Written by sdblogs2011 10:37 am Poems

এজামচন্ (Assumption)

 সুশান্ত বৰা

ডালিনীয় ধাৰণাৰে মই গৈ ওলালোঁ ছেপ্টেম্বৰ

আগষ্টৰ শেহ ৰাতিটো ভীষণ উষ্ম হোৱাৰ বিপৰীতে মেঘাচ্ছন্ন কোমল পুৱাৰ  ছেপ্টেম্বৰ,

বৰষুণ হ’ব পাৰে

মোৰ পিঠিত ঘামচি পকিছে৷

খিৰিকীৰ আইনাত এজনী শালিকীয়ে নিজৰ স’তেই চেকচেকাইছে,

মই তাইক আঙুলিৰে চোওঁতে

বৰষুণৰ ৰাতিৰ দৰে তাইৰ উমাল শৰীৰে মোক নিমন্ত্ৰণ জনালে,

মোৰ এটা চুমা খাবলৈ মন গ’ল, 

তাই মোক যোৱাৰাতিৰ কথাবোৰ মনত পেলাই দি ফুচফুচালে, যদি সাৰ পায় তোমাৰ পত্নী,

মই তাইৰ কৰ্কশ ওঁঠ দুটালৈ চাই খিৰিকীখন খুলি দিলোঁ

আৰু তাই মোক ধন্যবাদ এটাও নজনোৱাকৈ পাখি কটালি বহিলগৈ গছৰ ডালত

যেন অস্পৃশ্য হাতৰ চুৱা ধুই ৰ’দৰ পাতত মেলি দিছে ডালি ডালি চুলি ৷

মই ছেপ্তেম্বৰৰ সাম্ভাৱ্য সন্ধিয়াটোলৈ আগবাঢ়িলোঁ য’ৰ পৰা 

মোৰ পত্নীয়ে সন্দিহান ডাউকৰ চকুৰে মোলৈ চাইছিল,

ক্ষণিকলৈ মই ডালি হৈ পৰিলোঁ

আমি চোতাললৈ ওলাই আহিলোঁ আৰু আঁউসী উদযাপনৰ অৰ্থে সম্পূৰ্ণ নাঙঠ হ’লোঁ,

গালাৰ নিতম্বত হাত থ’লোঁ

তেওঁ ধৰিলে মোৰ আঙুলিত,

মই জনাই নাছিলোঁ আঁউসীৰ চোতাল ইমান কুশলী আৰু আকলুৱা বুলি !

তেওঁৰ মুখখন চাবলৈ মোৰ বৰকৈ মন গৈছিল

এজাক দুষ্ট জোনাকীয়ে ন কইনাৰ দৰে তেওঁক আৱৰি বৰক বাধা দিলে,

মই প্ৰাৰ্থনা কৰিলোঁ 

হে’ মেঘ এজাক বৰষুণ আনা আৰু দুষ্ট জোনাকীজাকক লুকুৱাই ৰাখাঁ৷

ঠিকনা :

যোৰহাট 

ফোন : ৯১০১৫৩৬১০৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close