Written by sdblogs2011 4:39 am Articles

এক অদৃশ্য সত্য

পল্লৱী কৌশিক শৰ্মা


 হত্যা নে আত্মহত্যা ?

মুহূৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোৱে স্থানীয় নিউজ চে্ছনেলটোৰ নিউজ ৰূমৰ পুৱাৰ ব্যস্ততাখিনিও দুগুণে বঢ়াই তুলিলে৷ এডিটৰ-ইন-চিফ অভ্ৰনীল বুজৰবৰুৱাৰ নিৰ্দেশমৰ্মে নিউজ ৰিপ’ৰ্টাৰ বিতোপন আৰু কাবেৰীসহ কেমেৰা পাৰ্ছন বৰষা আৰু নীহাৰ ৰিপ’ৰ্টিঙৰ বাবে তৎক্ষণাত ঘটনাস্থলীলৈ ৰাওনা হ’ল। 

ইতিমধ্যে চহৰৰ আঢ্যৱন্ত ব্যৱসায়ী অনুপ প্ৰজাপতৰ বাসগৃহৰ প্ৰকাণ্ড কেম্পাছটো অসংখ্য মানুহে আহি ঘেৰি ধৰিলেহি৷ কোনোৱে যদি ডিঙি মেলি-মেলি ডে’ড ব’ডিটো এবাৰ চাবলৈ যত্ন কৰিলে, কোনোৱে হয়তো ‘কিয়, কেনেকৈ, কি হ’ল’ – প্ৰশ্নকেইটাৰ এটা আনুমানিক উত্তৰ বিচাৰি, ঠায়ে-ঠায়ে দুই-তিনিজনীয়া দল একোটা গঠন কৰি নিজৰ ভিতৰতে গুণাগঁথা কৰিলে। 

ভিৰ ফালি বৰষা খৰখোজেৰে বাৰাণ্ডাখনলৈ উঠি গ’ল। পিছে বতাহত ভাহি অহা পোৰা মঙহৰ উগ্ৰ গোন্ধত মুহূৰ্তৰ বাবে তাইৰ খোজৰ গতি মন্থৰ হৈ পৰিল। অগত্যা মাস্কখনৰ ওপৰতে, ডিঙিত ওলোমাই লোৱা স্কাৰ্ফখনো ভালদৰে মেৰিয়াই ল’লে তাই৷ 

আয়তাকাৰ বাৰাণ্ডাখনত কেইজনমান আৰক্ষী বিষয়াই ডে’ডব’ডিটোক মাজতে লৈ, বায়’লজি লেব’ৰেটৰীত ফৰ্মেলডিহাইডত ডুবাই ৰখা মৃত ভেকুলীবোৰ ছার্জিকেল ব্লে’ডেৰে ফালি, মেগ্নিফ্লাইং গ্লাছখনেৰে ফঁহিয়াই চোৱাৰ দৰে তন্নতন্নকৈ কিবা পৰীক্ষা কৰাত ব্যস্ত। বৰষায়ো কেমেৰাৰ ড্ৰাইভ ম’ড অন কৰি ল’লে আৰু বিভিন্ন এংগ’লৰ পৰা ডে’ডব’ডিটোক কেপ্চাৰ কৰাত মনোনিৱেশ কৰিলে৷ 

মানুহগৰাকীৰ শৰীৰৰ প্ৰায় আশী শতাংশই ইতিমধ্যে পুৰি ছাই হৈ গৈছে। কেৱল বাওঁ ভৰিৰ হাঁড়ডালৰ তলৰ ফালে অলপ শুকান মঙহ, চ্ছিকেন ললিপ’প তৈয়াৰ কৰিবলৈ মুৰ্গীৰ উইংছকেইটাৰ পৰা মঙহখিনি চুঁচি একগোট কৰি লোৱাৰ দৰে, ওলমি থুপ খাই আছে। দৃশ্যটো কেমেৰাৰ লেন্সত ধৰি ৰাখিবলৈ লৈ হাত দুখন কঁপি উঠিল বৰষাৰ। 

উঃ – কি যে  যে বীভৎস দৃশ্য !

