Written by sdblogs2011 2:05 am Poems

একো নাখাই শুলা যে?

হিল্লোলজ্যোতি সিংহ

– নাজানো, কোনো কাৰণ নাই!

যেনেকৈ কোনো কাৰণ নোহোৱাকৈ

মাটিৰ কঁপনি উঠে

নিঃশব্দে সৰি পৰিলে ফুলবোৰ…

নোখোৱাকৈ পাৰ কৰিছোঁ বহু নিশা

মেদ কমোৱাৰ বিলাসিতাৰ বাবে নহয়

ভোক নাছিল বাবেও নহয়

মোৰ কাৰণ আছিল অভাৱ

তোমাৰ অভাৱ নাছিল অভিমানৰ

টোপনি ধৰিব নে তোমাৰ?

– শুম, যেনেদৰে শোওঁ প্রত্যেক ৰাতি

তোমাৰ অভিমানৰ অঙঠাই 

দহি থাকিব মোক ওৰেটো ৰাতি

আকাশে আৱৰি ৰাখিব মোক

চকু টিপিয়াই নিচুকনি গীত গাব তৰাবোৰে

সেমেকা বতাহ এজাকে বিচি দিব

আৰু শেষ নিশা হয়তো সপোনতে

মই তোমাৰ কোলাত শুই পৰিম!

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close