Written by sdblogs2011 5:19 am Poems

উত্তৰসত্য

 মিণ্টুল হাজৰিকা

লখাইতৰা এটা সমাধি সৌধ

কথাটো ভালকৈ জানিছিল ফুজুৰীবায়ে

তথাপি তাই জৰায়ুৰ পেৰাটো খুলি এপদ এপদকৈ ধুইছিল 

মাণিকীমধুৰী সপোন

আৰু বেলিমুখত ৰ’দাইছিল …

মাজে-সময়ে তাই আতালৰ পৰা মেঘ পাৰি আনিও চোতালত ঢাৰি পাৰি শুকুৱাইছিল ৷

পাঠকে এইবোৰ অতিৰঞ্জিত কথা বুলি ভাবিব পাৰে,

… ভাবক৷ ফুজুৰীবাইক দেখাজনে জানে মঙহে মঙহৰ কাল হোৱা বুৰঞ্জীকথা

আনৰ চালত মূৰ গুজিলে দেহ বিজ্ঞানৰ কিদৰে কৰা হয় ভাগ বটোৱাৰা …

এদিনাখনৰ কথা, আইতাৰ মুখে শুনা

কুসুম তেল মূৰত সানি মাজেদি সেওঁতা ফালি

সিন্ধি দিছিল আদাবেঙা

সেইদিন ধৰি বাটে-পথে ধূলি, সৰাপাতৰ কিৰিলি

তাই বাট নসৰা হ’ল। মাজে মাজে বমি

সেয়ে তাই এলাগী

দুটামান আবেলিৰ বাটে-হাটে

সিঁচৰতি হৈ পৰিল তাইৰ কেঁচা হুমুনিয়াহ

তাৰে এটা-দুটা বুটলি নি কোনোবাই বিলাস পৰবত কথাৰ লগত চোবাইছিল

মিঠা নে তিতা

হাতেৰে পিহি চাইছিল মিহি নে খহটা

বিয়া-সবাহত তাই আছিল কৌতুকৰ ৰহঘৰা

অথচ বুকুত অনবৰতে লৈ ফুৰিছিল ধোঁৱা আৰু চিগাৰেটৰ চেকা

তাইৰ পঞ্চাছে গৰকা দেহৰ ওপৰেদি পাৰ হৈ গৈছে

শৰবিদ্ধ কেইবাটাও হালধীয়া বসন্ত

কথাবোৰ ৰাষ্ট্ৰ হ’বলৈ বেছিপৰ নালাগিল

দুটামান লুজনগুটি, এডোখৰ পাউৰুটি আৰু

পাঁচ মিনিটৰ এখন অৰণ্যৰ ছবি

কৌতুক অথবা ৰহস্যময ফুচফুচনি হৈ মুখ বাগৰিল

দেশ বাগৰিল

আৰু এদিন কেঁকনিত ৰাতি দুফাল কৰি

তাইৰ ভাগত পৰিল কেইডোখৰমান ধুমকেতু !

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close