেয়া সম্পূৰ্ণ হোৱাৰ আগেয়েই লোইৱেণ্টালৰ মৃত্যু ঘটিল। সমগ্ৰ ঘটনাটি তেওঁৰ বোধগম্য হ’ল নে নাই সেয়া তাই নাজানিলে।
কুকুৰটোৰ বিকট ভুকভুকনিয়ে তাইক সকিয়াই দিলে যে তাইৰ কাম তেতিয়াও সম্পূৰ্ণ হোৱা নাছিল। তাই চোফাখনৰ কাপোৰবোৰ বিশৃংখল কৰি পেলালে, মৃত মানুহজনৰ কোট-চোলাযোৰৰ বুটামবোৰ খুলি পেলালে আৰু তেওঁৰ তেজৰ চেকুৰা লগা নাকটিপা চশমাযোৰ খুলি আলমিৰাটোত থ’লে।
তাৰ পাছত তাই টেলিফোনটো উঠালে আৰু তাই সেই কথাষাৰ ক’লে যি কথা তাই বহুকেইবাৰ বহুধৰণে কৈয়েই থাকিব লাগিব : “কিবা এটা হৈছে, আচলতে এটা দুৰ্ঘটনা ঘটিছে, লোইৱেণ্টাল ছাৰে মোক ধৰ্মঘটৰ কথা সুধিম বুলি মাতি পঠিয়াইছিল, তেওঁ মোক ধৰ্ষণ কৰিলে, মই তেওঁক মাৰি পেলালোঁ… ”
এই ঘটনাটি অবিশ্বাস্য আছিল, অথচ সকলোৱে কথাটো মানি লৈছিল কিয়নো তাৰ দেখ-দেখ প্ৰমাণ মজুত আছিল।
এমা ছুঞ্ছৰ কণ্ঠৰ বিহ্বলতা সত্য আছিল, তাইৰ লজ্জাত সত্যতা আছিল, তাইৰ ঘৃণাত সত্যতা আছিল। তাইৰ ওপৰত চলা অত্যাচাৰো সত্যই আছিল।
কেৱল সেই ঘটনাৰ স্থান, কাল আৰু দুই এক পাত্ৰ অসত্য আছিল।
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
