Written by sdblogs2011 8:04 am Poems

উঁই হাফলুৰ ঘৰ

 অৰ্চনা পূজাৰী

পৰ্বতৰ শৃংগৰ এটি সৰু সংস্কৰণ

ভিতৰখন তলাতল ঘৰ

বিচুৰ্তি  হোৱাৰ পাল

কি দেখিলোঁ

কি দেখিলোঁ অ’ সৰুকণ

সামান্য পোক

খলপা-খলপি বিশাল সাম্ৰাজ্য

বাঁহগছৰ চুপাটোৰ গুৰিতে উঁইহাফলু

উঁইহাফলু ভাঙোতে

দেখিছিলি নে অ’ সৰুকণ

ৰত্নাকৰৰ ছাঁ

ওৰে বাটতো ভাবিলোঁ

এই খলাবমাৰ মাজতে

ৰত্নাকৰে পাপ মচি

নৱজন্ম লভিলে

হয়নে সৰুকণ

মনটো চিজিল হ’লে

আজিৰ ৰত্নাকৰবোৰো

বাল্মীকি হ’ব পাৰে

তই কি ভাব

ভাবিম আৰু কি, বৰদেউতা

পাপৰ প্ৰায়শ্চিত্ত হ’লে

ৰত্নাকৰ এদিন বাল্মীকি হয়

যুগ যুগ তোমালোকে

চকু টিপ নমৰাকৈ চাকি চাকি তেল পুৰি

ৰামায়ণ পঢ়িলা

ৰামৰ  গুণ-গান গালা, কিন্তু

অসহায় সীতাৰ পক্ষত

এষাৰো নামাতিলা

সেয়ে নেকি নাজানো

তোমালোকৰ ভকতি-কাকূতিবোৰ

“একেলগে বাজে বেসুৰা সুৰীয়াকৈ”

 আমাৰ কাণতশ্ৰব্য ৰূপ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

Visited 4 times, 1 visit(s) today
Website |  + posts
Close