মূল : Henry Wadsworth Longfellow
কবিতা: The Arrow and the Song
অসমীয়া ভাবানুবাদ : দীপাঞ্জলি দেৱী
শূণ্যতে মই এপাত শৰ এৰিলোঁ
তীব্র বেগত সি উৰি গ’ল
মই তলকিবই নোৱাৰিলো
শৰপাতে ভেদিলে ক’ত …
প্ৰাণ ঢালি
এটি গীত জুৰিলোঁ
বতাহতে ভাঁহি গ’ল
নাজানিলোঁ চুই গ’ল যদি
কাৰোবাৰ কোমল অন্তৰ
বহুদিনৰ পাছত
শৰপাত বিচাৰি পালোঁ
অক্ষত ৰূপত
এজোপা গছত
আৰু গীতটো
আছিল
এজন বন্ধুৰ হৃদয়ত
ছন্দায়িত হৈ
অবিকল ৰূপত …
…
ঠিকনা:
দীপাঞ্জলি দেৱী
সহকাৰী অধ্যাপক
অসমীয়া বিভাগ
আমগুৰি মহাবিদ্যালয়
ভ্ৰাম্যভাষ : ৯৮৬৪২৩১৫৯২
Visited 11 times, 1 visit(s) today
