Written by sdblogs2011 5:39 am Articles

উত্তৰ পূৰ্বাঞ্চলে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ নেতৃত্ব ল’ব পাৰিবনে?

ড° সুস্মিতা প্ৰিয়দৰ্শিনী

যোৱা কেইটামান বছৰত উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ ক্ষমতাক লৈ ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাসকল বিশেষভাৱে সচেতন হৈ উঠা দেখা গৈছে৷ শেহতীয়াকৈ যোৱা মাৰ্চ মাহত Indian Council for Research on International Economic Relations (ICRIER)-এ আয়োজন কৰা এখন সন্মিলনত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) জিতেন্দ্ৰ সিঙে মন্তব্য কৰিছিল যে ক’ভিড ১৯ মহামাৰীৰ অৱসানৰ পাছত ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ কাহিনীৰ নেতৃত্বত থাকিব উত্তৰ পূৰ্বাঞ্চল ৷ এই কথা সহজেই অনুমান কৰিব পাৰি যে ক’ভিডৰ প্ৰথমটো ঢৌ চম্ভলাত উত্তৰ পূৰ্বাঞ্চলে দেখুওৱা সফলতাৰ কাৰণে মন্ত্ৰীগৰাকীয়ে এই কথা কোৱা নাই ৷ তেওঁৰ বক্তব্যত এই কথাত জোৰ দিয়া হৈছিল যে ক’ভিড মহামাৰীৰ পৰৱৰ্তী সময়ৰ অৰ্থনীতিৰ নেতৃত্ব ল’বৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিত আন্তঃগাঁথনি আৰু সংযোগ ব্যৱস্থাৰ উন্নয়ন ঘটোৱা দৰকাৰ৷ অৱশ্যে ১৯৯১ চনত ‘পূবলৈ চোৱা নীতি’ ঘোষণা কৰাৰে পৰা নীতি নিৰ্ধাৰক আৰু  অৰ্থনীতিবিদসকলে ধাৰাৱাহিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ শক্তিৰ কথা দোহাৰি আহিছে ৷ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰি ২০১৪ চনত ‘পূবলৈ চোৱা নীতি’ক ‘পূবত কৰা নীতি’ (Act East Policy) লৈ পৰিৱৰ্তন ঘটোৱা হয়৷ পৰিৰ্ৱতিত নীতিত এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰিৱৰ্ধিত চুবুৰীয়া অঞ্চলে গুৰুত্ব লাভ কৰে ৷ উদ্দেশ্য আছিল অসমৰ ভিতৰত প্ৰথমে সংযোগ ব্যৱস্থা উন্নীত কৰা, তাৰ পাছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগত, তাৰ পাছত ম্যানমাৰ আৰু বাংলাদেশৰ লগত সংযোগ উন্নীত কৰা আৰু তাৰো পাছত স্থলপথ, আকাশীপথ আৰু জলপথেৰে জাপান আৰু ভিয়েটনামৰ লগত সংযোগ স্থাপন কৰা । ২০১৮ চনত বিশ্ব বিনিয়োগকাৰীৰ সন্মিলন উদ্বোধন কৰি দিয়া ভাষণত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উত্তৰ পূৰ্বাঞ্চলৰ সমতাপূৰ্ণ আৰু উচ্চ হাৰৰ বিকাশৰ কাৰণে পূবত কৰা নীতিৰ গুৰুত্বৰ কথা দোহাৰিছিল ৷ এইটো কোৱা হয় যে যদি পূবত কৰা নীতিক ইয়াৰ প্ৰকৃত ৰূপত ৰূপায়ন কৰিব পৰা যায় তেন্তে ই উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক অৱস্থাকেই সলনি কৰি দিব ৷ বিকাশৰ তথ্যই এই সম্ভাৱনা সমৰ্থন কৰে নে নকৰে চোৱা যাওক :

    ২০১৩-১৪ চনত ভাৰতৰ আটাইতকৈ উচ্চ হাৰৰ বিকাশ লাভ কৰা ৰাজ্যখন আছিল মেঘালয় ৷ ৯.৭% হাৰৰ বিকাশেৰে ই মধ্যপ্ৰদেশকো চেৰ পেলাইছিল ৷ সেই সময় আনকি অৰুণাচল প্ৰদেশৰো বিকাশ গুজৰাটতকৈ অধিক হাৰত হৈছিল ৷ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ১২.৮ মিলিয়ন মানুহ দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰাৰ বিপৰীতে কণাৰ্টকত ১২.৮  মিলিয়ন মানুহ দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰিছিল ৷ ২০১২-১৩-ৰ সময়ছোৱাত স্থিৰ মূল্যত মিজোৰামৰ গড় বিকাশৰ হাৰ সৰ্ব্বোচ্চ আছিল ৷ তাৰ পিছতেই আছিল  ত্ৰিপুৰা (৯.৯৮%) আৰু গুজৰাট (৯.৮৩%) ৷ অৱশ্যে বিকাশৰ হাৰৰ দিশৰ পৰা মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ স্থান আছিল তলৰ ৫ খন ৰাজ্যৰ মাজত৷ এই সময়ছোৱাত চলিত দৰত মিজোৰাম, ত্ৰিপুৰা আৰু ছিক্কিমৰ স্থান আছিল ওপৰফালৰ প্ৰথম পাচঁখন ৰাজ্যৰ মাজত আৰু বিকাশৰ হাৰ আছিল এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ  বিকাশৰ হাৰ (১১.৭২%)-তকৈ  অধিক ৷  

    ৰাজ্য এখনৰ উচ্চ বিকাশৰ হাৰে তাক দেশখনৰ বিকাশৰ  কাহিনীৰ নেতা কৰি নোতোলে ৷ বিকাশৰ হাৰ আধাৰ অভাৱ (Base effect) ৰ কাৰণেও অধিক হয়৷ ১৯৬১-৬২ ৰ পৰা ১৯৮৩-৮৪ ৰ সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ বিকাশৰ হাৰ ঋণাত্মক আছিল৷ উদাহৰণ স্বৰূপে ১৯৭৪-৭৫, ১৯৭৬-৭৭, ১৯৭৮-৭৯ আৰু ১৯৭৯-৮০-ৰ বছৰকেইটাত অসমৰ নিগুট ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ঋণাত্মক আছিল ৷ ১৯৭৯-৮০ বৰ্ষত অৰুণাচল প্ৰদেশৰ নিগুট ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ঋণাত্মক আছিল ৷ বিকাশৰ হাৰ নহয়, দেশখনৰ GDP-ত ৰাজ্যখনৰ GDP-ৰ অংশ কিমান সেয়াহে গুৰুত্বপূৰ্ণ কথা ৷ GDP-ৰ নতুন শ্ৰেণী গণনাৰ পদ্ধতি GDP-ৰ পুৰণা ধাৰা গণনাৰ পদ্ধতিৰ লগত নিমিলে। গতিকে  GDP-ৰ নতুন শ্ৰেণীৰ তথ্যৰ লগত GDP-ৰ পুৰণি শ্ৰেণীৰ তথ্যৰ তুলনা কৰিব নোৱাৰি গতিকে আমি GDP ৰ নতুন শ্ৰেণীৰ সহায়তেই বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম ৷ ২০১৮-১৯ বৰ্ষত স্থিৰ মূল্যত দেশখনৰ মুঠ GDP-ত উত্তৰ পূৰ্বাঞ্চলৰ বৰঙণি আছিল মাত্ৰ ২.৭৫% ৷

