Written by sdblogs2011 3:55 pm Poems

এটি চৰাইৰ ছবি‍ এখন আঁকিবলৈ লওঁতে

 মূল (ফৰাচী): ঝাক প্ৰেভেৰ (১৯০০-১৯৭৭)

 ইংৰাজী অনুবাদ: ইউজীন লেভিছ

অসমীয়া অনুবাদ: প্ৰশান্ত মিশ্ৰ

(কবি পৰিচয়ঃ এজন প্ৰখ্যাত ফৰাচী কবি আৰু চিত্ৰনাট্যকাৰ। ঘাইকৈ দ্বিতীয় মহাযুদ্ধৰ পাছৰ পেৰিচ চহৰৰ মানুহৰ জীৱন তেওঁৰ কবিতাত প্ৰতিফলিত হোৱা দেখা যায়। আনহাতে ‘আশা’ আৰু ‘অনুভৱী প্ৰেম’ তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য।)

প্ৰথমতে এটা সঁজা আঁকা

খোলা দুৱাৰৰ সৈতে

তাৰ পাছত আঁকা

কিবা অকণমান মৰম লগা

কিবা এক সৰল

কিবা  এটা  ধুনীয়া

কিবা অলপ কামত অহা

চৰাইজনীৰ বাবে

তাৰপাছত কেনভাছখন গছ এজোপাৰ কাষত ৰাখাঁ

এখন বাগিছাত 

এখন কাঠনিৰ মাজত

অথবা এখন হাবিত

গছ এজোপাৰ আঁৰ লৈ লুকাই থাকাঁ

সাৰসুৰ নোহোৱাকৈ

লৰচৰ নকৰাকৈ

কেতিয়াবা অকস্মাৎ এজনী চৰাই আহিব

অথবা কেতিয়াবা হয়তো লাগি যাব পাৰে অনেক বছৰ

সঁজাটো চিনি পোৱালৈ

ধৈৰ্য নেহেৰুৱাবা 

অপেক্ষা কৰাঁ

অপেক্ষা কৰা যদিহে প্ৰয়োজন হয়

বহু বছৰৰ

চৰাইজনী সোনকালে বা পলমকৈ অহাৰ স’তে

ছবি‍ৰ সফলতাৰ

কোনো সম্বন্ধ নাই

যেতিয়া চৰাইজনী আহি পায়

যদিহে আহি পায়

চাই ৰোৱাঁ গম্ভীৰ নীৰৱতালৈ

অপেক্ষা কৰা সঁজাৰ ভিতৰলৈ

চৰাইজনী নোসোমোৱালৈ

আৰু যেতিয়াই  চৰাইজনী সঁজাৰ ভিতৰলৈ সোমাব

লাহেকৈ তোমাৰ তুলিকাৰে

বন্ধ  কৰি দিয়া সঁজাটোৰ দুৱাৰ 

মচি দিয়া এডাল এডালকৈ 

সঁজাৰ লোৰ কাঠি

চৰাইৰ পাখি স্পৰ্শ নকৰাকৈ 

তাৰ পাছত এজোপা গছ আঁকা

চৰাইজনীৰ বাবে এটা ধুনীয়া ডাল

বাচি উলিওৱা

আঁকা সেউজীয়া  পাত আৰু

মুকলি বতাহৰ সজীৱতা

বেলিৰ কিৰণৰ আভা

আৰু গ্ৰীষ্মৰ উত্তাপত উঁইচিৰিঙাৰ আৱাজ

অপেক্ষা কৰাঁ সৰু চৰাইজনীয়ে গীত গোৱালৈ

যদিহে চৰাইজনীয়ে নাগায় এটি গান

ই বৰ অশুভ লক্ষণ   

যে ছবি‍খন বৰ ভাল নহ’ল

যদিহে চৰাইজনীয়ে গান গায়

ই বৰ শুভ লক্ষণ 

এতিয়া ছবি‍খনত তোমাৰ নাম লিখিব পাৰিবা 

লাহেকৈ চৰাইৰ এটি পাখিৰে 

ছবি‍খনৰ চুকত। 

+++

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close