Written by sdblogs2011 4:20 am Poems

এটি দেওলগা সোঁত

গীতুমণি তালুকদাৰ

হঠাৎ বিস্ফোৰণ হ’ল
এটা নিষিদ্ধ বিস্ফোটক

উধাতু খাই
উজাই আহিল
প্ৰচণ্ড এটা  বিষ

পৰিত্ৰাণ নাই
পৰিত্ৰাণ নাই 

বিস্ফোটকে
পোৱা নাই
মাত্ৰাৰ পূৰ্ণতা

ডাক্তৰ : ইনজেক্‌শ্বন
কবিৰাজ : বজ্ৰলেপন,
কাঁইটীয়া ফুটন

এয়া ৰণচণ্ডী তিৰী নে
পূঁজৰ আগ্নেয়গিৰি 

নিশ্বাসৰ মাজেৰে
নিষিদ্ধ জলঙাৰে
পৰম স্বস্তিৰে বৈ গ’ল
লাভাৰ এটি দেওলগা সোঁত …

ঠিকনা :গাঁও

 :

ডুমুৰীয়াডাকঘৰ

 :

ভৌকামাৰী ( পাঠশালা)জিলা

 :

বৰপেটা (অসম)পিন

 :

৭৮১৩২৫ভ্ৰাম্যভাষ:  ৯১০১৪৬২৮২৬ই-মেইল

 :gitumonitalukdar0456@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close