তালিকা ১.১

উৎস পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয় মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন

ৰাজ্যৰ নামচলিত দৰ GSDP (কোটি টকাত)GDP ত অংশ (%)স্থিৰ দৰত GSDP (কোটি টকাত)GDP ত অংশ (%)
19-2018-1918-1919-2018-19
অসম৩১,৫৮৮১১.৬৭…..২৩৪০৪৮ ১.৬৭
ত্ৰিপুৰা৫৫,৯৮৪৪৯,৮৪৫০.২৬৪০,৫৮৩৩৬,৯৬৩০.২৬
মেঘালয়৩৬,৫৭২২৮,৭২৩০.১৮২৬৬৯৫২৪৬৮২০.১৮
চিক্কিম৩২,৪৯৬২৮,৭২৩০.১৫২০০১৭১৮৭২২০.১৩
মণিপুৰ৩১,৭৯০২৭৮৭০০.১৫২০৬৭৩১৯৩০০০.১৪
নগালেণ্ড২৭২৮৩০.১৪১৭০৪৭০.১৩
অৰুণাচল প্ৰদেশ২৪,৬০৩০.১৩১৬৬৭৬০.১২
মিজোৰাম২,৬,৫০৩২,২,২৮৭০.১২১৮৭৯৭১৬৪৭৮০.১২
ভাৰত২০,৩৫১,০১৩১৮,৮৮৬,৯৫৭১৪,৫৬৯,২৬৮১৪০০৩৩১৬

তালিকা ১.২

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ GSDP ৰ বিকাশৰ হাৰ

১৯-২৩১৮-১৯গড় (১২-১৯)১৯-২০১৮-১৯গড় (১২-১৯)
মিজোৰাম১৪.০৭১১.৬৩১২.৫৬১৮.৯১১৪.৯৭১৭.৫৬
ত্ৰিপুৰা৯.৭৯১১.৬৯৯.৯৪১২.৩২১৪.০২১৪.৬৬
চিক্কিম৬.৯২৫.৯৪৭.৭২১৩.১৩১০.৬০১৪.৫৬
অসম৬.৪২৭.৩৪১১.৫৫১১.৯৯
অৰুণাচল প্ৰদেশ৪.৫৯৬.১৭৯.৬৮১২.২৬
মণিপুৰ ৭.১১২.৯৩৫.৯৬১৪.০৭৮.০৭১১.৭৩
নগালেণ্ড৭.০৫৫.৪৬১১.৪০১২.২৭
মেঘালয়৮.১৬৯.৩৮৩.১৭৯.২৩১৩.৪৬৭.৭৬
ভাৰত৪.০৪৬.৫৩৬.৯৫০.৭৫১০.৫১১১.৭২

উৎস পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়

তালিকা ১.৩

দেশৰ GDP ত উচ্চ হাৰৰ (%) বৰঙনি থকা প্ৰথম পাঁচখন ৰাজ্য

ৰাজ্যৰ নামGDP ত অংশ (%) (চলিত দৰত)GDP ত অংশ (%) (চলিত দৰত)
মহাৰাষ্ট্ৰ১৩.৯৪১৪.৫৬
তামিলনাডু৮.৬৩৮.৬৮
উত্তৰ প্ৰদেশ৮.৩৯৮.০২
গুজৰাট৭.৯৬৮.৪৭
কৰ্ণাটক

(উৎস : পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়) 

      যদি আমি NSDP-ত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বৰঙণি বিবেচনালৈ আনো তেন্তে একেই ফলাফল পাম৷ দেশৰ NDP-ত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বৰঙণি হ’ল মাত্ৰ ২.৮%৷  GSDP আৰু NSDP-ৰ তথ্যই এইটোৱেই দেখুৱায় যে  GSPP-ৰ বিকাশৰ হাৰ উচ্ছ হোৱা ৰাজ্যসমূহৰ  GSPP বিকাশৰ হাৰ উচ্ছ হোৱা ৰাজ্যসমূহৰ  GDP আৰু   NDP-লৈ বৰঙণি কিন্তু উচ্ছ নহয়৷ বিকাশৰ হাৰৰ ভিত্তিত চলিত দৰত  GSDP আৰু  NSDP-ৰ ক্ৰমভিত্তিক তালিকাত মহাৰাষ্ট˜ৰ স্থান হৈছে ১৭ [২০১৮-১৯]  চলিত দৰতো  GSDP আৰু  NSPP ৰ ক্ৰমভিত্তিক তালিকাত মহাৰাষ্ট˜ৰ স্থান একে তলৰ তালিকাত  NSDP-ৰ তথ্য দাঙি ধৰা হ’ল :

তালিকা ১.৪

চলিত দৰত NSDP

ৰাজ্যৰ নামNSDP ১৯-২০ (কোটি টকাত)NSDP ১৮-১৯ (কোটি টকাত)NDP ত অংশ (%)
অসম২৮২৭৮২১.৬৯
ত্ৰিপুৰা৫০২২৭৪৪৮৩৫০.২৭
মেঘালয়৩২৮৩৩২৯৫৪৪০.১৮
মণিপুৰ২৯১৪৮২৫৩২৩০.১৫
চিক্কিম২৮৩৯১২৫১৪১০.১৫
অৰুণাচল প্ৰদেশ২২৪৮৮০.১৩
মিজোৰাম২৪৪২৪২০৯৪৭০.১৩
ভাৰত১৭৯৯৪৩০১১৬৭০৪৬৪৫
xxx

(উৎস : পৰিসংখ্যা আৰু আচঁনি ৰূপায়ণ মন্ত্ৰালয়)

