Written by sdblogs2011 3:46 am Poems

উত্তৰ সত্য

দিগন্ত শইকীয়া

এই যে আমি কওঁ কাউৰী টেঙৰ বৰ

ই সত্য নহয়

অনেক মাধ্যমৰ চিকাৰ কাউৰী

চাবলটাৰ্ন কাউৰী

খাটিখোৱা কাউৰী

জমাদাৰ কাউৰী

কুলিৰ মিঠা মাত শুনিলেই কাউৰীলে’ মনত পৰে

যিমান কবিতা যিমান গান যিমান সাধু কুলিক লৈ আছে

সিমান কবিতা সিমান গান সিমান সাধুৰ নেপথ্য কাউৰী

কোনে কাৰ বাহত কণী পাৰে

কোনে ডেউকাত জুই বান্ধি আওমৰণে মৰে

কোনে কাৰ ভোকৰ মঙহ তোষামোদৰ ডাঁৰিকীৰে সৰুৱাই নিয়ে

কোন কৃষ্ণাংগ কাহিলি পুৱাতে কপাহ খেতিত নামে

লেদেনা ওকটে কোনে

কান্ধ সলাই কাণ সলাই

এক প্ৰকল্প… এক অভিপ্ৰায়…

এক প্ৰক্ষেপণ… উত্তৰ সত্য

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close