মৃত্যু হেনো এক শিল্প। ই হেনো জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য৷ কিন্তু কেনেকৈ ? কেনেকৈ এনে মৃত্যুক শিল্প বুলি মানি ল’ব পাৰি ? 

দুচকু সেমেকি উঠিল বৰষাৰ। পিছে নিজৰ দায়িত্বক অৱজ্ঞা কৰিব নোৱাৰে তাই। কাৰণ এই মুহূৰ্তত ঘটনাস্থলীত একত্ৰিত হোৱা মানুহবোৰৰ লগতে টেলিভিশ্যন স্ক্ৰীনৰ সম্মুখতো অজস্ৰ উৎকণ্ঠিত চকুৱে  সিহঁতে প্ৰচাৰ কৰিব লগা বাতৰিটোলৈকে উদ্বিগ্নতাৰে বাট চাই আছে। 

হঠাতে আউলি-বাউলি চুলি আৰু অসংযত পোছাকেৰে ষাঠিৰ উৰ্ধ্বৰ এগৰাকী মহিলা ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল আৰু বিতোপনৰ হাতখনতে খামুচি ধৰি আটাহ পাৰি চিঞৰিবলৈ ধৰিলে। 

: মেৰি বেটি কৌ আত্মহত্যা কে লিয়ে মজবুৰ কিয়া গয়া। আপলৌগ সচ্চাই লৌগ’ কে চামনে লাৱ’গে না বেটা ? 

খং, ক্ষোভ আৰু শোকৰ মিশ্ৰিত অনুভৱত জ্বলন্ত অঙঠাৰ দৰে ৰঙা পৰি থকা মানুহগৰাকীৰ দুচকুলৈ ক্ষণিক চাই ৰ’ল বিতোপনে। কেনেকৈ শান্ত কৰে এতিয়া সি মানুহগৰাকীক ! এনে মুহূৰ্তত এগৰাকী মাতৃৰ অন্তৰ শাঁত পেলাব পৰা কোনো শব্দই অভিধানত স্থান পাইছেনে চাগৈ ! 

কাষতে ৰৈ নীৰৱে সকলো লক্ষ্য কৰি থকা কাবেৰীয়ে মানুহগৰাকীক আঁকোৱালি ধৰি, ঘটনাটোৰ সবিশেষ জানিবলৈ বুলি ভিতৰলৈ লৈ গ’ল। 

ইমান পৰে নীহাৰে ৰুমালেৰে মুখত সোপা দি, দূৰৈৰ পৰা বৰষাকে চাই আছিল। এপাকত চকুৱে-চকুৱে পৰাত বৰষাই ইঙ্গিতেৰে তাক ওচৰলৈ মাতিলে। কাৰণ তাই বিচাৰে – জীৱিত আৰু মৃত শৰীৰ একোটাৰ ফটো তোলাৰ সময়ত উপলব্ধি হোৱা অনুভৱৰ তাৰতম্যখিনিক নীহাৰেও বুজি উঠক৷ পিছে আপত্তি দৰ্শাই নীহাৰে মুখখন ঘূৰাই কৈ উঠিল … 

: ছ’ৰি বৰষা, আই কাণ্ট৷ ইটছ ছ’ পেথেটিক। 

খং উঠিল যদিও, চিঞৰ-বাখৰ কৰিবলৈ একেবাৰে মন নগ’ল বৰষাৰ। হৃদয়ে অনুমতি নিদিলে এইখিনি সময়ত নীহাৰক জোৰ-জবৰদস্তি কৰি অগ্নিদগ্ধ মানুহগৰাকীৰ ফটো উঠাবলৈ বাধ্য কৰোৱাটো উচিত নহ’ব বুলিয়েই বিৱেচনা কৰিলে তাই। 

অৱশেষত নিজৰ-নিজৰ কামখিনি নিয়াৰিকৈ সামৰি, চাৰিও আহি গাড়ীত উঠিল আৰু অফিচলৈ বুলি ৰাওনা হ’ল। 

* * *

     সময়ে যেন স্তব্ধ হয়, হয়৷

    ভীত হয়, হয়৷

    চকুলো শিল হ’ব ,

    অয় অয় সময় শুব।। 

ড্ৰাইভিং ছিটত বহি বিতোপনে ভূপেন হাজৰিকাৰ গানৰ কলি এটা গুণগুণাবলৈ ধৰিলে। বৰষা আৰু কাবেৰীও কেমেৰাৰে উঠাই অনা ফটোবোৰ লেপটপত ষ্ট’ৰ কৰাত ব্যস্ত হ’ল৷ মৌন হৈ ৰ’ল মাথোঁ নীহাৰ।

: আচৰিত !