তালিকা ১.৫

চলিত দৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিকাশৰ হাৰ

ৰাজ্যৰ নাম১৯-২০১৮-১৯গড় (১২-১৯)
মিজোৰাম১৬.৬০১৪.৮৫১৮.৬৪
ত্ৰিপুৰা১২.৩২১৪.০২১৪.৬৬
চিক্কিম১৩.১৩১০.৬০১৪.৫৬
অসম১১.৫৫১১.৯৯
মণিপুৰ১৪.০৭৮.০৭১১.৭৩
অৰুণাচল প্ৰদশে‍৯.৬৮১২.২৬
নাগালে‍ণ্ড১১.৪০১২.২৭
মেঘালয়৯.২৩১৩.৪৬৭.৭৬
ভাৰত৭.২১১০.৯৫১১.৭২
xxxxx

(উৎস : পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়)

তালিকা ১.৬

NDP-ত উচ্চ হাৰৰ (%) বৰঙণি যোগোৱা ৰাজ্যসমূহ (২০১৮-১৯)

ৰাজ্যৰ নামNDP-ত অংশ (%)
মহাৰাষ্ট্ৰ১৩.৯৭
তামিলনাডু৮.৭৭
উত্তৰপ্ৰদেশ৮.৪১
কৰ্ণাটক৮.০৯
গুজৰাট৭.৯২
xxxx

(উৎস : পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰালয়)

আমি যদি ১৫ বছৰ পিছলৈ উভতি যাওঁ (যেতিয়াৰ পৰা GDP-ৰ নতুন শ্ৰেণীৰ তথ্যসমূহ উপলব্ধ), তেতিয়া দেখা পাওঁ ২০০৮-০৫ বৰ্ষৰ তুলনাত ২০১৮-১৯ বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ GDP-লৈ বৰঙণিৰ অংশ (%) হ্ৰাসহে পাইছে। ২০০৮-০৫ চনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ GDP-ত অংশ আছিল ২.৯৫ক্ম

তালিকা ১.৭

২০০৪-০৫ বৰ্ষত GSDP (চলিত দৰত)

ৰাজ্যৰ নামGSDP (কোটি টকাত)দেশৰ NDP ত অংশ (%)
অসম৫৩৩৯৮১.৭৯
অৰুণাচল প্ৰদেশ৩৪৮৮০.১২
মণিপুৰ৫১৩৩০.১৭
মেঘালয়৬৫৫৯০.২২
মিজোৰম২৬৮২০.০৯
নাগালেণ্ড৫৮৩৯০.২৩
চিক্কিম১৭৩৯০.০৬
ত্ৰিপুৰা৮৯০৪০.৩০
ভাৰত২৯৭১৪৬৪

(উৎস : হেণ্ডবুক অৱ ষ্টেটিচটিকচ অন ইণ্ডিয়ান ষ্টেটচ ২০১৯-২০) 

গতিকে ওপৰৰ আলোচনাৰ পৰা এটা কথা স্পষ্ট হয় যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উচ্চ হাৰৰ বিকাশৰ কাৰণ হৈছে আধাৰ অভাৱ। ই দেশৰ GDPত উচ্চ শতকৰা অৱদান দিব নোৱাৰে। ভাৰতৰ বিকাশৰ কাহিনীৰ নেতৃত্ব ল’বলৈ হ’লে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে নিজৰ GSDP আৰু NSDP মহাৰাষ্ট˜, তামিলনাডুৰ দৰে ৰাজ্যৰ GSDP পৰ্যায়লৈ বৃদ্ধি কৰিব লাগিব। শেহতীয়া তথ্য মতে চিক্কিমৰ বাহিৰে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত GDP-লৈ সৰ্বাধিক বৰঙণি যোগোৱা হৈছে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিত্তিক GDP-ৰ ধৰণ মহাৰাষ্ট, তামিলনাডুৰ দৰে ৰাজ্যৰ সৈতে প্ৰায় একে। শেহতীয়া তথ্য মতে চিক্কিমৰ বাহিৰে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহত GDP-লৈ সৰ্বাধিক বৰঙণি যোগায় সেৱাখণ্ডই। অঞ্চলটোৰ ৭১ % মানুহ কৃষিকাৰ্যত জড়িত হৈ থকাৰ পিছত এই অৱস্থা। মহাৰাষ্ট্ৰ আৰু তামিলনাডুত GSDPলৈ সেৱাহণ্ডৰ বৰঙণি হৈছে ক্ৰমে ৫৭.০৫ % আৰু ৫০.৯৬ %।

তালিকা ১.৮

NE ৰ ৰাজ্যসমূহৰ খণ্ডভিত্তিক GDP

ৰাজ্যৰ নাম২০১৯-২০ (২০১১-১২) ৰ দৰত
প্ৰাথমিক খণ্ড গৌণ খণ্ড সেৱা খণ্ড
অসম৩০.৩৯২৯৪০.৬২
ত্ৰিপুৰা৩৭.৭৩১৫.৭৯৪৬.৪৮
অৰুণাচল প্ৰদেশ৩১২৫.৭৪৪৩.২৬
নগালেণ্ড২৪.৮৯১৩.৬৯৬১.৪১
মিজোৰাম২২.৭৭৩১.০৮৪৬.১৬
মণিপুৰ২৩.১০১৪.৪৯৬২.৪১
চিক্কিম৭.৭৭
(২০২০-২০২১)
৬৪.৬৪২৭.৫৯
মেঘালয়২০.৪৩১৯.৫৫৬০.০২
xxxxx

(উৎস : statisticstimes. com)

পূবত কৰা নীতিয়ে পৰিৱৰ্তন আনিব পাৰিব নে?

