Written by sdblogs2011 8:09 pm Poems

এতেকে তেওঁ মোৰ

নীলাভ সৌৰভ

এদিন এজন সাধুবাবাই বাটতে  

মোৰ দেউতাক লগ পাই ক’লে—

তোমাক মই এপদ সামগ্ৰী দিম

তুমি তিনিমাহ তাক কঢ়িয়াই লৈ ফুৰিব লাগিব

যদিহে তুমি এই পৰীক্ষাত সফল হোৱাঁ 

তেন্তে তুমি সম্পূৰ্ণ নিজৰ সম্পদ এবিধ লাভ কৰিবা

নিজৰ ধৰণে ব্যৱহাৰ কৰিব পাৰিবা

দেউতাই সুধিলে— কৈনেকৈ কঢ়িয়াব লাগিব

তেওঁ ক’লে যেনেকৈ তুমি তোমাৰ মূৰটো

নাক কাণ চকু

মুখ বুকু পেট

আৰু যৌনাংগ কঢ়িয়াই ফুৰিছা তেনেকৈ

দেউতাই ভাবি চিন্তি উত্তৰ দিলে—

তিনিমাহ

বৰ অসুবিধা হ’ব, পৰা নাযাব

মনতে ভাবিলে, কি বা সম্পদ, কামত বা আহে নে নাই..

সেয়া হয়তো কোনো তুলা-তবিজৰ কথা আছিল

দেউতাই পাহৰিলে

গ’ল কথ্য গুচিল

এদিন দেউতাই কিবা ভাবি থাকোঁতে হঠাতে কথাটো মনত পৰিল

কিবা এটা পৰিকল্পনা কৰি 

একেটা কথাকে মাক সুধিলে

মাই বিহু নৃত্যৰ চকৰি চেও এটা মৰাদি উঠি আহি সুধিলে

সঁচাকৈ 

মই সম্পূৰ্ণ নিজাকৈ কিবা এটা পাম নে

মোৰ নিজা কিবা এটা…

হয় বুলি দেউতাই শলাগিলে

যদি তেনেকুৱাই হয় তিনিমাহ কিয় 

মই তাৰ তিনিগুণ কাল কঢ়িয়াই লৈ ফুৰিম সেই সম্পদ

সিদিনা ৰাতিৰ পৰা  

ন মাহৰ পাছত 

মোৰ 

জন্ম

 …

ঠিকনা :  

দীঘলীআটি, ৰহা, নগাওঁ (অসম)

ডাক সূচাংকঃ ৭৮২১০৩

ফোনঃ +৯১ ৮৬৪৮ ৮৯০৯০

       +৯১ ৯৪৩৫০ ০৩৮২৪

Visited 2 times, 1 visit(s) today
Website |  + posts
Close