Written by sdblogs2011 4:03 am Poems

এই চহৰ— এটি প্ৰৱণতা

উদয় কুমাৰ বৰুৱা

শীতৰ কুহেলিকা পাৰ হৈ

ক্ৰমাৎ সুৰভিত হয় নষ্ট সময়

মৰা শামুকৰ খোলাত মাৰ যায়

অপ্ৰাপ্তিৰ দীঘল হুমুনীয়াহ

আৰু মই স্বপ্নমাতাল হৈ খোজ থওঁগৈ

শতাব্দী প্ৰাচীন এখন চহৰৰ লুণীয়া মাটিত

স্মাৰ্টফ’নৰ পৰা স্মাৰ্ট চিটীলৈ সৰ্বত্ৰ কেৱল

নিৰ্বেদ অনুৰাগ

যেন সংলাপহীন এখন ছায়া নাটৰ

নিছলা দৰ্শকহে আমি

হেলজেনৰ পোহৰেৰে অভিমানৰ

ডাৱৰ মচি নিচুকাওঁ ভৱি‍তব্যক

তথাপি ভাল পাওঁ এই চহৰ যিমানেই খেয়ালী নহওক

কাৰণ,এই চহৰ এটি প্ৰৱণতা

আমাৰ একাকীত্বৰ গোপন কক্ষত…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close