উত্তৰ পূৰ্বাঞ্চল সম্পদত দুখীয়া নহয়। সকলোবোৰ পথেৰে চুবুৰীয়া দেশসমূহৰ লগত সংযোগ স্থাপন কৰি আৰু উৎপাদনৰ ক্ষেত্ৰত তুলনামূলক সুবিধা থকা দ্ৰব্যৰ উৎপাদনেৰে এতিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বজাৰ দখল কৰি দ্বিপাক্ষিক চুক্তি আৰু আঞ্চলিক সহযোগিতাৰ চুক্তিসমূহৰ সুবিধা লৈ উত্তৰ পূৰ্বাঞ্চলে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ নেতৃত্ব ল’ব পৰাকৈ নিজৰ অৰ্থনীতিক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি ল’ব পাৰে। এই ক্ষেত্ৰত পূবত কৰা নীতিয়ে সুবিধাৰ এখন দুৱাৰ খুলি দিয়ে। ভৌগোলিক অৱস্থান, বিশাল সীমান্ত অঞ্চল, প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য, অনুকূল জলবায়ু, খনিজ আৰু কৃষি উদ্যান সম্পদৰ উপস্থিতি আৰু ASEAN বজাৰৰ সীমান্তই উত্তৰ পূৰ্বাঞ্চলক এক সুবিধাজনক স্থিতিত ৰাখিছে।

অতীতলৈ ঘূৰি চালে দেখা পাওঁ আমাৰ এক গৌৰৱময় অতীত আছে। ১৯৪৭ চনৰ আগতে বাণিজ্য আৰু ব্যৱসায় উত্তৰ পূৰ্বাঞ্চলত ঠন ধৰি উঠিছিল তেতিয়া এই অঞ্চলটো দেশৰ এক সমৃদ্ধিশালী অঞ্চল আছিল। তেল, কয়লা আৰু চাহৰ আৱিষ্কাৰে অঞ্চলটোত উন্নয়নৰ সূচনা কৰিছিল। অঞ্চলটোত পৰিৱহন আন্তঃগাঁথনিত ব্যয় কৰিবলৈ ব্ৰিটিছ চৰকাৰো বাধ্য হৈছিল। ১৮৫৩ চনত প্ৰথম চাহ বাগিচা প্ৰতিষ্ঠা হৈছিল আৰু শ্ৰীঘ্ৰেই নতুন নতুন চাহ বাগিচা প্ৰতিষ্ঠা হ’ল আৰু অঞ্চলটোৰ পৰা চাহৰ ৰপ্তানি আৰম্ভ হ’ল। তেতিয়াৰে পৰা অসমৰ চাহে আৰ্ন্তজাতিক বজাৰত এক বিশেষ স্থান অধিকাৰ কৰি আছে। অঞ্চলটোৰ ১ মাত্ৰ তেল শোধনাগাৰটো ১৮৯০ চনত ডিগবৈত প্ৰতিষ্ঠা হৈছিল আৰু ঔদ্যোগিক কাম-কাজৰ আৰম্ভণি ঘটিছিল। ডিব্ৰুগড় আৰু চিটাগং সহযোগী ৰেলপথ ভাৰতৰ প্ৰথম ৰেলপথ কেইটাৰ অন্যতম। বাণিজ্যৰ সম্প্ৰসাৰণ হ’বৰ বাবে ভাৰতৰ বজাৰসমূহৰ লগতেই নহয় বিশ্বৰ বজাৰসমূহৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ উন্নত সংযোগ আছিল।বৰ্তমানৰ বাংলাদেশৰ চিটাগং আৰু কলকাতাৰ বন্দৰৰ মাধ্যমত বিশ্ব বাণিজ্য সম্পাদিত হৈছিল। এই বন্দৰ দুটা জলপথ স্থলপথ আৰু ৰেলপথেৰে উত্তৰ পূৰ্বাঞ্চলৰ লগত সংযোজিত আছিল। কিন্তু সমস্যাৰ আৰম্ভণি হৈছিল বিভাজনৰ সময়ৰপৰা। দেশ বিভাজনে অঞ্চলটোক ভৌগোলিকভাৱে প্ৰায় বিছিন্ন কৰি পেলাইছিল। বিভাজনৰ ফলত বাংলাদেশৰ স্থলপথ আৰু জলপথেৰে সেই সময়ত চলি থকা যোগাযোগ ব্যৱস্থাটো বাধাগ্ৰস্ত হৈছিল। বজাৰলৈ দূৰত্ব বৃদ্ধি পাইছিল। বজাৰ পাবলৈ অধিক সময়ৰ প্ৰয়োজন হৈছিল। বৰ্ধিত পৰিৱহন ব্যয়ে বাণিজ্য নিৰুৎসাহিত কৰিছিল। গতিকে আমি ক’ব পাৰোঁ যে দেশ বিভাজনৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলে ভৌগোলিক সংযোগহীনতাত ভুগিছিল। আজিৰ পৰা কেই বছৰমানৰ আগলৈকে অঞ্চলটোৱে প্ৰায়বোৰ উপভোগ্য দ্ৰব্য অঞ্চলটোৰ বাহিৰৰ পৰাই আনিছিল। পৰিৱহনৰ আন্তঃগাথঁনিৰ উপৰি সন্ত্ৰাসবাদী কাৰ্যকলাপেও অঞ্চলটোৰ উন্নয়নৰ গতি স্তিমিত কৰিছিল। এই সমস্যাসমূহে প্ৰকৃততে উত্তৰ পূৰ্বাঞ্চলৰ সীমান্ত সুবিধা (border advantage)-সমূহো নোহোৱা কৰিছিল। অৱশ্যে দেশৰ চৰকাৰসমূহে এই কথা উপলব্ধি কৰিব পাৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন নিশ্চিত কৰিবৰ কাৰণে ১৯৭১ চনত উত্তৰ-পূব পৰিষদ গঠন কৰা হয়। বিভিন্ন চৰকাৰী আৰু অৰ্ধ চৰকাৰী এজেঞ্চিসমূহে হাতত লোৱা উন্নয়নৰ প্ৰচেষ্টাসমূহ নিৰীক্ষণ কৰিবৰ কাৰণে ২০০১ চনত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক সুকীয়া বিভাগ স্থাপন কৰে। তদুপৰি এই অঞ্চলটোৱে চৰকাৰৰ পৰা সময়ে সময়ে বিশেষ অৰ্থনৈতিক উপহাৰো লাভ কৰি আহিছে। ১৯৯৬ চনত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ প্ৰকল্পৰ কাৰণে ৬১০০ কোটি টকাৰ এক অৰ্থনৈতিক উপহাৰো ঘোষণা কৰিছিল তেতিয়াৰ প্ৰধান মন্ত্ৰী এইচ. ডি. দেৱেগৌড়াই। ২০০০ চনত তেতিয়াৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ১০,২৭১.৬৬ কোটি টকাৰে আন এটা অৰ্থনৈতিক উপহাৰো ঘোষণা কৰিছিল। সংস্কাৰৰ পৰৰ্ৱতী সময়ত আন্তঃগাথঁনিৰ অভাৱৰ বাবেই অঞ্চলটোৱে ব্যক্তিগত বিনিয়োগকাৰীক (ঘৰুৱা আৰু বিদেশী) আকৰ্ষণ কৰিব পৰা নাই। ইও অঞ্চলটো পিছ পৰি থকাৰ এটা কাৰণ। ২০০০ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন পূবলৈ চোৱা নীতিৰ অংশ হৈ পৰে। পূবলৈ চোৱা নীতিৰ সফলতাৰ কাৰণে সাগৰীয় পথেৰে বাংলাদেশৰ মাজেৰে আৰু স্থল পথেৰে চীন আৰু ম্যানমাৰৰ মাজেৰে ASEAN-ৰ সংযোগ প্ৰয়োজনীয় আছিল। ২০১৪ চনত পূবলৈ চোৱা নীতিৰ ঠাই ল’লে পূবত কৰা নীতিয়ে। পূবত কৰা নীতিৰ মুখ্য উদ্দেশ্য হৈছে এক অভিলাষী সংযোগ আঁচনিৰ জৰিয়তে এফালে বাংলাদেশ ভূটান আৰু নেপালৰ সৈতে আৰু আনফালে ASEAN-ৰ সৈতে এখন সমন্বিত বজাৰ তৈয়াৰ কৰা। ১০ খন দেশেৰে ASEAN অঞ্চলটোৰ অৰ্থনৈতিক আকাৰ হৈছে ২.৩ বিলিয়ন ডলাৰ। উত্তৰত চীনৰ সৈতে, পূবত ম্যানমাৰৰ সৈতে, দক্ষিণ-পশ্চিমত বাংলাদেশৰ সৈতে আৰু উত্তৰ-পশ্চিমত ভূটানৰ সৈতে উত্তৰ পূৰ্বাঞ্চলে আন্তৰ্জাতিক সীমান ্ত ভাগ কৰি লৈছে। সুদীৰ্ঘ আন্তৰ্জাতিক সীমান্তৰ সুবিধা লৈ অঞ্চলটোৱে নিজকে ৰপ্তানিৰ স্নায়ুকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে। ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তত থকা দেশসমূহৰ সৈতে ২.৮১ বিলিয়ন মানুহৰ এখন ডাঙৰ বজাৰ গঠন কৰে।