এনে বীভৎস নৰকংকাল এটা দেখি আহিও একোৱেই ৰিয়েকশ্বন নাই যে ! কেনেকৈ আছা তোমালোক ইমান ন্যুট্রেল হৈ ?

মনত উঠা প্ৰশ্নটোক দমাই ৰাখিব নোৱাৰিলে নীহাৰে।

: মানে ! কি বুজাব বিচাৰিছা ?

প্ৰত্যুত্তৰৰ সলনি, বৰষাৰ প্ৰতিপ্ৰশ্ন। উদ্দেশ্য – নীহাৰৰ মনটোক বুজা।

: মানুহগৰাকীৰ বীভৎস ৰূপটোৱে বহুত কষ্ট দিছে মোক বৰষা। মই এনে মৃত্যু হয়তো কোনোদিন চাব নোৱাৰিম৷

নীহাৰৰ কথাত স-শব্দে হাঁহি উঠিল বিতোপনে।

: এইটো কলিজা লৈ সাংবাদিকতা কৰিবলৈ আহিছা বন্ধু?  কি ভাবিছিলা – সাংবাদিকতা এটা ধুনীয়া এডভেঞ্চাৰ ! নতুন-নতুন ঠাইলৈ গৈ, ডিঙিত ওলমাই নিয়া দামী কেমেৰাটোৰে তুমি কেৱল ভাললগা ছবিবোৰহে ক্লিক্ কৰিবা? হাঃ হাঃ হাঃ আমিবোৰ শিল হ’বলৈ বাধ্য হ’লোঁ বুজিছা। ইয়াতকৈও লোমহৰ্ষক ঘটনাৰ ৰিপৰ্টিং কৰিছোঁ আমি। কেতিয়াবা কিছুমান ঘটনাৰ মেটেৰিয়েল লৈ গোটেই ৰাস্তাটো বঁটিয়াই অহাৰো উদাহৰণ আছে৷ তুমি এইখন ফিল্ডত একেবাৰে নতুন নীহাৰ৷ চাবা, সময়ে তোমাকো পক্কা খিলাড়ী বনাই দিব। এক্সুৱেলি ইট টেকছ অ্য লট অৱ হাৰ্ড ৱৰ্ক এণ্ড ডে’ডিকেশ্বন। কি কোৱা বৰষা ?

ট’পিকটো বৰষালৈ আগবঢ়াই দিলে বিতোপনে।

: সঁচায়ে নীহাৰ, এইখন জগত ইমান সহজ নহয়।  হাতত মাইকটো লৈ, ডিঙিত কেমেৰাটো আঁৰি, যধে-মধে কিবা এগাল গোৱাই সাংবাদিকতা নহয়৷ কষ্ট, ধৈৰ্য, অশেষ পৰিশ্ৰম আৰু যন্ত্ৰণাৰ মাজতো ভাগি পৰিব নোৱাৰাকৈ সবল আমি৷ সত্যৰ পাছৰ সত্যক খেদি, ঘূৰি ফুৰাই আমাৰ উদ্দেশ্য৷ মৃত্যু কি, যন্ত্ৰণা কি, সন্মান কি ধাতুৰে গঢ়া – আমি বহুত ওচৰৰ পৰা দেখা পাওঁ৷ পিছে দুখ লাগে – যেতিয়া খুব নিষ্ঠাৰে, অত্যন্ত সাহসেৰে কিছুমান কে’ছৰ ষ্ট্ৰং এভিডেন্স কালেক্ট কৰাৰ পাছতো, ওপৰতে কোনোবাই টকা খাই অথবা ৰাজনীতিৰ মেৰপাকেৰে কে’ছটোক নতুন ৰূপেৰে মানুহৰ মাজলৈ লৈ আহে৷ খুব অসহায় অনুভৱ কৰোঁ – যেতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত থাকিও আমি স্থবিৰ হৈ ৰ’ব লগা হয়৷ আচলতে বাতৰি একোটাৰ প্ৰকৃত সত্য কি, ৰাইজতকৈ আমি বেছি ভালদৰে জানো৷ অথচ  জনসাধাৰণে নিউজ চ্ছেনেলত প্ৰচাৰ হোৱাৰ দৰেই বাতৰিটোক মানি লয়। তেতিয়াই মনত প্ৰশ্ন জাগে, আচলতে পৃথিৱীত মানুহৰ সংখ্যা বেছি নে পশুৰ ? 

