Written by sdblogs2011 5:03 am Poems

এজন কবি দিয়াঁ এগৰাকী প্ৰেয়সীলৈ

মূল ইংৰাজী : চি.জে.হেক্ (C. J. Heck, আমেৰিকা)

অনুুবাদ  : ড° ৰঞ্জিত দত্ত

মোক এজন  কবি দিয়া

এগৰাকী প্ৰেয়সীলৈ

যাৰ শব্দবোৰৰ পৰশ

মখমলৰ  দৰে কোমল,

মৰণশীল মানুহৰ 

হাতৰ পৰশতকৈও

সেই শব্দৰ বুলনি

বেছি আৰামদায়ক।

এগৰাকী কবিৰ

পোঁহৰৰ চাকিগছি

অতিশয় শান্ত 

যাৰ  শব্দবোৰে 

নিৰন্তৰ সোমাই যায় 

হিয়াৰ গভীৰতালৈ

অতি সন্তৰ্পণে।

ই মোক উত্তেজিত কৰে

মোৰ গাত দেও লাগে

শব্দৰ বৰষুণত তিতি 

মই জুৰুলি জুপুৰি হওঁ

তেওঁ ঘৰ্ষণ কৰে

মোৰ মন আৰু মোৰ দেহ

গোপনে গোপনে।

হে ভগৱান!

মোক এজন কবি দিয়াঁ

এগৰাকী প্ৰেয়সীলৈ

লোভ আৰু লালসাত যাৰ

জ্বলি জ্বলি শেষ হৈছে

কোমল এখনি হৃদয়।

এখন ৰূপালী জিভাৰ

এজন দৈত্য তেওঁ

যাৰ শব্দবোৰ ব্যঞ্জনাত

এন্ধাৰতো মোৰ আঁঠুৰ 

সেই বিষটোৱে প্ৰাণ পাই উঠে।

তেওঁৰ শব্দৰ খেলবোৰে

মোক আকৰ্ষণ কৰে

ভাল পাই পেলাইছোঁ তেওঁক

মোৰ আকূল হৃদয়েৰে

তৃ্প্ত হ’ব বিচাৰোঁ

মোৰ কবিক হিয়াৰ মাজত

আলফুলে সুমুৱাই লৈ,

ব্যাকুল মোৰ মন

সেয়ে ভাল পাই পেলাইছোঁ

মই তেওঁক মনে প্ৰাণে

মোক এজন কবি লাগে

এগৰাকী প্ৰেয়সীলে।

Visited 3 times, 1 visit(s) today
Website |  + posts
Close