আমাৰ আগত এক আৰ্হি আছে : য়ুন্নান

চীনৰ য়ুন্নান প্ৰদেশে উত্তৰ পূৰ্বাঞ্চলে অনুসৰণ কৰিবৰ বাবে এক আৰ্হি দাঙি ধৰে। জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সম্পদত চহকী এই প্ৰদেশখন হৈছে চীনৰ কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক পথৰ ঘাটি। এই প্ৰদেশখনক চীনৰ কৃষিৰ স্নায়ুকেন্দ্ৰত বুলিব পাৰি। চীনৰ পঞ্চম বৃহৎ প্ৰদেশ য়ুন্নানে দেশৰ মুঠ মাটি কালিৰ ৪.১% অধিকাৰ কৰি আছে। উত্তৰ পূৰ্বাঞ্চল আৰু য়ুন্নানৰ মাজত সাদৃশ্য :

ক) জনসংখ্যাৰ আকাৰ একে

খ) বিভিন্ন থলুৱা সম্প্ৰদায়ৰ বাসস্থান

গ) পবৰ্বতীয়া অঞ্চল

ঘ) চহকী প্ৰাকৃতিক সম্পদৰ ভেটী

ঙ) জলবিদ্যুlৰ সম্ভাৱনা

চ) পৰ্যটনৰ সম্ভাৱনা

ছ) য়ুন্নানৰ আছে ম্যানমাৰ আৰু ভিয়েটনামৰ সৈতে ৪০৬০ কি. মি. দীঘল আৰ্ন্তজাতিক সীমা আৰু উত্তৰ পূৰ্বাঞ্চলৰ আছে চীন, ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে ৫০০০ কিঃমিঃ দীঘল আন্তৰ্জাতিক সীমান্ত।

ওপৰত উল্লেখ কৰা সুবিধাসমূহ সত্বেও ১৯৭৯ চনলৈ য়ুন্নান দৰিদ্ৰই হৈ থাকিল। কিন্তু ১৯৭৯ চনৰ পিছত য়ুন্নানক দক্ষিণ পশ্চিম PRC আৰু দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে প্ৰক্ষেপ কৰা হ’ল। ফলাফল আছিল অবিশ্বাস্য। ২০১০-২০১৬-ৰ ভিতৰত য়ুন্নানৰ প্ৰকৃত GDP বাৰ্ষিক ১০.৯% হাৰত বৃদ্ধি পাইছিল আৰু একে সময়ছোৱাত ৰাষ্ট্ৰীয় গড় আছিল ৮.১% য়ুন্নান প্ৰদেশৰ GDP হৈছে ২.৩ বিলিয়ন RMB য’ত পৰ্যটনে এক চতুৰ্থাংশ বৰঙণি যোগাইছে। য়ুন্নানৰ সীমান্তৰে এছিয়ানৰ সৈতে বাণিজ্য হৈছে ১৪ বিলিয়ন ডলাৰৰ। কিন্তু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ GDP হৈছে ৬৫ বিলিয়ন ডলাৰ। উত্তৰ পূৰ্বাঞ্চলৰ সংযোজিত GDP-ৰ বিকাশৰ হাৰ হৈছে ৬.৫% (২০১৮-১৯)। ২০০৫-০৬ চনত উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ হাৰ আছিল ৪.৮%। য়ুন্নানৰ ঈৰ্ষণীয় সাফল্যৰ আঁৰত আছে তলত দিয়া কৌশলসমূহ—

ক) উচ্চ ৰপ্তানিৰ সম্ভাৱনা থকা খণ্ডবোৰক লক্ষ্য হিচাপে লোৱা।

খ) সংযোগ ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান। য়ুন্নান আৰু ASEAN-ৰ মাজত সংযোগ ব্যৱস্থা উন্নীত কৰিবৰ কাৰণে বিভিন্ন উচ্চ পথ আৰু ৰেল পথ নিৰ্মাণ

গ) সীমান্ত বাণিজ্য আন্তঃগাঁথনিৰ নিৰ্মাণ।

য়ুন্নানৰ পৰা ৰপ্তানি হোৱা বিভিন্ন দ্ৰব্যসমূহ হৈছে কৃষিজ দ্ৰব্য আৰু সাৰ ফেক্টৰীত উৎপাদিত শ্ৰম নিবিড় দ্ৰব্যসামগ্ৰী, বৈদুত্যিক সঁজুলি আৰু অলৌহ ধাতু।