পৰিৱেশটো অত্যন্ত ভাবুক হৈ পৰাত কথাবোৰ পাতলাবলৈকে কাবেৰীয়ে কৈ উঠিল।

: ছ’ৰি ফৰ ইণ্টাৰাপ্ট্ গাইজ। হোৱাই ছ’ ছিৰিয়াছ ? এনে কে’ছ কৰি আহি, ইমান গধুৰ কথা লৈ মাথা মাৰিব নোৱাৰি দেই। আচ্ছা বৰষা, তোৰ সাপৰ কে’ছটো ক না এবাৰ৷ প্লিজ৷

: কোনটো? সেই যে বৰষাই কেমেৰাৰে এক্সিডেণ্ট প্লেচৰ ফ’টো কেপশ্বাৰ কৰি থাকোঁতে সাপ এডাল ভৰিৰে গচকি দিছিল !

বিতোপনে গাড়ী চলাই থকাৰ পৰাই সুধিলে৷

: য়েছ। সেইদিনা আমাৰ সাহসী বৰষাক চাব লগা হৈছিল নীহাৰ৷ কেমেৰা পেলাই যিহে দৌৰ দিছিল ! এক্সিডেণ্ট সংঘটিত হোৱা ঠাইখনৰ ৰেষ্ট্ৰিক্‌টেড এৰিয়াৰ বাউণ্ডেৰিত সোমাই, ছিনিয়ৰ ৰিপৰ্টাৰ বৰ্ণিল দত্তৰ গালি শুনি ভেচভেচিয়া হৈ পৰিছিল মেম। পাছত গম পাইছিল সেইডাল সঁচা সাপ নহয়, গাড়ীখনত কোনোবা বাচ্চাই খেলি থকা পুতলা সাপহে।

কাবেৰীৰ কথা শুনি সকলোৱে সমস্বৰে হাঁহি উঠিল৷ চকুৱে-মুখে বিৰিঙি উঠা নীহাৰৰো হাঁহিটো দেখি ভাল লাগিল বৰষাৰ৷ সাংবাদিকতাৰ লগত নতুনকৈ পৰিচয় হৈছে ল’ৰাটোৰ। সি আচলতে ফুল, পখিলা নাইবা সুন্দৰী নাৰীৰ ফটো উঠোৱাতহে আগ্ৰহী৷  মৃত্যু, হত্যা, অত্যাচাৰ – এইবোৰৰ চাক্ষুস অভিজ্ঞতা একেবাৰেই কম তাৰ৷ গতিকে ভয় কৰাটো স্বাভাৱিক। এইবোৰ ঘটনাৰ লগত খাপ খাবলৈ সময় লাগিব তাৰ৷ 

* * * 

নিউজ ৰূমত এডিটৰ অভ্ৰনীল বুজৰবৰুৱাক আত্মহত্যাৰ কে’ছটোৰ বিতং তথ্য জনাই, সিহঁতবোৰ ঘৰাঘৰি হ’বলৈ ধৰোঁতেই তেখেতে এটা নতুন কে’ছৰ দায়িত্ব বিতোপনক অৰ্পণ কৰিলে আৰু অতি সোনকালেই ঘটনাস্থলীত গৈ উপস্থিত হ’বলৈ নিৰ্দেশ দিলে। বিতোপনে অৰ্ডাৰ ক’পিটো বৰষালৈ আগবঢ়াই তাইৰ ৰিয়েকশ্বন জানিবলৈ ৰৈ থাকিল।