পূবলৈ চোৱা নীতিত উত্তৰ পূবৰ মাধ্যমত ASEAN-ৰ সৈতে উন্নত সম্পৰ্ক স্থাপনৰ বাবে ভাৰত চৰকাৰে তিনিটা C-ৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। সেয়া হৈছে সংস্কৃতি (Culture), সংযোগ (Connectivity) আৰু ব্যৱসায় (Commerce)। ই উত্তৰ পূৰ্বাঞ্চলক আন্তঃগাঁথনি উন্নীত কৰা আৰু ৰপ্তানি বৃদ্ধি কৰাৰ আৰু তাৰ জৰিয়তে ভাৰতৰ বিকাশৰ কাহিনীত আগস্থান অধিকাৰ কৰাৰ পৰ্যাপ্ত সুযোগ প্ৰদান কৰে। ASEAN-ৰ দহখন দেশে উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰব্যসামগ্ৰীৰ বাবে এখন বৃহৎ বজাৰ আগবঢ়ায়। BBN আৰু ASEAN-ৰ চাহিদাক একেলগে ধৰিলে উত্তৰ পূৰ্বাঞ্চলে কেতবোৰ দ্ৰব্য উৎপাদনত গুৰুত্ব দিব পাৰে যিবোৰ উৎপাদন কৰাৰ ক্ষেত্ৰত অঞ্চলটোৰ তুলনামূলক সুবিধা আছে। উদাহৰণস্বৰূপে নেপাল আৰু ভূটানে বৈদ্যুতিক আহিলাৰ বাবে ভাৰতৰ ওপৰত নিৰ্ভৰ কৰে। বাংলাদেশ আৰু ম্যানমাৰৰো বৈদ্যুতিক আহিলাৰ বৃহৎ চাহিদা আছে। উত্তৰ পূৰ্বাঞ্চলত বাৰ্ষিক জনমূৰি বিদ্যুৎ উপভোগ ৰাষ্ট্ৰীয় গড়তকৈ কম, অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ লগে লগে বৈদ্যুতিক আহিলাৰ চাহিদাও বাঢ়িব। গতিকে আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োখন বজাৰ দখল কৰিবৰ কাৰণে এই খণ্ডত অসমে বিনিয়োগ আৰু উৎপাদন বৃদ্ধি কৰিব পাৰে। তলত দিয়া খণ্ড উদ্যোগবোৰক উত্তৰ পূৰ্বাঞ্চলৰ শক্তি বুলি ধৰিব পাৰি—

১) চাহ

২) কৃষি আৰু উদ্যান শস্যকে ধৰি কৃষি আনুষংগিক খণ্ড

৩) বাঁহভিত্তিক

৪) খনিজ দ্ৰব্যভিত্তিক

৫) চিকিৎসা পৰ্যটনকে ধৰি পৰ্যটন

৬) প্লাষ্টিক

৭) বৈদ্যুতিক আহিলা

৮) বন ভিত্তিক

৯) তৈল, পৰিশোধিত দ্ৰব্য ভিত্তিক

দৰাচলতে কৃষিজাত দ্ৰব্য আৰু উদ্যান শস্যৰ অতিৰিক্ত উৎপাদনেৰে উত্তৰ পূৰ্বাঞ্চলে সীমান্তৰ দেশসমূহৰ আৰু ASEAN-ৰ বজাৰ সহজেই দখল কৰিব পাৰে।

তালিকা ১.৯

মুঠ উৎপাদনৰ অংশ হিচাপে উত্তৰ পূৰ্বাঞ্চলত কৃষিজাত আৰু উদ্যান শস্যৰ বজাৰযোগ্য অতিৰিক্ত উৎপাদন

কৃষি আৰু উদ্যান শস্যৰ উৎপাদনমুঠ উৎপাদনৰ %
সুমথিৰা৮৫
আনাৰস৯৫
চাউল
জলকীয়া২৭
আদা৮৬
টেঙা৮২
কল৮০
কঁঠাল৮৩

(উৎস : এছিয়া উন্নয়নী বেংক, Assam as India’s gateway to ASEAN, মাৰ্চ, ২০২০) 

ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমতেই আটাইতকৈ অধিক অঞ্চলত অনাৰসৰ খেতি কৰা হয়। ই সৰ্বাধিক আদা উৎপাদনকাৰী ৰাজ্য। আনাৰস আৰু আদাৰ দৰে উৎাপাদনৰ ক্ষেত্ৰত তুলনামূলক সুবিধা থকা শস্যৰে উত্তৰ পূৰ্বাঞ্চলে সহজেই ASEAN, পশ্চিম ইউৰোপ আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহৰ বজাৰ দখল কৰিব পাৰে। দেশৰ মুঠ বাঁহ উৎপাদিত অঞ্চলৰ ২৮% আছে উত্তৰ পূৰ্বাঞ্চলত। গতিকে বাঁহভিত্তিক দ্ৰব্যৰ বাবে এক লক্ষ্যমুখী পদক্ষেপৰ দৰকাৰ। নৰেন্দ্ৰ মুডী ডাঙৰীয়াৰ চৰকাৰে ইতিমধ্যেই ব্ৰিটিছৰ দিনৰে ভাৰতীয় বন আইন ১৯১৯-ৰ সংশোধনী ঘটাই বাঁহক এই আইনৰ আওঁতাৰ পৰা মুক্ত কৰিছে।

যুন্নানৰ দৰে কেবাটাও অভিলাষী সংযোগী প্ৰকল্প ইতিমধ্যে ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰিছে যাতে উত্তৰ পূৰ্বাঞ্চলে অধিক বিনিয়োগ আৰু ৰপ্তানিকৃত দ্ৰব্যৰ বাবে দাবী (order) লাভ কৰে। উদাহৰণস্বৰূপে উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্যোগিক উন্নয়নৰ বাবে চট্ৰগ্ৰাম বন্দৰৰ লগত সংযোগ সুবিধাৰ বৰ প্ৰয়োজন। আগৰতলা– চৰুম পথে এই উদ্দেশ্য পূৰণ কৰিব। ১১০ কিঃমিঃ-ৰ এই প্ৰকল্পই ইতিমধ্যেই বাংলাদেশলৈ এক নতুন ৰেলপথৰ সংযোগ ঘটাইছে। সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সহযোগিতা বৃদ্ধি কৰিবৰ কাৰণে ইতিমধ্যে বাংলাদেশ, চীন, ভাৰত আৰু ম্যানমাৰক লৈ এটা সৰু আঞ্চলিক থুপ প্ৰতিষ্ঠা কৰা হৈছে। BCIM-EC, প্ৰচেষ্টাৰ দ্বাৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ বৰাক উপত্যকা আৰু মণিপুৰ লাভাম্বিত হ’ব। উত্তৰ পূৰ্বাঞ্চলৰ পৰা ব্যৱসায় বাণিজ্য বৃদ্ধি কৰাৰ সম্ভাৱনা থকা কেতবোৰ প্ৰকল্প হ’ল—