: উই আৰ ৰে’ডি টু গ’ ছাৰ৷

ক’পিটো চাই পৰম উৎসাহেৰে কৈ উঠিল বৰষাই।

: মই জানো, তোমালোকে মোক কোনো দিন হতাশ নকৰাঁ৷ মই বিচাৰোঁ আমাৰ কাকতৰ হট টপিক হওক এই হত্যাকাণ্ডটো। অল দ্যা বেষ্ট।

বুজৰবৰুৱাই নীহাৰক অন্যমনস্ক যেন অনুভৱ কৰি পুনৰ সুধিলে …

: নীহাৰ, এনি অবজেকশ্বন ?

: ন’ ছাৰ। আই ৱিল ৰে’ডি টু গ’ ৱিথ দ্যা টিম।

আচলতে ৰিপৰ্টিঙতকৈও বৰষাৰ লগত টাইম স্পেণ্ড কৰিব পৰাটোহে নীহাৰৰ বাবে ভাল লগা কথা। কৰ্মব্যস্ত ছোৱালীজনীৰ লগত প্ৰেমৰ কথা এষাৰ পাতিব বুলিও  আশাবোৰ দেখোন সি মনতে বান্ধি ৰাখিব লগা হৈছে !  তেনেস্থলত তাইৰ সান্নিধ্যৰে প্ৰেমৰ মিঠা-মিঠা আমেজবোৰক অনুভৱ কৰি থকাটোৱেই উত্তম নহ’ব জানো !     

                  * * * 

অৱশেষত ব্যৱসায়ী অনুপ প্ৰজাপতৰ কোটিটকীয়া কেলেংকাৰী আৰু নাৰী ব্যৱসায়ৰ সকলো ৰহস্য ফাদিল। অপৰাধী স্বামীৰ কু-কৰ্মত লজ্জিত, পত্নী ৰেখা প্ৰজাপতৰ গাত কেৰ’চিন ঢালি আত্মহত্যা৷ 

ঘৰলৈ গৈ, ফ্রে’ছ-আপ হৈ দেউতাকৰ লগত ঘটনাটোৰ বিষয়ে আলোচনা কৰোঁতেই প্ৰায় সকলোবোৰ নিউজ চ্ছেনেলৰ পৰ্দাত উক্ত নিউজটো টেলিকাষ্ট হ’ল৷ এনেবোৰ কে’ছত কেমেৰা সাংবাদিক ‘বৰষা কটকী’ৰ নামটো দেখিলেই মাকজনীৰ বুকুখনে  ধৰফৰাই উঠে৷ সাংবাদিকতাৰ পৰা আঁতৰি আহিবলৈ  কিমান যে কাবৌ-কাকূতি নকৰে তাইক ! আজিও তাৰ ব্যতিক্ৰম নহ’ল। প্ৰত্যুত্তৰত বৰষায়ো দৃঢ়তাৰে কৈ উঠিল। 

: মানুহে সদায় মনলৈ শান্তি অহা কামবোৰ কৰিব লাগে মা। তুমি ভালদৰে জানা – সাংবাদিকতা কেৱল মোৰ পেছাই নহয়, নিচাও। সমাজৰ প্ৰতি থকা মোৰ দায়িত্ব পূৰণৰ এটা ৰাস্তা৷ মোৰ কৰ্মস্পৃহাক দুৰ্বল নকৰিবা, প্লিজ৷ 

বাকহীন হৈ পৰে মাকজনী৷ বৰষাৰ কৰ্মনিষ্ঠাক তেওঁ সদায়ে সন্মান জনাই আহিছে। পিছে চোৰ-ডকাইত, কুখ্যাত অপৰাধী অথবা মৃত শৰীৰৰ পিছে পিছে ঘূৰি ফুৰা ছোৱালীজনীক কল্পনা কৰি তেওঁৰ মাতৃ হৃদয়ত দেখোন কঁপনি উঠে ! সেই দুঃশ্চিন্তাবোৰক কেনেকৈ বাধা দিয়া যায় ! 

* * * 

আগদিনাৰ প্লেনিং মতে পোহৰ হোৱাৰ আগেয়েই সৰু বেগ এটাত কাপোৰ এসাজ ভৰাই, গন্তব্যস্থানলৈ বুলি সাজু হ’ল বৰষা আৰু শোৱাকোঠালৈ গৈ মাকক মাত লগালে। নিজকে ভীষণ দোষী যেন অনুভৱ হ’ল তাইৰ। আজিৰ জন্মদিনটোত তাই অন্ততঃ মাকক ঘৰতে থাকিব বুলি কথা দিছিল। অথচ..! 

: মা, এই দিনটোতেই তোমাৰ গৰ্ভৰ পৰা আহি পৃথিৱীত ভৰি দিছিলোঁ। তোমাৰ আঙুলিত খামুচি ধৰিয়েই দৃঢ়তাৰে খোজ দিবলৈও শিকিলোঁ। আশীৰ্বাদ কৰিবা – আগলৈও যাতে খোজবোৰ এইদৰে দৃঢ় হৈ ৰয়। 

চলচলীয়া চকুযুৰিৰে মাকে তাইক সাবটি ধৰিলে। পিছে বৰষাই পিঠিত বেগটো লৈ ওলাই অহা দেখিহে মনটো সেমেকি উঠিল তেওঁৰ৷

: আজিও মাজনী ?

: ছ’ৰি মা। বিৰাট ডাঙৰ কে’ছ এটাৰ দায়িত্ব দিছে ছাৰে। এৰাতিৰ বাবে শ্বিলঙলৈ যাব লাগে। ইয়াৰ পিছতে দুদিনমান ছুটী লৈ তোমালোকৰ লগত সময় কটাম। প্লিজ মা, বেয়া নাপাবা।

মাকক আৰু এষাৰো কোৱাৰ সুযোগ নিদি লৰালৰিকৈ ওলাই গ’ল তাই৷ 

                        * * * 

শ্বিলঙৰ একা-বেঁকা ফ’ৰ লে’ন হাইৱে’টোৰে বিতোপনে সিহঁতৰ জীপগাড়ীখন আগবঢ়াই নিছে। ড্ৰাইভিং ছিটৰ কাষতে বহি কাবেৰীয়ে ম’বাইল কেমেৰাত প্ৰকৃতিৰ সৌন্দৰ্য কেপশ্বাৰ কৰাত ব্যস্ত। পিছৰ ছিটত বৰষাৰ কাষতে বহি নীহাৰো সেউজীয়া স্বৰ্গভূমিখনৰ সৌন্দৰ্যত মোহ গৈছে৷ বৰষা পিছে ভাববিভোৰ আজি৷ অভ্ৰনীল বুজৰবৰুৱাই কে’ছটোৰ বিষয়ে জনোৱাৰ পাছৰে পৰাই দুৰ্ভগীয়া ছোৱালীজনীৰ কাল্পনিক মুখখনহে ভাহি আছে তাইৰ মন-মগজুত। 

ছয় ঘণ্টাৰ দীঘলীয়া যাত্ৰাৰ অন্তত সিহঁতৰ টিমটো শ্বিলঙৰ পৰা প্ৰায় ৩৫ কি.মি দূৰৰ লাইটলুমৰ ওচৰৰে বস্তি অঞ্চলটোত গৈ উপস্থিত হ’ল। গাড়ীৰ পৰা নামি পুতিগন্ধময় ঠেক গলি এটাৰে কিছু দূৰ খোজ কাঢ়ি যোৱাৰ পাছত দূৰৈত মানুহৰ বিৰাট জুম এটা চকুত পৰিল সিহঁতৰ৷ সমান্তৰালকৈ এসোপা কোৰ্হালে ভীষণ আচহুৱা কৰি তুলিলে পৰিৱেশটো। স্থানীয় নিউজ চ্ছেনেল এটাৰ ৰিপ’ৰ্টাৰসকল  ইতিমধ্যে সেইখিনিত আহি উপস্থিত হৈছিল। পলম নকৰি কাবেৰী আৰু বিতোপনেও ন’টবুক আৰু মাইককেইটা হাতত লৈ ৰিপ’ৰ্টিঙৰ বাবে সাজু হ’ল। ইফালে-সিফালে চাই বৰষাই খাচীয়া মানুহ এগৰাকীক হিন্দীতে সুধিলে।

: ৱ লড়কী কাহা হেই ?