১) এছীয় উচ্চ পথ,

২) এছীয় ৰেলপথ

৩) ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিদেশীয় উচ্চপথ

৪) পূব পশ্চিম প্ৰৱেশ পথ

৫) বাংলাদেশ-চীন-ভাৰত-ম্যানমাৰ অৰ্থনৈতিক প্ৰৱেশ পথ

৬) SAARC প্ৰৱেশ পথ       দেশৰ 

সকলোবোৰ ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজধানীৰ লগত ৰেল সংযোগ স্থাপনৰ বিষয়টো চৰকাৰে গভীৰভাৱে লৈছে ।ভূটান বাংলাদেশ আৰু ম্যানমাৰৰ লগত উন্নত ৰেলসংযোগ ব্যৱস্থাৰ কথাও ভবা হৈছে। ত্ৰিদেশীয় উচ্চপথ প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলক ম্যানমাৰ আৰু থাইলেণ্ডৰ লগত সংযোজিত কৰিব। গুৱাহাটীত আমাৰ এটা আন্তৰ্জাতিক বিমানবন্দৰ আছে। ২০১৮ চনত চিক্কিম ৰাজ্যখনও বিমান সেৱাৰ মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে। ৰেল মন্ত্ৰালয়ে ঘোষণা কৰিছে যে ২০২২ চনৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত আভ্যন্তৰীণ ৰেল সংযোগ ব্যৱস্থা সম্পূৰ্ণ কৰিব। মিজোৰামৰ জঘাৱথাৰ ভূমি শুল্ক কেন্দ্ৰৰ আন্তঃগাঁথনি তেনেই দুৰ্বল আৰু তেনেই কম পৰিমাণৰ আনুষ্ঠানিক বাণিজ্যহে তাত সংঘটিত হয়। কিন্তু মণিপুৰৰ মোৰে (Moreh)-ৰ চেক্‌ পষ্টটো তুলনামূলকভাবে সক্ৰিয়। এই চেক্‌ পষ্টৰ জৰিয়তে ম্যানমাৰৰ লগত হোৱা বাণিজ্যৰ মৌদ্ৰিক মূল্য হ’ল ৫০ মিলিয়ন ডলাৰ।

চুবুৰীয়া দেশসমূহৰ লগত বাণিজ্য বৃদ্ধি কৰিবৰ বাবে ভাৰত চৰকাৰে সীমান্তত ৰপ্তানি আন্তঃগাঁথনি গঢ়ি তুলিছে। আমাৰ ৰাজ্যখনৰ চৰকাৰে ইতিমধ্যে সূতাৰকান্দি, মানকাচাৰ, গোলোকগঞ্জ, দৰং আৰু জাগুনত সীমান্ত বাণিজ্য কেন্দ্ৰ স্থাপনত অনুমোদন জনাইছে। সীমান্ত বাণিজ্য কেন্দ্ৰ, সমন্বিত পৰীক্ষণ কেন্দ্ৰ (ICP), বন্দৰ আৰু বিমানকোঠাৰ লগত তেওঁলোকৰ সংযোগ বৃদ্ধি কৰি উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহ অৰ্থনৈতিকভাৱে লাভাম্বিত হ’ব পাৰে। আগতেই উল্লেখ কৰি অহা হৈছে যে দেশ বিভাজনৰ আগতে বাংলাদেশৰ চট্টগ্ৰাম বন্দৰ আছিল ৰপ্তানি-আমদানিৰ বাবে মুখ্য বন্দৰ। স্বাধীনতাৰ পাছত উত্তৰ পূৰ্বাঞ্চললৈ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দ্ৰব্য সামগ্ৰী শিলিগুড়ি প্ৰৱেশ পথেৰে কলকতা বন্দৰলৈ পঠাব লগা হৈছে গতিকে সময় আৰু ব্যয় দুয়োটাই বাঢ়িছে। চট্টগ্ৰাম বন্দৰক অন্তৰ্ৱৰ্তী স্থানান্তৰণ কেন্দ্ৰ (Transhipment Hub) হিচাপে উন্নীত কৰাটোৱে উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাণিজ্য বৃদ্ধি কৰিব। চট্টগ্ৰাম আৰু মংগলা বন্দৰৰ মাধ্যমত দ্ৰব্য ভাৰতলৈ আৰু ভাৰতৰ পৰা বিদেশলৈ পৰিৱহনৰ বাবে ইতিমধ্যে ভাৰত আৰু বাংলাদেশ চুক্তিত উপনীত হৈছে। ম্যানমাৰৰ দৰে পেট্ট’লিয়াম আৰু গেছৰ বৃহৎ সংৰক্ষণ থকা দেশৰ পৰা অশোধিত দ্ৰব্যৰ আমদানি কৰি উত্তৰ পূৰ্বাঞ্চলৰ শোধন ক্ষমতাৰ ব্যৱহাৰ কৰাৰো পূৰ্ণ সম্ভাৱনা আছে। অসমৰ চাৰিটা শোধনাগাৰৰ বাৰ্ষিক শোধন ক্ষমতা হৈছে ৭ মিলিয়ন টন। যদি এই শোধনাগাৰকেইটাই নিজৰ পূৰ্ণ শোধন ক্ষমতা ব্যৱহাৰ কৰে তেন্তে ৰপ্তানিৰ বাবে অঞ্চলটোত যথেষ্ট পৰিমাণৰ শোধিত দ্ৰব্য থাকিব। আনকি শোধিত পেট্টলিয়াম দ্ৰব্য পুনৰ ম্যানমাৰলৈ ৰপ্তানি কৰিব পৰা যাব। উল্লেখযোগ্য যে, শক্তিৰ প্ৰতি চাহিদা ম্যানমাৰত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে। অহা কেইবছৰ মানৰ ভিতৰত বাংলাদেশ আৰু ম্যানমাৰলৈ তেল ৰপ্তানিৰ বাবে অসমে ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰিছে। নুমলীগড় শোধনাগাৰে তাৰ শোধন ক্ষমতা বৰ্তমানৰ 3 MMT-ৰ পৰা 9 MMT-লৈ বৃদ্ধি কৰিব। তদুপৰি 6 MMT অশোধিত তেল ওড়িষাৰ পৰা আনি অসমত শোধন কৰা হ’ব। তাৰ পাছত শোধিত তেলখিনি বাংলাদেশ আৰু ম্যানমাৰলৈ ৰপ্তানি কৰা হ’ব। ONGC-য়ে ম্যানমাৰত প্ৰাকৃতিক গেছৰ অনুসন্ধান কৰিছে। ম্যানমাৰ আৰু ত্ৰিপুৰাৰ গেছ সংৰক্ষণ ব্যৱহাৰ কৰি উত্তৰ পূৰ্বাঞ্চলত তাপ-বিদ্যুত শক্তিৰ উৎপাদন বৃদ্ধি কৰিব পাৰি।