মানুহগৰাকীয়ে সম্মুখৰ জুপুৰী এটালৈ আঙুলিয়াই দেখুৱালে। পুলিচ, সাংবাদিক আৰু স্থানীয় মানুহখিনিৰ ভিৰ ফালি বৰষাই এইবাৰ কেমেৰাটো লৈ জুপুৰীটোৰ ভিতৰলৈ ভুমুকিয়াই চালে। 

ভিতৰত এখন তক্তাপোচত এমহীয়া কেঁচুৱা এটা কোলাত লৈ আনুমানিক উনৈছ/বিছ বছৰীয়া ছোৱালীজনী তলমুৰকৈ বহি আছে। বৰষা লাহে-লাহে ছোৱালীজনীৰ ওচৰ চাপি গৈ তাইক ভালদৰে নিৰীক্ষণ কৰিলে। কাবেৰীয়েও বৰষাক অনুসৰণ কৰি জুপুৰীটোলৈ সোমাই গ’ল। মধ্যমীয়া উচ্চতাৰ ক্ষীণাংগী ছোৱালীজনীৰ সাংঘাতিক ধৰণে উজ্জ্বলি থকা চকুযুৰিৰ পৰা একুৰা জুইহে বৰষিছে যেন ! বৰষাই লাহেকৈ তাইৰ নামটো সুধিলে।

: কি নাম তোমাৰ ? 

ইমান পৰে ইংৰাজী বা হিন্দীতে সকলোৰে কথাবোৰ শুনি থকা ছোৱালীজনীয়ে অসমীয়া শব্দকেইটা শুনি যেন যথেষ্ট সকাহ পালে ! কোলাত লৈ থকা কেঁচুৱাটো বিছনাখনতে লাহেকৈ শুৱাই বৰষাক সাবটি ধৰি উচুপি উঠিল তাই।

: মই মানুহটোক মাৰি পেলালোঁ বাইদেউ। বুকুতে চুৰিখন সুমুৱাই দিলোঁ।

ওলাই অহা চকুপানীখিনি দুই হাতেৰে জোৰকৈ মচি আকৌ কৈ উঠিল তাই –

: সি বিয়া পাতিব বুলি মোৰ লগত বেয়া কাম কৰিলে আৰু বাচ্ছাটো জন্ম দিবলৈ কৈ, মোক ইয়াত পেলাই থৈ গুচি গ’ল। কালি আকৌ ঘৈণীয়েকক দিবলৈ সেই কুকুৰটোৱে মোৰ মাইনাটোক জোৰ-জবৰদস্তি কৰি লৈ যাবলৈ আহিছিল। কিয় কাঢ়ি নিব সি মাইনাটোক মোৰ পৰা ? কিয় ?

ফেঁকুৰি-ফেঁকুৰি কান্দি উঠিল ছোৱালীজনীয়ে।

উশাহটো কিহবাই চেপি ধৰা যেন অনুভৱ হ’ল বৰষাৰ। কিহৰ বাবে ছোৱালীবোৰে এই ভুলটো কৰি পেলায় বাৰু ! কেনেকৈ ভাবিব পাৰে যে- দুদিনৰ চিনাকি কোনোবা এজনৰ লগতো প্ৰেমৰ ৰাগিত উটি-ভাহি যাব পাৰি !

ছোৱালীজনীৰ মূৰতে হাত ফুৰাই বৰষাই তাইক ঘৰৰ কথা সুধিলে।

: মই বৰ দুখীয়া ঘৰৰ ছোৱালী বাইদেউ। আমাৰ ঘৰৰ ওচৰৰে ডেইজী বাইদেৱে ইয়াত পঢ়িবলৈ আহোঁতে, এই মানুহটোৱে বাইদেউক পছন্দ কৰি বিয়া কৰাইছিল। মোক ডেইজী বাইদেৱেই ঘৰৰ কাম-বন কৰিবলৈ ইয়ালৈ লৈ আহিছিল। মায়ে পঠাবলৈ মন কৰা নাছিল। কিন্তু দেউতাই মই কাম কৰিলে দুটকা ঘটিব পাৰিম বুলিয়েই মাৰ কথা নুশুনিলে।

মাকৰ মুখখনে আমনি কৰিলে বৰষাক। এই ছোৱালীজনীও যদি আজি মাকৰ তত্বাৱধানত থাকিলে হয় , কথাবোৰ চাগৈ এনে নহ’লহেঁতেন !