এছিয়া উন্নয়নী বেংক, বিশ্ব বেংক, UNDP-ৰ দৰে আন্তৰ্জাতিক অনুষ্ঠানসমূহে উত্তৰ পূৰ্বাঞ্চলত পূবত কৰা নীতিত কাম কৰি আছে। আটাইতকৈ সন্তোষজনক কথাটো হৈছে চুবুৰীয়া দেশসমূহেও এই প্ৰচেষ্টাৰ সহযোগী হ’বলৈ আগবাঢ়ি আহিছে। চুবুৰীয়া ৰাজ্যসমূহলৈ চলাচল সহজ কৰি তুলিবলৈ আৰু মানুহ আৰু মানুহৰ মাজৰ সংযোগ সহজ কৰি তুলিবৰ বাবে সকলো ASEAN দেশৰ বাণিজ্য দূতাৱাস (Consulate) উত্তৰ পূৰ্বাঞ্চলত স্থাপন হোৱা দৰকাৰ। বাংলাদেশ আৰু ভূটানে ইতিমধ্যেই গুৱাহাটীত দূতাৱাস স্থাপন কৰিছে। নেপাল আৰু ম্যানমাৰেও একে পৰিকল্পনা কৰিছে। ছিংগাপুৰেও গুৱাহাটীত কৌশল উন্নয়ন কেন্দ্ৰ স্থাপন কৰিছে। জাপানৰ প্ৰযুক্তি আৰু বিনিয়োগ আকৰ্ষণ কৰিবলৈ জাপানৰ ইণ্ডিয়া এক্ট ইষ্ট ফ’ৰাম ইতিমধ্যেই প্ৰতিষ্ঠা হৈছে। টকিঅ’ উত্তৰ পূৰ্বাঞ্চলত পথ সংযোগ সম্প্ৰসাৰণৰ পৰা আৰম্ভ কৰি পানী যোগান, স্বাস্থ্য, জলসিঞ্চন, পৰিৱেশকে ধৰি বিভিন্ন ক্ষেত্ৰত জড়িত হৈ পৰিছে। আনকি ক’ভিড ১৯ অতিমাৰীৰ প্ৰথম ঢৌৰ সময়তো জাপানে উত্তৰ পূৰ্বাঞ্চললৈ সহায়ৰ হাত আগ বঢ়াইছিল। উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসালয়সমূহলৈ অক্সিজেনৰ যোগান অব্যাহত ৰাখিবলৈ জাপানে UNDP-ৰ সৈতে সহযোগ কৰি ৮ টা অক্সিজেন প্লাণ্টৰ যোগান ধৰিছিল। যোৱা কেইবছৰত চুবুৰীয়া দেশসমূহত QUAD, চীন আৰু জাপানে কৰা বিনিয়োগৰ পৰাও উত্তৰ পূৰ্বাঞ্চল পৰোক্ষভাৱে লাভাম্বিত হ’ব পাৰে। উদাহৰণস্বৰূপে বহুতো জাপানী কোম্পানীয়ে যোৱা কেইবছৰত বাংলাদেশ আৰু ম্যানমাৰত বিনিয়োগ কৰিছে। উদাহৰণস্বৰূপে ‘হোণ্ডা’ কোম্পানীয়ে বাংলাদেশত নতুনকৈ এটা এছেমব্লিং প্লাণ্ট প্ৰতিষ্ঠা কৰিছে। উত্তৰ পূৰ্বাঞ্চলে তাৰ অংশ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে আৰু সেইবোৰ বাংলাদেশলৈকে পঠাব পাৰে। জাপানৰ ফুজিট’ কোম্পানীয়ে য়াংগুণত ৰিয়েল ইষ্টেটৰ প্ৰকল্প হাতত লৈছে। অগ্ৰগামী প্ৰভাৱ (Forward effect)-ৰ সুবিধা লৈ উত্তৰ পূৰ্বাঞ্চলে এই প্ৰকল্পলৈ মূল সেৱাসমূহৰ যোগান ধৰিব পাৰে। 

গতিকে দেখা যায়, পূবত কৰা নীতিক ৰাজনৈতিক কাম-কাজৰ পৰা নিলগাই চালে আমি উত্তৰ পূৰ্বাঞ্চলে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ কাহিনীৰ নেতৃত্ব লোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পাওঁ। উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যৰ ভিতৰত অসমেই বিনিয়োগৰ ক্ষেত্ৰত ক্ষিপ্ৰ গতিত আগবাঢ়িছে। ITC, NATCO ফাৰ্মা, চান ফাৰ্মা, ডালমিয়া ভাৰত চিমেণ্ট, ইনফিলিটি, মহিন্দ্ৰ, স্পাইচজেট, পতঞ্জলি, ডাবৰ ইত্যাদি কোম্পানীৰ উপৰি এপল’, শংকৰ নেত্ৰালয়, ফ’ৰ্টিচ, নাৰায়ণা হেল্‌থ ইত্যাদি চিকিৎসালয়ৰ থূপে অসমত বিনিয়োগ কৰিছে। আগশাৰীৰ ঔষধ কোম্পানীয়েও উত্তৰ পূৰ্বাঞ্চলত উৎপাদন গোট স্থাপন কৰিছে। পূবত কৰা নীতিৰ অধীনত হোৱা আন্তঃগাঁথনিৰ উন্নয়ন আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিনিয়োগ অনুকূল আঁচনিয়ে বহিঃৰাজ্যৰ আৰু বহুজাতিক কোম্পানীক উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিছে। এইসমূহ যোগাত্মক ফলাফল। আশা কৰোঁ পূৰ্বত কৰা নীতি সম্প্ৰসাৰণ প্ৰভাৱ আৰু সন্ত্ৰসাৰিত হ’ব৷

ঠিকনা :

সহযোগী অধ্যাপিকা 

দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়, যোৰহাট

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close