তেনেকুৱাতে নীহাৰ খৰখেদাকৈ কোঠাটোলৈ সোমাই আহিল।

: বৰষা, হস্পিটেলৰ পৰা খবৰ আহিছে – মানুহজনৰ বোলে মৃত্যু ঘটিছে৷ পুলিচে তাইক এৰেষ্ট কৰি লৈ যাব এতিয়া৷ উই শ্বুড লিভ৷

এইবুলি নীহাৰ ছোৱালীজনীৰ কাষ চাপি আহিল৷

: অ’ই ছোৱালী কি নাম তোৰ ?

: মাখনী কলিতা৷

পুলিচ অহাৰ কথাটো কাণত পৰিল যদিও অলপো বিচলিত নোহোৱাকৈ উত্তৰ দিলে তাই।

: চাওঁ চুলিখিনি অলপ খেলিমেলি কৰি, কেঁচুৱাটো কোলাত তুলি ল’চোন। ফটো দুকপিমান লওঁ।

নীহাৰৰ কথাত প্ৰচণ্ড খং উঠিল বৰষাৰ। কেমেৰাটোৰ লেন্সখন হাতৰ তলুৱাৰে ঢাকি চিঞৰি উঠিল তাই..

: হোৱাট আৰ ইউ গ’য়িং টু ডু নীহাৰ ?

: টি. আৰ. পি। ইটছ অল এবাউট টি. আৰ. পি বৰষা৷ আমাৰ নিউজ চ্ছেনেলৰ হট ষ্ট’ৰি হ’ব এইটো। ছাৰে কোৱা মনত নাই জানো৷ ফটো দুখনমানটো ল’বই লাগিব৷

বৰষাই কিবা  ক’বলৈ মুখ মেলাৰ আগতেই মাখনীৰ এটা পূৰ্ণহতীয়া চৰ নীহাৰৰ গালত পৰিল।

সকলো শেষ হৈ গ’ল যদিও মাখনী আচলতে হাৰি যোৱা নাই৷ নিজৰ লগত হোৱা অন্যায়ৰ প্ৰতিবাদ কৰিব পৰাকৈ এতিয়াও তাই সবল। আত্মসন্মান আৰু বুকুৰ সন্তানটোৰ সুৰক্ষাৰ বাবে কাৰোবাক হত্যা কৰিব পৰাকৈ এতিয়াও তাই সাহসী৷

বাহিৰত পুলিচৰ গাড়ীৰ শব্দ শুনা গ’ল। এগৰাকী মহিলা পুলিচে মাখনী আৰু কেঁচুৱাটোক গাড়ীখনত বহুৱাই ল’লে। মাকৰ গৰ্ভৰ পৰা মাত্ৰ কেইদিনমানৰ আগতে পৃথিৱীৰ বুকুলৈ অহা কেঁচুৱাটোৱে এতিয়াও অভ্যস্ত নোহোৱা বাহিৰৰ হুলস্থূলবোৰ শুনি ৰাউচি জুৰি কান্দিবলৈ ধৰিলে।

পুলিচৰ গাড়ীখন একা-বেঁকা ৰাস্তাটোৰে গৈ নেদেখা দূৰত্বত হেৰাই যোৱালৈকে একেথৰে চাই ৰ’ল বৰষাই। তাইৰ সেমেকা দুচকুত অজস্ৰ প্ৰশ্নৰ জুমুঠি।

মাখনীৰ স্বাভিমান আৰু অপৰাধক, সময় আৰু পৰিস্থিতিৰ তুলাচনীৰে জুখিলে প্ৰকৃততে কিহৰ ভাৰ বেছি হ’ব বাৰু !

ঠিকনা :

ডিমৰুগুৰি, নগাঁও।

ভ্ৰাম্যভাষ : ৯১০১২০৩৫৫৪

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close